নেশ্যনেল ডেস্ক,১৪ মাৰ্চ: উত্তৰ প্ৰদেশত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । পথৰ দাঁতিত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ তিনিটাকৈ মৃতদেহ । ৰাজ্যখনৰ মিৰ্জাপুৰৰ নান্দপুৰ গাঁৱত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ মৃতদেহ কেইটাৰ শৰীৰত তেজৰ দাগ আৰু আঘাত চিন পৰিলক্ষিত হয় ।
উত্তৰ প্ৰদেশত পথৰ দাঁতিত উদ্ধাৰ মৃতদেহ - পৰিত্যক্ত অৱস্থাত উদ্ধাৰ তিনিটাকৈ মৃতদেহ
উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে মিৰ্জাপুৰৰ নান্দপুৰ গাঁৱত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হোৱা তিনিটা মৃতদেহ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে । প্ৰাথমিক তদন্তৰ ভিত্তিত আৰক্ষীয়ে এয়া হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰে ।
উত্তৰ প্ৰদেশত পথৰ দাঁতিত উদ্ধাৰ মৃতদেহ
ঘটনা সন্দৰ্ভত প্ৰাথমিক তদন্তৰ ভিত্তিত আৰক্ষীয়ে এয়া হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰে । এই মূহুৰ্তলৈ এটা মৃতদেহো আৰক্ষীয়ে চিনাক্তকৰণ কৰিব পৰা নাই ৷ এটা মৃতদেহত এটা কাৰ্ট্ৰিজ পোৱা গৈছিল আৰু বিহাৰৰ ঠিকনাৰে এটা ডায়েৰী আন এটা মৃতদেহত পোৱা যায় । কিহৰ কাৰণে, কিয় এইদৰে তেওঁলোকক হত্যা কৰা হ'ল সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই । আৰক্ষীৰ প্ৰকৃত তদন্তত হে সম্পূৰ্ণ ৰহস্য ফাদিল হ'ব । এয়া হত্যা নে আত্মহত্যা । ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে ।