অসম

assam

ETV Bharat / bharat

Drone Movement At Punjab Border: সীমান্তৰ সিপাৰৰ পৰা ড্ৰোণ প্ৰৱেশৰ চেষ্টা কৰোতেই গুলীচালনা - BOP Kalia of Amarkot

পঞ্জাৱ সীমান্তৰ তৰণ তৰণত ড্ৰোণৰ অৱস্থিতি ৩ বাৰ প্ৰত্য়ক্ষ কৰাৰ পিছতেই গুলী বৰ্ষণ বিএছএফৰ (Drone Movement in Punjab Border)। গুলী চালনাৰ সময়ত 2 খন ড্ৰোণ উভতি যায় যদিও এখনৰ বিষয়ে নিশ্চিত তথ্য় লাভ কৰা নাই নিৰাপত্তাৰক্ষীয়ে ।

Drone Movement At Punjab Border
সীমান্তৰ সিপাৰৰ পৰা ড্ৰোণ প্ৰৱেশৰ চেষ্টা কৰোতেই গুলী

By

Published : Dec 4, 2022, 2:25 PM IST

নেশ্য়নেল ডেস্ক, 4 ডিচেম্বৰ:পাকিস্তানৰ চোৰাং ব্যৱসায়ীসকলে ভাৰতত অহৰ্নিশে অপৰাধমূলক কাৰ্যকলাপ চলাই আহিছে সীমান্তত (supplying arms and drugs through Drone)। সীমান্তৰ সিপাৰৰ পৰা ভাৰতত ড্ৰোণৰ জৰিয়তে অস্ত্ৰ-শস্ত্ৰ আৰু ড্ৰাগছ যোগান ধৰিবলৈ চেষ্টা চলাই আছে । শণিবাৰে নিশা পঞ্জাৱ সীমান্তৰ তৰ্ণ তৰণত ড্ৰোণৰ অৱস্থিতি ৩ বাৰ প্ৰত্য়ক্ষ কৰা হয় (Tarn Taran on the Punjab border)। ভাৰতীয় সেনাই ড্ৰোণৰ কাৰ্যকলাপ দেখাৰ লগে লগে গুলী চালনা কৰে । এই গুলী চালনাৰ সময়ত 2 খন ড্ৰোণ উভতি যায় । অৱশ্য়ে এখন ড্ৰোন ঘূৰি যোৱাৰ শব্দৰ বিষয়ে নিৰাপত্তাৰক্ষীয়ে জানিব পৰা নাই ।

বিএছএফৰ তথ্য অনুসৰি, যোৱা নিশা ১১ বজাত ভাৰত-পাক সীমান্তৰ তৰণ তৰণৰ অন্তৰ্গত অমৰকোটৰ বিঅ'পি কালিয়াত ড্ৰোণ প্ৰত্য়ক্ষ কৰা হয় (BOP Kalia of Amarkot)। তাৰ পিছত ২.৩০ বজাত ড্ৰোণৰ শব্দ শুনা গৈছিল । আনহাতে, পুনৰ পুৱা ৩ বজাত বিঅ'পি গজলত ড্ৰোণৰ শব্দ শুনা গৈছিল । অৱশ্য়ে জোৱানসকলে গুলীবৰ্ষণ কৰাৰ কিছু সময়ৰ পিছত ড্ৰোণৰ শব্দ বন্ধ হয় ।

আৰক্ষী সঞ্চালক প্ৰধান গৌৰৱ যাদৱে এই বিষয়ে টুইট কৰিছে (DGP Gaurav Yadav tweeted)। টুইটত তেওঁ উল্লেখ কৰে যে, সীমান্তৰ সিপাৰৰ চোৰাং সৰবৰাহ নেটৱৰ্কৰ বিৰুদ্ধে বিশেষ অভিযান চলাই তৰণ তৰণ থানাৰ আৰক্ষী আৰু বিএছএফে যুটীয়া অভিযানত পি এছ ভালতোহাৰ এলেকাত তালাচীৰ সময়ত এটা কোৱাডকপ্টাৰ ড্ৰোণত ৩ কেজি হেৰ'ইন উদ্ধাৰ হয় ।

লগতে পঢ়ক:Badaruddin Ajmal controversy : মৌলানা আজমলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী মাজুলীৰ সংগঠনৰ

ABOUT THE AUTHOR

...view details