অসম

assam

By

Published : May 3, 2022, 9:20 PM IST

ETV Bharat / bharat

Attack on Sudip Roy Barman's driver and PSO : তিনিজনক আটক ত্ৰিপুৰা আৰক্ষীৰ

আগতলাৰ কৃষ্ণনগৰত সংঘটিত এই হিংসাত্মক ঘটনা সন্দৰ্ভত তিনিজনক আটক ৷ প্ৰাক্তন বিজেপি মন্ত্ৰী সুদ্বীপ ৰয় বৰ্মণৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী আৰু বাহন চালকক আক্ৰমণ কৰিছিল এদল দুৰ্বৃত্তই (Attack on Sudip Roy Barman's driver and PSO) ৷

Attack on Sudip Roy Barman's driver and PSO
Attack on Sudip Roy Barman's driver and PSO

আগৰতলা, 3 মে’ :মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ নিৰ্দেশৰ পাচতেই ত্ৰিপুৰা আৰক্ষীয়ে প্ৰাক্তন বিজেপি মন্ত্ৰী সুদ্বীপ ৰয় বৰ্মণৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী আৰু বাহন চালকক আক্ৰমণ কৰাৰ অভিযোগত তিনিজন লোকক আটক কৰিছে (Attack on Sudip Roy Barman's driver and PSO) ৷ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই কয় যে, এই ঘটনা সংঘটিত হোৱাৰ পাচতেই আৰক্ষীয়ে ক্ষীপ্ৰ তদন্ত আৰম্ভ কৰে আৰু সকলো চোৰাংচোৱাক সতৰ্ক কৰি দিছিল ৷ এই তদন্তৰ যোগেদি বৰ্তমানলৈকে তিনিজন লোকক আটক কৰা হৈছে (Three nabbed for attack on Sudip Roy Barman) ৷

আৰক্ষী বিষয়া গৰাকীয়ে লগতে কয় যে, তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে আৰু এই ঘটনাত জড়িত অধিক লোক আটক হোৱাৰ সম্ভাৱনা আছে ৷ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ এটা সূত্ৰই জনোৱা মতে, আগতলাৰ কৃষ্ণনগৰত সংঘটিত এই হিংসাত্মক ঘটনাৰ খবৰ পোৱাৰ পাচতে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে কথা পাতে ৷ ঘটনাত জড়িত সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবেও আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে ৷

সুদ্বীপ ৰয় বৰ্মণে অধিবক্তা সৌমিক দেৱক লগ কৰিবলৈ যোৱা অৱস্থাত তেওঁৰ বাহন চালক আৰু ব্যক্তিগত নিৰাপত্তাৰক্ষীগৰাকী আক্ৰমণৰ বলি হয় (Krishnanagar miscreant attack)৷

অধিবক্তা সৌমিক দেৱৰ চৌহদৰ ভিতৰত একাংশ দুস্কৃতিকাৰী সোমাই আহি চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ৰয় বৰ্মণৰ বাহন চালক আৰু নিৰাপত্তাৰক্ষীগৰাকীক ৷ আনকি বৰ্মণৰ বাহনৰ টায়াৰো ফুটাই দিয়ে দুস্কৃতিকাৰীয়ে ৷ নিৰাপত্তাৰক্ষীগৰাকীৰ পৰা চাৰ্ভিচ ৰিভলভাৰো দুৰ্বৃ্ত্তই কাঢ়ি লয় ৷

লগতে পঢ়ক :গাড়ী ৰখাৰ অপৰাধত ট্ৰাক চালকে আক্ৰমণ কৰিলে যান-বাহন আৰক্ষীৰ জোৱানক

ABOUT THE AUTHOR

...view details