নিউজ ডেস্ক, 19 ফেব্ৰুৱাৰী:অৱশেষত গ্ৰেপ্তাৰ হ'ল শ্ৰীনগৰৰ কৃষ্ণা ধাবাৰ মালিকৰ পুত্ৰক আক্ৰমণ কৰা তিনি সন্ত্ৰাসবাদী ৷ শুকুৰবাৰে কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে এই কথা সদৰী কৰে ৷
শ্ৰীনগৰত এখন সংবাদমেল সম্বোধন কৰি আৰক্ষী মহাপৰিদৰ্শক গৰাকীয়ে কয় যে, 17 ফেব্ৰুৱাৰীৰ আবেলি শ্ৰীনগৰৰ দালগেট অঞ্চলত এখন ধাবাৰ গৰাকীক মটৰচাইকেলত অহা তিনি জন দুস্কৃতিকাৰীয়ে আক্ৰমণ কৰে ৷ তেঁও কয় যে, এই তিনিজন আক্ৰমণকাৰীৰ মাজৰ দুজন পেম্পৰৰ আৰু অন্যজন পুলৱামাৰ ৷ তেওঁ লগতে এই কথাও জানিবলৈ দিয়ে যে তিনিওটা আক্ৰমণকাৰীয়ে নিজৰ অপৰাধৰ কথা স্বীকাৰ কৰিছে ৷