অসম

assam

Machhal sector tragedy : মাচাল চেক্টৰত দুৰ্ঘটনাত পতিত হৈ ৩ জোৱানৰ মৃত্যু

By

Published : Jan 11, 2023, 1:52 PM IST

জম্মু-কাশ্মীৰৰ মাচাল চেক্টৰত শোকাৱহ দুৰ্ঘটনা (Tragic incident at Machhal sector)। দ' খাৱৈত পৰি নিহত ৩ গৰাকী সেনা জোৱান । দুৰ্ঘটনাত নিহত হৈছে নায়ক চুবেদাৰ (উপ) পৰশোতম কুমাৰ, হাবিলদাৰ অমৰিক সিং আৰু অমিত শৰ্মা ।

Machhal sector tragedy
মাচাল চেক্টৰত দুৰ্ঘটনাত পতিত হৈ ৩ জোৱানৰ মৃত্যু

নেশ্যনেল ডেস্ক,১১ জানুৱাৰী :জম্মু-কাশ্মীৰত পুনৰ নিহত ভাৰতীয় সেনা জোৱান । কুপৱাৰা জিলাৰ মাচাল চেক্টৰত কৰ্তব্যৰ মাজতে গভীৰ খাদত পৰি মৃত্যু তিনিগৰাকীকৈ বীৰ জোৱানৰ (3 Army death in Machhal sector)। দৈনিক কৰ্ম সম্পাদন কৰি থকাৰ মাজতে সৰ্বোচ্চ ত্যাগ কৰিলে সেনা জোৱান কেইগৰাকীয়ে ।

জানিব পৰা মতে ১০ জানুৱাৰীৰ সন্ধিয়া প্ৰায় ৫.৩০ মান বজাত মাচাল চেক্টৰত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনাটো । বৰফৰ মাজৰ এটা সৰু পথত নিয়মীয়া কৰ্ম সম্পাদন কৰি আছিল জোৱান কেইজনে । ফৰৱাৰ্ড পোষ্টৰ ফালে আগবাঢ়ি গৈ থকাৰ সময়তে ঠেক পথটোৰ কাষৰ বৰফ ভাঙি যায়, যাৰ ফলত এগৰাকী কনিষ্ঠ কমিছনড বিষয়া আৰু দুগৰাকী জোৱান গভীৰ খাদত পিছলি পৰে (Machhal sector incident)।

নিকটতম পোষ্টৰ সেনা জোৱানসকলে লগে লগে এক অনুসন্ধান আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে । প্ৰতিকূল বতৰ আৰু জটিল পৰিস্থিতিৰ মাজত অনুসন্ধানকাৰী দলৰ নিৰন্তৰ প্ৰচেষ্টাৰ অন্তত বুধবাৰে পুৱা প্ৰায় ৪:৪৫ মান বজাত তিনিওগৰাকী বীৰ সৈনিকৰ নশ্বৰ দেহ উদ্ধাৰ কৰা হয় । জানিব পৰা দুৰ্ঘটনাটোত নিহত নায়ক চুবেদাৰ (উপ) পৰশোতম কুমাৰৰ বয়স ৪৩ বছৰ আছিল আৰু তেওঁ ১৯৯৬ চনত সেনাত যোগদান কৰিছিল (NB Sub Parshotam Kumar dies)। তেওঁ জম্মু-কাশ্মীৰৰ জম্মু জিলাৰ মাজুয়া উত্তমীৰ আছিল । সাহসী সেনা জোৱানগৰাকীয়ে তেওঁৰ পত্নী আৰু দুই সন্তানক এৰি থৈ গৈছে ।

ইফালে দুৰ্ঘটনাত নিহত আন এগৰাকী জোৱান হৈছে হাবিলদাৰ অমৰিক সিঙৰ বয়স ৩৯ বছৰ আছিল আৰু তেওঁ ২০০১ চনত সেনাত যোগদান কৰিছিল (Hav Amrik Singh died in accident)। তেওঁ হিমাচল প্ৰদেশৰ উনা জিলাৰ মাৰোৱাৰীৰ আছিল । সাহসী জোৱানগৰাকীৰ ঘৰত আছে তেওঁৰ পত্নী আৰু পুত্ৰ । নিহত অমিত শৰ্মাৰ বয়স ২৩ বছৰ আছিল আৰু তেওঁ ২০১৯ চনত সেনাত যোগদান কৰিছিল (SEP Amit Sharma)। তেওঁ হিমাচল প্ৰদেশৰ হামিৰপুৰ জিলাৰ হামিৰপুৰৰ আছিল । জোৱানগৰাকী তেওঁৰ মাতৃক এৰি থৈ গৈছে ।

তিনিওগৰাকী সাহসী জোৱানৰ নশ্বৰ দেহ তেওঁলোকৰ নিজ নিজ বাসগৃহলৈ অন্তিম সংস্কাৰৰ বাবে প্ৰেৰণ কৰা হ'ব । য'ত তেওঁলোকক সম্পূৰ্ণ সামৰিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব । ইফালে সমগ্ৰ ঘটনাটোক লৈ ভাৰতীয় সেনাই শোক প্ৰকাশ কৰিছে । দুৰ্ঘটনাৰ খবৰ বিয়পি পৰাৰ পাছতে সমগ্ৰ দেশতে শোকৰ ছাঁ পৰিছে । ইফালে জোৱান কেইগৰাকীৰ বাসগৃহটো অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছে ।

লগতে পঢ়ক :Fog wreaks havoc in UP : ৰায়বেৰেলীত কুঁৱলীৰ বাবে ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ৩

ABOUT THE AUTHOR

...view details