নেশ্যনেল ডেস্ক, 29 ছেপ্টেম্বৰ:ঝাৰখণ্ডৰ সিমডেগাত জঘন্য ঘটনা পোহৰলৈ আহিছে (Minor girl gang rape)৷ এগৰাকী কিশোৰীক দলবদ্ধভাৱে ধৰ্ষণ কৰি অন্তঃসত্বা কৰিলে তিনি যুৱকে (Gang rape in Simdega)৷ ইয়াৰ পিছতে পোহৰলৈ আহিছে প্ৰকৃত তথ্য ৷
ঘটনা অনুসৰি এগৰাকী 14 বছৰীয়া এগৰাকী কিশোৰীক পেটৰ বিষত ভুগি থকাৰ বাবে সদৰ চিকিৎসালয়লৈ লৈ আহিছিল পিতৃ-মাতৃয়ে ৷ চিকিৎসকে পৰীক্ষা কৰাৰ পিছতে কিশোৰীগৰাকী অন্তঃসত্বা বুলি ঘৰৰ লোকক জানিবলৈ দিয়ে ৷ এই কথা পিতৃ-মাতৃৰ মূৰত সৰগ ভাগি পৰে ৷ লগে লগে কিশোৰীগৰাকীক এই দশা হোৱাৰ আঁৰৰ কথা সোধ-পোছ কৰে পিতৃ-মাতৃহালে ৷
তেতিয়া ভুক্তভোগী কিশোৰীগৰাকীয়ে কয় যে 5 জুন, 2022ত দুগৰাকী বান্ধৱীৰ সৈতে গৈ আছিল কিশোৰীগৰাকী ৷ তাৰ পিছতে দুই বান্ধৱীয়ে কিশোৰীগৰাকীক বলপূৰ্বকভাৱে এটা ঘৰৰ কোঠালৈ টানি লৈ গৈ কোঠাটোত থেলা মাৰি দুৱাৰখন বাহিৰৰ পৰা বন্ধ কৰি দিছিল ৷
ইয়াৰ পিছতে কিশোৰীগৰাকীয়ে পৰিস্থিতিৰ বুজ লয় মানে কোঠাটোকৈ তিনি যুৱকক পঠিয়াই দিছিল বান্ধৱী দুগৰাকীয়ে ৷ কিশোৰীগৰাকীয়ে বহুবাৰ কাকূতি মিনতি কৰাৰ পিছতো তিনি যুৱকে উপৰ্যুপৰি ধৰ্ষণ কৰে কিশোৰীগৰাকীক ৷ এই ঘটনাৰ পিছতে তিনি যুৱকসহ দুই বান্ধৱীয়ে ধৰ্ষণৰ বলি হোৱাৰ কথা আন লোকক কবলৈ বাধা দিয়ে ৷ অন্য লোকক এই জঘন্য ঘটনাৰ কথা ক’লে হত্যাৰ ভাবুকিও দিছিল বান্ধৱীগৰাকীয়ে৷ প্ৰাণৰ ভয়ত এই সমগ্ৰ ঘটনা লুকুৱাই ৰাখিছিল কিশোৰীগৰাকীয়ে ৷