অসম

assam

ETV Bharat / bharat

Sri Lankan nationals illegally arrested: বেংগালুৰুত অবৈধভাৱে বাস কৰি থকা তিনি শ্ৰীলংকাৰ নাগৰিকক গ্ৰেপ্তাৰ - তিনি শ্ৰীলংকাৰ নাগৰিকক গ্ৰেপ্তাৰ

বেংগালুৰুৰ মহানগৰ অপৰাধ শাখা আৰক্ষীয়ে চহৰখনত অবৈধভাৱে বাস কৰা তিনি শ্ৰীলংকাৰ নাগৰিকক গ্ৰেপ্তাৰ কৰে ৷ 20 দিনৰ পূৰ্বে ভাৰতত প্ৰৱেশ কৰি ভিছা অবিহনে অবৈধভাৱে নাৱেৰে ভাৰতলৈ আহি শ্ৰীলংকাৰ নাগৰিককেইজনে য়েলাহাংকা আৰক্ষী থানাৰ অন্তৰ্গত বেংগালুৰু ক্ৰছৰ ওচৰৰ এটা এপাৰ্টমেণ্টত বাস কৰিছিল ৷

Sri Lankan nationals illegally arrested
বেংগালুৰুত অবৈধভাৱে বাস কৰি থকা তিনি শ্ৰীলংকাৰ নাগৰিকক গ্ৰেপ্তাৰ

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 10:49 PM IST

নেশ্যনেল ডেস্ক, 24 আগষ্ট :বৃহস্পতিবাৰে বেংগালুৰুৰ মহানগৰ অপৰাধ শাখা আৰক্ষীয়ে চহৰখনত অবৈধভাৱে বাস কৰা তিনি শ্ৰীলংকাৰ নাগৰিকক গ্ৰেপ্তাৰ কৰে ৷ জানিব পৰামতে ভিছা অবিহনে অবৈধভাৱে নাৱেৰে ভাৰতলৈ আহিছিল তিনি নাগৰিক ৷ তাৰ পিচতে তেওঁলোকে বেংগালুৰুলৈ আহিছিল ৷ আৰক্ষীয়ে জনোৱা অনুসৰি তিনি নাগৰিক জয় পাৰমেশ (42) নামৰ এজন লোকে তেওঁলোকক থাকিবলৈ ব্যৱস্থা কৰি দিছিল ৷ শ্ৰীলংকাৰ ধৃত তিনি নাগৰিক হৈছে কাচন কুমাৰ চানকা (36), অমিলা নুৱান (36), আৰু ৰঙা প্ৰসাদ (36) ৷

আৰক্ষীয়ে জনোৱা অনুসৰি, 20 দিনৰ পূৰ্বে ভাৰতত প্ৰৱেশ কৰা শ্ৰীলংকাৰ নাগৰিককেইজন য়েলাহাংকা আৰক্ষী থানাৰ অন্তৰ্গত বেংগালুৰু ক্ৰছৰ ওচৰৰ এটা এপাৰ্টমেণ্টত বাস কৰিছিল ৷ জানিব পৰামতে শ্ৰীলংকাত এই তিনি অভিযুক্তৰ বিৰুদ্ধে ধাৰাবাহিক হত্যাৰ গোচৰ আছে ৷ চিচিবিৰ প্ৰাথমিক তদন্তত কাছান কুমাৰৰ বিৰুদ্ধে চাৰিটা হত্যাৰ গোচৰ, অমিলা নুৱানৰ বিৰুদ্ধে পাঁচটা হত্যাৰ গোচৰ আৰু ৰঙাপ্ৰসাদৰ বিৰুদ্ধে দুটা হত্যা আৰু দুটা আক্ৰমণৰ গোচৰ ৰুজু কৰা হৈছে ৷

চিচিবিৰ অভিযানকালত তিনি অভিযুক্তৰ পৰা শ্ৰীলংকাৰ ঠিকনা, বাছৰ টিকট, কাগজৰ কাটিং, আৰু বহু লোকৰ আধাৰ কাৰ্ড আৰু ভোটাৰ পৰিচয় পত্ৰৰ জেৰক্স প্ৰতিলিপিৰ লগতে 13 টা মোবাইল ফোন জব্দ কৰা হৈছে ৷ অভিযুক্তকেইটাই বেংগালুৰুত অবৈধ কাৰ্য সংঘটিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল নেকি আৰক্ষীয়ে তাৰ তদন্ত অব্যাহত ৰাখিছে ৷

সম্প্ৰতি চিচিবি আৰক্ষীয়ে জয় পাৰমেশ আৰু তিনি শ্ৰীলংকাৰ নাগৰিকক জেৰা অব্যাহত ৰাখিছে ৷ কিন্তু তিনি অভিযুক্তই ইংৰাজী আৰু হিন্দী ভাষা বুজি নাপাই তেওঁলোকৰ স্থানীয় ভাষা কোৱাৰ বাবে জেৰাত বহুতো অসুবিধাৰ সন্মুখীন হৈছে বুলি জানিব পৰা গৈছে ৷

অৱশ্যে, এইটো জানিব পৰা গৈছে যে তৃতীয় পক্ষৰ (ব্যক্তি)ৰ সহায়ত চালেমৰ পৰা তিনিওজনকে অনা জয় পাৰমেশে তিনিওকে বেংগালুৰুত আশ্ৰয় দিছিল ৷ কিন্তু সম্প্ৰতি সেই তৃতীয় ব্যক্তিজনেও ফোনটো বন্ধ কৰি পলায়ন কৰে ৷ চিচিবি আৰক্ষীয়ে পলায়ন কৰা অভিযুক্তটোক বিচাৰি অভিযান অব্যাহত ৰাখিছে ৷ শ্ৰীলংকাৰ নাগৰিককেইজনক গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত য়ালাহাংকা আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে ৷

লগতে পঢ়ক:Legislative Assembly polls: তেলেংগানাৰ খনি মন্ত্ৰালয়ৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ পাটনাম মহেন্দৰ ৰেড্ডীৰ

ABOUT THE AUTHOR

...view details