আগৰতলা,১৬ ছেপ্টেম্বৰ :শেহতীয়াকৈ ত্ৰিপুৰাৰ আৰক্ষীৰ উগ্ৰপন্থী বিৰোধী (anti militants) স্থিতিয়ে বিশেষ চৰ্চা লাভ কৰিছে । ত্ৰিপুৰা আৰক্ষীৰ এই সবল স্থিতিৰ বাবেই বহু উগ্ৰপন্থী গ্ৰেপ্তাৰ হোৱাৰ লগতে বহু সংখ্যকে মূলসুঁতিলৈ উভতি আহিছে । এইবাৰ পুনৰ বিদ্ৰোহী সংগঠন এনএলএফটিৰ তিনিজনকৈ সদস্যই আৰক্ষীৰ হাতত আত্মসমৰ্পণ কৰে ।
এনএলএফটিৰ (পিডি) সদস্য তিনিজন ক্ৰমে উত্তৰ ত্ৰিপুৰাৰ আনন্দবজাৰ থানাৰ অন্তৰ্গত আলিন্দ্ৰ ৰিয়াং ওৰফে বেচিং ওৰফে সুজিতফা, আনিদা ৰেং ওৰফে য়াপাফুং মাঞ্জোই আৰু ড্ৰ কুমাৰ ৰিয়াং ওৰফে দুনিয়া মিলিকা । তিনিওজনে বাংলাদেশৰ বাঘাই জিলাৰ অধীনত থকা জুপুই শিবিৰৰ পৰা পলায়ন কৰি ১৫ ছেপ্টেম্বৰত আৰক্ষীৰ বিশেষ শাখাৰ ওচৰত আত্মসমৰ্পণ কৰে । আত্মসমৰ্পণৰ সময়ত তেওঁলোকে এটা .২২ পিষ্টল, সজীৱ গোলা-বাৰুদ আৰক্ষীক অৰ্পণ কৰে ।
আৰক্ষীৰ এক বিবৃতি অনুসৰি প্ৰাথমিক জেৰাৰ সময়ত এইটো প্ৰকাশ পাইছে যে তেওঁলোকে ২০১৩ চনত এনএলএফটি (NLFT) সংগঠনত যোগদান কৰিছিল আৰু আন সকলৰ সৈতে বাংলাদেশ এনএলএফটি শিবিৰত প্ৰশিক্ষণ লাভ কৰিছিল ।