নেশ্যনেল ডেস্ক, 26 মে’: বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ কুপৱাৰাত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত তিনিজন সন্ত্ৰাসবাদী নিহত(Three LeT militants killed in an encounter) হয় । এই সংঘৰ্ষ সন্দৰ্ভত মন্তব্য কৰি জম্মু-কাশ্মীৰ আৰক্ষীয়ে কয় যে, কুপৱাৰাৰ জুমাগুণ্ড গাঁৱত সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ চেষ্টা অব্যাহত আছে ৷ এক গোপন সূত্ৰৰ জৰিয়তে লাভ কৰা তথ্যৰ ভিত্তিত এই এনকাউণ্টাৰ(Encounter in Kupwara) আৰম্ভ হৈছিল ।
নিহত সন্ত্ৰাসবাদী তিনিজন লস্কৰ-ই-তৈবা (এলইটি)ৰ সৈতে জড়িত থকাৰ কথা সদৰি কৰিছে আৰক্ষীয়ে । এক বিবৃতিত কাশ্মীৰ আৰক্ষীৰ মহাপৰিদৰ্শকে কয় যে, সন্ত্ৰাসবাদী সংগঠনটোৰ সৈতে জড়িত তিনিওজন সন্ত্ৰাসবাদীক হত্যা কৰা হৈছে । তেওঁলোকৰ পৰিচয় এতিয়াও উদ্ধাৰ কৰিব পৰা হোৱা নাই ৷ ঘটনাস্থলীৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদকে ধৰি আপত্তিজনক কেতবোৰ সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে ৷