নেশ্যনেল ডেস্ক, ২৬ জুন : জম্মু-কাশ্মীৰত উগ্ৰপন্থী সংগঠনৰ কাৰ্যকলাপ অব্যাহত আছে ।শ্ৰীনগৰত পুনৰ উগ্ৰপন্থীয়ে আক্ৰমণ কৰে । শনিবাৰে চহৰখনৰ বৰবাৰশ্বাহ অঞ্চলত নিৰাপত্তা বাহিনীৰ ওপৰত উগ্ৰপন্থীয়ে কৰা গ্ৰেণেড আক্ৰমণত প্ৰায় তিনিগৰাকী লোক আহত হয় ।
এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে, সন্ধিয়া প্ৰায় ৬ মান বজাত ক্ৰালখুদ আৰক্ষী থানাৰ অন্তৰ্গত বৰবৰশ্বাহত চিআৰপিএফ (Crpf) আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ এটা যুটীয়া দলত উগ্ৰপন্থীয়ে গ্ৰেণেড (Grenade) নিক্ষেপ কৰে । বিষয়াগৰাকীয়ে লগতে কয় যে গ্ৰেণেডটো ৰাস্তাৰ কাষতে বিস্ফোৰিত হৈছিল ৷ এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটো সুৰক্ষা বাহিনীয়ে ঘেৰাও কৰি ৰাখিছে আৰু আক্ৰমণকাৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে ।
ইয়াৰ পূৰ্বে শুকুৰবাৰে দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ বিজবেহাৰা আৰক্ষী থানাক লক্ষ্য কৰি অচিনাক্ত দুৰ্বৃত্তই এটা হেণ্ড গ্ৰেণেড (Hand grenade) নিক্ষেপ কৰিছিল ।
অৱশ্যে গ্ৰেণেডটো বিস্ফোৰণৰ ফলত কোনো ধৰণৰ ক্ষয়-ক্ষতি হোৱা নাই । আৰক্ষীয়ে জনোৱা মতে, এই বিস্ফোৰণৰ পিছতে সমগ্ৰ অঞ্চলটোত নিৰাপত্তা বাহিনী নিয়োগ কৰা হয় ৷ ঘটনা সন্দৰ্ভত সকলো তথ্য অনন্তনাগ আৰক্ষীয়ে টুইটযোগে প্ৰকাশ কৰে ৷
আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ৭ মে'ত সন্ত্ৰাসবাদীয়ে জম্মু-কাশ্মীৰৰ পুৰণি শ্ৰীনগৰ চহৰৰ নৱা বজাৰ অঞ্চলত নিৰাপত্তাৰক্ষীৰ ওপৰত গ্ৰেণেড নিক্ষেপ কৰিছিল । জম্মু-কাশ্মীৰৰ শ্বপিয়ান জিলাৰ কানিগাম অঞ্চলত সংঘৰ্ষৰ সময়ত তিনিজন আল-বদৰ সন্ত্ৰাসবাদী (Al-Badr terrorists) নিহত হোৱাৰ এদিন পিছতে এজন সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰে ৷ শ্বপিয়ানৰ কানিগাম অঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতি সন্দৰ্ভত এক নিৰ্দিষ্ট ইনপুটৰ ভিত্তিত বৃহস্পতিবাৰে অঞ্চলটোত আৰক্ষী, ৪৪ আৰ আৰ আৰু ১৭৮ বেটেলিয়ান চি আৰ পি এফ-ৰ দ্বাৰা এক যুটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তালাচী অভিযান আৰম্ভ কৰে ৷
লগতে পঢ়ক:ক'ভিডৰ নতুন প্ৰকাৰ ডেল্টা প্লাছ কি ?