অসম

assam

ETV Bharat / bharat

মৰ্মান্তিক: মাটিৰ দ'মত আৱদ্ধ হৈ ৩টা শিশুৰ মৃত্যু - ৩টা শিশুৰ মৃত্যু.

ৰাজস্থানৰ ঝুনঝুনুত সংঘটিত হ'ল এক কৰুণ ঘটনা । মাটিৰ দ'মৰ ওপৰত খেলি থকা অৱস্থাতে মাটিৰ মাজত আৱদ্ধ হৈ প্ৰাণ হেৰুৱালে ৩টা শিশুৱে আৰু আহত হ'ল এটি শিশু ।

ৰাজস্থানত মাটিৰ দ'মত আবদ্ধ হৈ ৩টা শিশুৰ মৃত্যু
ৰাজস্থানত মাটিৰ দ'মত আবদ্ধ হৈ ৩টা শিশুৰ মৃত্যু

By

Published : Mar 22, 2021, 12:59 PM IST

নেশ্যনেল ডেস্ক, ২২ মাৰ্চ: ৰাজস্থানৰ ঝুনঝুনুত খেলি থকা সময়তে কৰুণ মৃত্যুক সাৱতিলে ৩টা শিশুৱে । শনিবাৰে ঝুনঝুনুৰ উদয়পুৰ্ৱতী আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলত থকা এটি মন্দিৰৰ সমীপত এই ঘটনা সংঘটিত হয় ।

আৰক্ষী অধীক্ষক মণীষ ত্ৰিপাঠীয়ে জনোৱা মতে, মন্দিৰৰ সমীপত থকা এটা মাটিৰ দ'মৰ ওপৰত চাৰিটা শিশুৱে খেলি আছিল । হঠাতে মাটিৰ মাজত শিশুকেইটা অৱদ্ধ হৈ পৰে । শিশু কেইটাই উশাহ-নিশাহ লোৱাত কষ্ট পায় আৰু ৩টা শিশুৰ মৃত্যু হয় ।

আটাইকেইটা শিশুক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও ৩টা শিশুক চিকিৎসকে মৃত ঘোষণা কৰে । আনহাতে, এটি শিশুক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । সম্প্ৰতি উন্নত চিকিৎসাৰ বাবে শিশুটিক জয়পুৰলৈ প্ৰেৰণ কৰা হৈছে । মৃত শিশুকেইটা হৈছে প্ৰিন্স(৭ বছৰ), সুৰেশ (৭ বছৰ) আৰু সোণা (১০ বছৰ) ।

লগতে পঢ়ক:বিদ্ৰোহী নেতাই বিবুধিত পেলাইছে ত্ৰিপুৰা বিজেপিক

ABOUT THE AUTHOR

...view details