অসম

assam

ETV Bharat / bharat

চাকৰিৰ নামত যুৱতীসহ অসমৰ ৩ লোকক ঋষিকেশত আবদ্ধ কৰি ৰখাৰ অভিযোগ

পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকক হাৰাশাস্তিৰ অভিযোগ (Assam youth allegedly harassed outside state) । কেৱল হাৰাশাস্তিয়েই নহয়, আন্তৰাষ্ট্ৰীয় প্ৰতাৰণা চক্ৰই (International Fraud Circle) অভিযোগকাৰীক প্ৰৱঞ্চনামূলক কামত জড়িত হ'বলৈ হেঁচা প্ৰয়োগ কৰাৰো দাবী কৰা হৈছে । এই চাঞ্চল্যকৰ দাবী কৰিছে অসমৰ যুৱক অৰূপ কুমাৰে ।

By

Published : Oct 5, 2022, 2:07 PM IST

Assam
Assam

নেচনেল ডেস্ক, ৫ অক্টোবৰ :পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকক হাৰাশাস্তিৰ অভিযোগ (Assam youth allegedly harassed outside state) । কেৱল হাৰাশাস্তিয়েই নহয়, আন্তঃৰাষ্ট্ৰীয় প্ৰতাৰণা চক্ৰই (International Fraud Circle) অভিযোগকাৰীক প্ৰৱঞ্চনামূলক কামত জড়িত হ'বলৈ হেঁচা প্ৰয়োগ কৰাৰো দাবী কৰা হৈছে । যোগ কেন্দ্ৰ আৰু কল চেণ্টাৰৰ নামত চলাই আছিল এই প্ৰৱঞ্চনা । এই চাঞ্চল্যকৰ দাবী কৰিছে অসমৰ যুৱক অৰূপ কুমাৰে ।

উত্তৰাখণ্ডৰ ঋষিকেশৰ যমকেশ্বৰ খণ্ডৰ কুনাউন গাঁৱত (Rishikesh Yamkeshwar Block) আন্তঃৰাষ্ট্ৰীয় কেলেংকাৰী সম্পৰ্কীয় এটা চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে । য'ত অসমৰ এগৰাকী যুৱতীসহ তিনিজন লোকক বলপূৰ্বক বন্দী কৰি ৰখাৰ অভিযোগ উত্থাপিত হৈছে (charge of hostage) । উক্ত অভিযোগৰ পিছত লক্ষ্মণঝুলা আৰক্ষীয়ে বৰ্তমান গোচৰটোৰ তদন্ত আৰম্ভ কৰিছে (Rishikesh Laxmanjhula Police) ।

মানুহক প্ৰতাৰণা কৰিবলৈ তীব্ৰ হেঁচা : অসমৰ বাসিন্দা ২৮ বছৰীয়া অৰূপ কুমাৰৰ মতে, তেওঁক প্ৰায় তিনি সপ্তাহ পূৰ্বে চাকৰিৰ প্ৰস্তাৱ দি কুনাউন গাঁৱলৈ (Yamkeshwar Block Kunaun Village) মাতি নিয়া হৈছিল । তাত আছিল অসমৰে লিণ্ডা আৰু ৰিচাৰ্ড । গাঁওখনত উপস্থিত হোৱাৰ পিছত অপাৰেটৰসকলে তেওঁক আন্তৰ্জাতিক কল কৰি লোকসকলক প্ৰতাৰণা কৰিবলৈ হেঁচা দিছিল । কিন্তু সেয়া তেওঁ স্পষ্টভাৱে অস্বীকাৰ কৰিছিল ।

