নেশ্যনেল ডেস্ক, ১ জুলাই: জম্মু-কাশ্মীৰত অশান্ত পৰিস্থিতি অব্যাহত থকাৰ মাজতে বুধবাৰে কুলগাম জিলাৰ চিম্মাৰ অঞ্চলত 3 টা সন্ত্ৰাসবাদী নিহত হয় । বুধবাৰে আৰক্ষী আৰু সেনাই অঞ্চলটোত যুটীয়াভাৱে অভিযান চলায় । এই অভিযানৰ সময়তে নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ হয় । এই সংঘৰ্ষত নিৰাপত্তা বাহিনীৰ গুলীত ৩ টা সন্ত্ৰাসবাদী ধৰাশায়ী হয় ।
সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকাৰ বিষয়ে খবৰ লাভ কৰাৰ পাছতে আৰক্ষী আৰু সেনাই অঞ্চলটোত অভিযান আৰম্ভ কৰে । আৰক্ষীয়ে সন্ত্ৰাসবাদী নিহত হোৱাৰ কথা নিশ্চিত কৰিছে আৰু বৰ্তমানেও অভিযান অব্যাহত আছে ৷ বুধবাৰে জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ সৈতে হোৱা গুলীয়াগুলীত এজন সেনা আহত হৈছিল ।
মাজনিশা দাদাল গাঁৱত তালাচী অভিযানৰ সময়ত এই ঘটনা সংঘটিত হয় । আৰক্ষীয়ে জনোৱা মতে, সশস্ত্ৰ সন্দেহজনক লোক থকাৰ তথ্য লাভ কৰাৰ পিছত মঙলবাৰে সন্ধিয়া নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ গাঁও আৰু কাষৰীয়া অঞ্চলত নিৰাপত্তা বাহিনীয়ে অভিযান চলাইছিল । নিৰাপত্তা বাহিনীয়ে অভিযান চলোৱাৰ উমান পোৱাৰ পাছতে সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে ।