নেশ্যনেল ডেস্ক,২৫ ডিচেম্বৰ :শেহতীয়াকৈ পাঞ্জাৱৰ লুধিয়ানাত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে (Blast in Ludhiana District Court)। বৃহস্পতিবাৰে সংঘটিত এই বিস্ফোৰণত এগৰাকী ব্যক্তিৰ মৃত্যু হয় । ইয়াৰ পাছতে সষ্টম হৈছে বিভিন্ন ৰাজ্যৰ আৰক্ষী । উগ্ৰপন্থীয়ে বোমা বিস্ফোৰণৰ বাবে বিভিন্ন পন্থা লোৱাৰ তথ্যও পোহৰলৈ আহিছে ।
ইয়াৰ মাজতে ঝাৰখণ্ড আৰক্ষীৰ এক বৃহৎ সফলতা । ৰাজ্যখনৰ লাতেহাৰ জিলাত উদ্ধাৰ প্ৰায় ২৫ টা টিফিন আৰু কেন বোমা (Tiffin and cane bombs recovered in Jharkhand)। জিলাখনৰ অৰণ্যত এক অভিযানৰ মাজতে আৰক্ষীয়ে উদ্ধাৰ কৰে বোমাকেইটা ।
এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আৰক্ষীৰ এটা দলে বোমা বিশেষজ্ঞৰ দলৰ সৈতে বৰৱাই কালান গাঁৱৰ ওচৰত অভিযান চলাইছিল । অভিযানৰ মাজতে উদ্ধাৰ হয় বোমাকেইটা ।