ইয়াৰ ফলত ক্ষুব্ধ হৈ অপাৰেটৰসকলে তেওঁক গাঁওখনৰ এটা ঘৰত আবদ্ধ কৰি ৰখা বুলি অৰূপৰ অভিযোগ । তিনি সপ্তাহ ধৰি তেওঁ তেনেদৰে অপাৰেটৰৰ কবলত আছিল । উক্ত সময়ছোৱাত তেওঁক অত্যাচাৰ কৰা হৈছিল আৰু মানুহক প্ৰতাৰণা কৰিবলৈ নিৰন্তৰ হেঁচা দিয়া হৈছিল । তেওঁ দাবী কৰে যে বুধবাৰে পুৱা সুযোগ বুজি তেওঁ তাৰ পৰা পলায়ন কৰে ।

মাৰপিট কৰাৰ অভিযোগ :অপাৰেটৰসকলে তাৰ পিছত চিলা-বেৰেজ ৰোডস্থিত কুমাওঁ কালভাৰ্টলৈকে তেওঁক খেদি খেদি গৈ ধৰে । ধৰাৰ পিছত তেওঁক মাৰধৰ কৰি তেওঁৰ মোবাইল ফোনটো কাঢ়ি লৈ গংগাত পেলাই দিয়ে । সুখৰ কথা যে সেই সময়তে স্থানীয় লোকসকল আহি ঘটনাস্থলীত উপস্থিত হয় আৰু অপাৰেটৰসকলে তাৰ পৰা পলায়ন কৰে । অৰূপে লগতে কয় যে এই ২১ দিনত তেওঁলোকে তাত বন্দী হৈ থকা মহিলা লিণ্ডাক অংকিতা ভাণ্ডাৰীৰ দৰে একে পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব বুলিও কেইবাবাৰো ভাবুকি দিছিল ।

চাকৰিৰ নামত যুৱতীসহ অসমৰ ৩ লোকক ঋষিকেশত আবদ্ধ কৰি ৰখাৰ অভিযোগ

আনহাতে, ঘটনাস্থলীত উপস্থিত স্থানীয় লোকসকলে প্ৰকাশ কৰা মতে, এগৰাকী যুৱতীসহ তিনিজন লোকক বেৰেজ দলঙৰ ওপৰত কিছু লোকে আক্ৰমণ কৰি আছিল । এই তথ্য ইতিমধ্যে ঋষিকেশ আৰক্ষী আৰু লক্ষ্মণ ঝুলা আৰক্ষীকো দিয়া হৈছিল । কিন্তু ঘটনাটো গুৰুতৰ হোৱা সত্ত্বেও আৰক্ষী আধা ঘণ্টা ধৰি ঘটনাস্থলীত উপস্থিত হোৱা নাছিল । যাৰ বাবে অভিযুক্তকেইজন পলাই যাবলৈ সক্ষম হয় ।

আৰক্ষী অধীক্ষকৰ তদন্তৰ নিৰ্দেশ : আনহাতে, নিজৰ বক্তব্যত অৰূপে উত্তৰ প্ৰদেশৰ বাসিন্দা অপাৰেটৰসকলৰ ভিতৰত পাঁচজন লোকৰ নামো প্ৰকাশ কৰিছে । এই কামত এগৰাকী যুৱতীও জড়িত বুলি তেওঁ প্ৰকাশ কৰিছে । উক্ত অভিযোগৰ ওপৰত আৰক্ষীয়ে বৰ্তমান গোচৰটোৰ তদন্ত কৰি আছে । অৱশ্যে বৰ্তমানলৈকে অভিযুক্তসকলৰ বিষয়ে একো সন্ধান পোৱা হোৱা নাই । সকলো অভিযুক্তয়ে বৰ্তমান পলাতক ।

ঘটনা সন্দৰ্ভত আৰক্ষী অধীক্ষক এছপি শেখৰ চুৱেলে কয় যে বিষয়টো এতিয়াও জ্ঞাত হোৱা নাই । লগতে স্থানীয় পৰ্যায়ত আৰক্ষীক তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলিও তেওঁ প্ৰকাশ কৰে ।

লগতে পঢ়ক :নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰিল বিবাহযাত্ৰীৰ বাছ: নিহত 25

ABOUT THE AUTHOR

...view details