নেশ্যনেল ডেস্ক, 16 জানুৱাৰী : "ৰাম কাৰো ব্যক্তিগত নহয়, ৰাম সকলোৰে, গতিকে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠালৈ সকলোৱে যাব লাগে, যাক যাক নিমন্ত্ৰণ জনাইছে তেওঁলোকো যাব লাগে, যিসকলক নিমন্ত্ৰণ জনোৱা হোৱা নাই তেওঁলোকো যাব লাগে ৷ ৰাম মন্দিৰ উদঘাটনলৈ নিমন্ত্ৰণ জনোৱাকেইজন কোন হয় ? ভাৰতীয় জনতা পাৰ্টীৰ ৰাম মন্দিৰ নহয়, যে তেওঁলোকে পাৰ্টীৰ কাৰ্যালয়লৈ মতাৰ দৰে নিমন্ত্ৰণ জনাইছে ৷ ৰাম মন্দিৰ য’ত নিৰ্মাণ কৰাৰ কথা আছিল, সেই ঠাইত নিৰ্মাণ হ’ল জানো ? য’ত মন্দিৰ নিৰ্মাণৰ বাবে বিতৰ্ক হৈছিল সেই ঠাইত মন্দিৰ নিৰ্মাণ নহ’ল ৷ মন্দিৰ নিৰ্মাণ হৈছে বাবৰি মছজিদৰ পৰা 3 কিলোমিটাৰ নিলগত ৷ এনেকে হ’লে সকলোৱে ৰাম মন্দিৰ নিৰ্মাণ কৰিব পাৰিলে হয় ৷ সেই বিতৰ্কিত ঠাইটো আজিও তেনেকৈয়ে পৰি আছে ৷ এয়া সৰ্বজন বিদিত ৷ আমি এই সন্দৰ্ভত কথা নাপাতো, এই সন্দৰ্ভত কথা পাতিব লাগে ভাৰতীয় জনতা পাৰ্টীয়েহে ৷ ময়ো ৰাম মন্দিৰলৈ যাম ৷" শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে ৰাম মন্দিৰৰ নিৰ্মাণক লৈ ভাৰতীয় জনতা পাৰ্টীক কটাক্ষ কৰি এই মন্তব্য প্ৰকাশ কৰে ৷
এই মন্তব্যৰ পিচতে এতিয়া সামাজিক মাধ্যমত ব্যাপক তোলপাৰ লাগিছে ৷ ব্যৱহাৰকাৰীসকলে সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ কোনো কোনোৱে এই মন্তব্যক সমৰ্থন কৰি সঁহাৰি প্ৰদান কৰাৰ বিপৰীতে কিছু লোকে ৰাউতক সমালোচনাৰে থকা সৰকা কৰিছে ৷ কোনোৱে আকৌ এই মন্তব্যক ৰাজনৈতিক পৰিপ্ৰেক্ষিতত লক্ষ্য কৰি মত প্ৰকাশ কৰিছে ৷