অসম

assam

By

Published : Apr 22, 2023, 7:35 PM IST

ETV Bharat / bharat

Al Qaeda threating : অল কায়দাই কিয় ভাবুকি দিলে ভাৰতক ?

সন্ত্ৰাসবাদী সংগঠন অল-কায়দাৰ নামত ভাবুকি (Al Qaeda threat India)। কেইবাটাও ঘটনাৰ কথা উল্লেখ কৰি ভাৰতক প্ৰতিশোধৰ ভাবুকি দিছে অল-কায়দাই । আৰক্ষী আৰু সকলো নিৰাপত্তা সংস্থাক সতৰ্ক কৰি দিয়া হৈছে ।

Al Qaeda threating
অল-কায়দাই কিয় ভাবুকি দিলে ভাৰতক

নেশ্যনেল ডেস্ক,২২ এপ্ৰিল :উত্তৰ প্ৰদেশত আতিক আহমেদ আৰু আশ্ৰফৰ হত্যাৰ বাবে ভাৰতৰ বিৰুদ্ধে প্ৰতিশোধ ল'ব সন্ত্ৰাসবাদী সংগঠন অল-কায়দাই (Atiq Ahmed killed)! ইতিমধ্যে সন্ত্ৰাসবাদী সংগঠনটোৱে এই ক্ষেত্ৰত ভাৰতক ভাবুকি প্ৰদান কৰিছে । অল-কায়দাৰ নামত এখন ৭ পৃষ্ঠাৰ পত্ৰ মুকলি কৰা হৈছে য'ত আতিম আহমেদৰ হত্যাৰ প্ৰতিশোধ লোৱাৰ ভাবুকি দিয়া হৈছে ।

এই ভাবুকিৰ পাছতে ৰাজস্থান আৰক্ষী আৰু সকলো নিৰাপত্তা সংস্থা সতৰ্ক হৈ পৰিছে । গোটেই ঘটনাটো ৰাজস্থান আৰক্ষী মুখ্য কাৰ্যালয়ৰ দ্বাৰা নিৰীক্ষণ কৰা হৈছে । আই.বি., এটিএছ আৰু এছ.ও.জি.-ক সতৰ্ক কৰি দিয়া হৈছে । এই ভাবুকি পত্ৰত বিহাৰৰ হিংসাৰ কথাও উল্লেখ কৰা হৈছে ।

আৰক্ষী সঞ্চালক প্ৰধান উমেশ মিশ্ৰৰ মতে, ৰাজস্থানৰ সকলো নিৰাপত্তা সংস্থা সতৰ্ক হৈ আছে (Police reacts over Al Qaeda threat)। ৰাজ্যখনৰ স্পৰ্শকাতৰ অঞ্চলসমূহত বিশেষ নিৰীক্ষণ ৰখা হৈছে । সন্ত্ৰাসবাদী সংগঠন অল-কায়দাৰ নামত এই ভাবুকি দিয়া হৈছে নে আন কোনো সংগঠনে দিছে সেয়াও অনুসন্ধান কৰা হৈছে । সঞ্চালক প্ৰধানে এই গোচৰটোৰ দায়িত্ব এটিএছ-এছঅ'জি এডিজি অশোক ৰাথোড়ক হস্তান্তৰ কৰিছে ।

আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰফক ১৫ এপ্ৰিলত উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত হত্যা কৰা হৈছিল । আৰক্ষীৰ সন্মুখতে দুয়োকে গুলীয়াই হত্যা কৰা হৈছিল । হত্যাৰ এটা লাইভ ভিডিঅ'ও প্ৰকাশ পাইছিল । অৰুণ মৌৰ্য, ছানী আৰু লাভকেশ তিৱাৰী নামৰ তিনিজন লোকক এই হত্যাকাণ্ডটোত জড়িত থকাৰ অভিযোগত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে । উত্তৰ প্ৰদেশ আৰক্ষীয়ে হত্যাৰ ঘটনাটোৰ তদন্ত কৰি আছে । ইয়াৰ পূৰ্বে, আতিক আহমেদৰ পুত্ৰও এনকাউণ্টাৰত নিহত হৈছিল ।

ইফালে অল-কায়দাৰ নামত প্ৰতিশোধ লোৱাৰ ভাবুকি পোৱাৰ পাছতে সমগ্ৰ দেশৰ নিৰাপত্তা সংস্থাসমূহক সতৰ্ক কৰি দিয়া হৈছে (Alert over Al Qaeda threat)। আৰক্ষী আৰু গৃহ বিভাগে গোটেই বিষয়টো নিৰীক্ষণ কৰি আছে । কেৱল এয়াই নহয়, সন্ত্ৰাসবাদী সংগঠন অল-কায়দাৰ নামত ভাৰতৰ উপৰিও আন দেশসমূহকো পূৰ্বে ভাবুকি দিয়া হৈছিল । অল-কায়দাই চীন, বাংলাদেশ, চৌদি, আমেৰিকাকে ধৰি আন দেশসমূহকো ভাবুকি দিছে । এই ভাবুকিত কোৱা হৈছে যে বিহাৰ আৰু কাশ্মীৰত মুছলমানসকলক লক্ষ্য কৰি লোৱা হৈছে ।

লগতে পঢ়ক :Delhi Saket Court Firing : 25 লাখ টকীয়া লেন দেনৰ বাবেই অধিবক্তাৰ ওপৰত আক্ৰমণ; আটক অভিযুক্ত

ABOUT THE AUTHOR

...view details