নেচনেল ডেস্ক,৩ জুলাই:পাকিস্তানৰ চোৰাংচোৱা সংস্থাই ভাৰতত স্থানীয় এজেণ্ট সৃষ্টি কৰি দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি থকাৰ সময়তে ৰাজস্থানৰ চুৰু জিলাত আৰক্ষীৰ জালত পৰিল তিনিজন পাক চোৰাংচোৱা(Three Pakistan spies caught in Rajasthan)। ৰতনগড় চুৰুত বাস কৰা বাৰমেৰৰ লোকজনে পাকিস্তানী চোৰাংচোৱা সংস্থালৈ কৌশলগত গুৰুত্বপূৰ্ণ প্ৰয়োজনীয় তথ্য প্ৰেৰণ কৰি আছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ । এই সূত্ৰটোৱে উল্লেখ কৰা মতে,চোৰাংচোৱা বিভাগৰ দ্বাৰা চলোৱা অভিযান অপাৰেচন চাৰহাদত গংগানগৰ,হনুমানগড় আৰু চুৰু জিলাত ২৩ জন সন্দেহজনক লোকক সোধা-পোছা কৰা হয় । এই সময়ছোৱাত চুৰু,গংগানগৰ আৰু হনুমানগড়ৰ তিনিজন ব্যক্তি পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে অহৰহ যোগাযোগত থকাৰ বিষয়ে তথ্য় লাভ কৰে।
আৰক্ষী সঞ্চালক প্ৰধান (চোৰাংচোৱা) উমেশ মিশ্ৰাই কয় যে পাকিস্তানী চোৰাংচোৱা সংস্থাসমূহে ভাৰতীয় নাগৰিক আৰু কৌশলগত গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানসমূহত কাম কৰা ব্যক্তিসকলক সামাজিক মাধ্যমৰ জৰিয়তে যোগাযোগ কৰি স্থানীয় এজেণ্ট হিচাপে গঢ়ি তুলি দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত ক্ষতি সাধন কৰাৰ প্ৰয়াস কৰি আছে (Director General of Police Intelligence Umesh Mishra of Rajastan)। আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে (চোৰাংচোৱা) উল্লেখ কৰে যে ইয়াৰ পূৰ্বে ২১ৰ পৰা ২৪ ডিচেম্বৰৰ ভিতৰত শ্ৰীগংগানগৰ আৰু হনুমানগড় জিলাত যোধপুৰ, বাৰমেৰ আৰু জয়সলমেৰত ১ ৰ পৰা ৪ মাৰ্চলৈ অভিযান চলোৱা হৈছিল। যোৱা ২৫ ৰ পৰা ২৮ জুনলৈ, শ্ৰীগঙ্গানগৰ,হনুমানগড় আৰু চুৰু জিলাত অভিযান চলোৱা হৈছিল।
জেৰাৰ সময়ত আৰক্ষীয়ে হনুমানগড়ৰ আব্দুল সাত্তাৰ,শ্ৰীগংগানগৰৰ বাসিন্দা নীতিন যাদৱ আৰু চুৰুৰ ৰতনগড়ত শেহতীয়াকৈ বাস কৰা বাৰমেৰৰ বাসিন্দা ৰাম সিঙে ছ'চিয়েল মিডিয়াৰ জৰিয়তে পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ কৰি থকাৰ তথ্য় লাভ কৰে। তিনিওজনে পাকিস্তানী চোৰাংচোৱা সংস্থাসমূহক কৌশলগত গুৰুত্বৰ সংবেদনশীল তথ্য প্ৰদান কৰি আছিল । তেওঁলোকে এই কামৰ বিনিময়ত পাকিস্তানী হেণ্ডেলাৰৰ পৰাও ধন লাভ কৰিছিল।