নেশ্যনেল ডেস্ক,২৫ জুলাই :জম্মু-কাশ্মীৰত সেনা আৰু সন্ত্ৰাসবাদীৰ (Militants) সংঘৰ্ষ অব্যাহত আছে । এটাৰ পিছত আনটো এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে জম্মু-কাশ্মীৰ অঞ্চলত । তেনে এক সংঘৰ্ষৰ মাজতে নিৰাপত্তা বাহিনীৰ গুলীত পুনৰ এজন সন্ত্ৰাসবাদী নিহত হয় ।
জম্মু-কাশ্মীৰৰ কুলগাম জিলাত চলি থকা সংঘৰ্ষত দেওবাৰে নিহত হয় অচিনাক্ত সন্ত্ৰাসবাদীজন । কুলাগামৰ মুনান্দ অঞ্চলত চলি আছিল সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী । ইফালে সন্ত্ৰাসবাদীজনৰ মৃত্যুৰ লগে লগে জম্মু-কাশ্মীৰত এই বছৰ নিহত হোৱা সন্ত্ৰাসবাদীৰ সংখ্যা হ'লগৈ মুঠ ১০১ জন ।
জানিব পৰা মতে, মুনান্দ অঞ্চলত এনকাউণ্টাৰ (Encounter) এতিয়াও অব্যাহত আছে । ইফালে ২৪ জুলাইত বান্দিপোৰাৰ চুম্বলাৰ অঞ্চলৰ শোকবাবা বনাঞ্চলত উগ্ৰপন্থী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘটিত সংঘৰ্ষত দুজন অচিনাক্ত উগ্ৰপন্থী নিহত হৈছিল আৰু এজন সৈনিক আহত হৈছিল ।