আগৰতলা,১০ মে' :ত্ৰিপুৰাত কাঠৰ চোৰাং সৰবৰাহ অব্যাহত আছে (Wood smuggling in Tripura)। তাৰ মাজতে বন বিভাগ তথা আৰক্ষীয়েও ৰাজ্যখনৰ ভিন্ন প্ৰান্তত চোৰাং কাঠৰ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে । শেহতীয়াকৈ কাঠৰ চোৰাং সৰবৰাহ বন্ধ কৰিবলৈ বন বিভাগ অধিক সক্ৰিয় হৈছে । তেনে এক উদ্দেশ্য আগত ৰাখিয়ে যোৱা শনিবাৰে খোৱাই জিলাৰ অন্তৰ্গত তেলিয়ামুৰা বনাঞ্চলত বন বিভাগে এক অভিযান চলাইছিল ।
গোপন সূত্ৰৰ খবৰৰ ভিত্তিত তিনিগৰাকী বনকৰ্মীয়ে অভিযান চলাইছিল । কিন্তু অভিযানৰ মাজতে বনকৰ্মীক আক্ৰমণ কৰিছিল চোৰাং কাঠৰ ব্যৱসায়ীয়ে (Tripura forest guards and wood smugglers clash)। বনকৰ্মীক আক্ৰমণ কৰাৰ ঘটনাক লৈ তদন্ত চলি থকাৰ মাজতে সোমবাৰে গ্ৰেপ্তাৰ তিনিগৰাকী ঘটনাৰ অভিযুক্ত (Wood smugglers arrested in Tripura)।