অসম

assam

ETV Bharat / bharat

IN-SPACeৰ যাত্ৰাত ইছৰোৰ তিনি জ্যেষ্ঠ বিজ্ঞানীৰ নাম অন্তৰ্ভুক্ত - ইছৰো

National Space Promotion and Authorisation Center's (IN-SPACe)ৰ অধ্যক্ষ পদৰ বাবে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত ইছৰোৰ তিনিগৰাকী নিৰ্দেশক পৰ্যায়ৰ জ্যেষ্ঠ বিজ্ঞানীৰ নাম তালিকাকৰণ ৷ বিক্ৰম চাৰাভাই স্পেছ চেণ্টাৰ (VSSC)ৰ নিৰ্দেশক এছ. সোমনাথ, ইউ. আৰ. ৰাও ছেটেলাইট চেণ্টাৰ (URSC)ৰ নিৰ্দেশক পি. কুন্হিকৃষ্ণন আৰু ইছৰো ইনাৰচিয়েল চিষ্টেমছ ইউনিট (IISU)ৰ নিৰ্দেশক শ্যাম দয়াল দেৱৰ নাম এই পদৰ বাবে তালিকাভুক্ত কৰা হৈছে ৷

Three senior scientists of ISRO in race to head IN-SPACe
IN-SPACeৰ যাত্ৰাত ইছৰোৰ তিনি জ্যেষ্ঠ বিজ্ঞানীৰ নাম অন্তৰ্ভুক্ত

By

Published : Nov 28, 2020, 1:03 PM IST

নিউজ ডেস্ক,28 নৱেম্বৰ : প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত National Space Promotion and Authorisation Center's (IN-SPACe)ৰ অধ্যক্ষ পদৰ বাবে ইছৰোৰ তিনিগৰাকী নিৰ্দেশক পৰ্যায়ৰ জ্যেষ্ঠ বিজ্ঞানীৰ নাম তালিকাভুক্ত কৰা হৈছে ৷

উল্লেখ্য় যে,ভৱিষ্যতৰ মহাকাশৰ কাৰ্যসূচীত ব্যক্তিগত উদ্যোগৰ অংশগ্ৰহণৰ ক্ষেত্ৰত IN-SPACeয়ে গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিব ৷

বিক্ৰম চাৰাভাই স্পেছ চেণ্টাৰ (VSSC)ৰ নিৰ্দেশক এছ. সোমনাথ,ইউ. আৰ. ৰাও ছেটেলাইট চেণ্টাৰ (URSC)ৰ নিৰ্দেশক পি. কুন্হিকৃষ্ণন আৰু ইছৰো ইনাৰচিয়েল চিষ্টেমছ ইউনিট (IISU)ৰ নিৰ্দেশক শ্যাম দয়াল দেৱৰ নাম এই পদৰ বাবে তালিকাভুক্ত কৰা হৈছে ৷ ইটিভি ভাৰতৰ সূত্ৰই জনোৱা মতে,শীঘ্ৰেই কেন্দ্ৰই বিজ্ঞানী তিনিগৰাকীক নিয়োগৰ ঘোষণা কৰিব ৷

চলিত বৰ্ষৰ আৰম্ভণিতে কেন্দ্ৰীয় কেবিনেটে IN-SPACe স্থাপনৰ অনুমোদন দিছিল আৰু এই সংস্থাক এক ‘single-window nodal agency’ হিচাপে ঘোষণা কৰিছিল ৷ এই সংস্থাই ইছৰোৰ মহাকাশ অভিযানৰ লগতে ব্যক্তিগত উদ্যোগসমূহক অনুমতি আৰু পৰ্যবেক্ষণ কৰিব ।

লগতে পঢ়ক :হিমাচলত 1 ডিচেম্বৰৰ পৰা পুনৰ আৰম্ভ চিকিৎসা মহাবিদ্যালয়সমূহ

ABOUT THE AUTHOR

...view details