অসম

assam

ETV Bharat / bharat

PM Modi on Odisha Train Crash : দোষীয়ে কঠোৰতম শাস্তি পাব, প্ৰধানমন্ত্ৰী মোদী - প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰীৰ সৈতে ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে বালাছোৰৰ ফকিৰ মোহন চিকিৎসালয়ত চিকিৎসাধীন লোকসকলক সাক্ষাৎ কৰে (PM Modi visited Odisha Train Crash spot) ।

PM Modi on Odisha Train Crash
PM Modi on Odisha Train Crash

By

Published : Jun 3, 2023, 7:04 PM IST

Updated : Jun 3, 2023, 10:07 PM IST

নিউজ ডেস্ক, ৩ জুন :ওড়িশাৰ বালাছোৰত সংঘটিত তিনিখন ৰে'লৰ দুৰ্ঘটনাৰ (triple train accident in Balasore Odisha) বাবে দোষীসকলক কঠোৰতম শাস্তি প্ৰদান কৰা হ'ব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে দুৰ্ঘটনাস্থলী পৰিদৰ্শনৰ পিছত এই কথা কয় (PM Modi on Odisha Train Crash) । উল্লেখ্য, সমগ্ৰ দেশ কঁপাই যোৱা ওড়িশাৰ বালাছোৰৰ ৰে'ল দুৰ্ঘটনাৰ বুজ ল'বলৈ দুৰ্ঘটনাস্থলীত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । তাৰ পিছত তেওঁ আহতসকল চিকিৎসাধীন হৈ থকা চিকিৎসালয় পৰিদৰ্শন কৰি আহতসকলৰ স্বাস্থ্যৰ বুজ লয় (PM Modi visited Odisha Train Crash spot) । মোদীয়ে লগতে কয় যে দুৰ্ঘটনাত যিয়ে নিজৰ পৰিয়ালৰ সদস্যক হেৰুৱাইছে তেওঁলোকৰ সৈতে চৰকাৰ আছে ।

উল্লেখ্য যে প্ৰধানমন্ত্ৰীৰ ঘটনাস্থলী পৰিদৰ্শনৰ সময়ত তেওঁক সংগ দিয়ে ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ (Railway Minister Ashwini Vaishnaw) আৰু কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে । মোদীৰ সৈতে তেওঁলোকেও বালাচোৰৰ ফকিৰ মোহন চিকিৎসালয়ত আহত লোকসকলক সাক্ষাৎ কৰে (Modi met survivors at Fakir Mohan Hospital) ।

"এইটো এটা বেদনাদায়ক ঘটনা । চৰকাৰে আঘাতপ্ৰাপ্তসকলৰ চিকিৎসাৰ বাবে চেষ্টাৰ কোনো ধৰণৰ ত্ৰুটি নাৰাখে । এইটো এটা গুৰুতৰ ঘটনা । প্ৰতিটো দিশৰ পৰা অনুসন্ধানৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে । দোষী সাব্যস্ত হোৱাসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়া হ'ব । ৰে'লৱেই ক্ষতিগ্ৰস্ত ট্ৰেক পুনৰ মেৰামতিৰ বাবে কাম কৰি আছে ।" প্ৰধানমন্ত্ৰী মোদীয়ে কয় ।

ইয়াৰ পূৰ্বে মোদীয়ে ওড়িশাৰ বালাছোৰ জিলাৰ বাহানাগাত সংঘটিত তিনিখন ৰে'লৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি সাহায্য আৰু পুনৰুদ্ধাৰ অভিযানৰ বুজ লয় । মোদীক অশ্বিনী বৈষ্ণৱ আৰু দুৰ্যোগ ব্যৱস্থাপনা দলৰ বিষয়াসকলে পৰিস্থিতিৰ বিষয়ে অৱগত কৰায় । তেওঁ স্থানীয় কৰ্তৃপক্ষৰ সৈতেও আলোচনাত মিলিত হয় আৰু দুৰ্ঘটনাস্থলীত আৰম্ভ কৰা উদ্ধাৰকাৰ্যৰ অগ্ৰগতিৰ বিষয়ে পুংখানুপংখভাৱে খবৰ লয় ।

মোদীয়ে পিছত কেবিনেট সচিব আৰু স্বাস্থ্য মন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হয় আৰু আঘাতপ্ৰাপ্ত লোক আৰু তেওঁলোকৰ পৰিয়ালক প্ৰয়োজনীয় সকলো প্ৰকাৰৰ সহায় প্ৰদান কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে । উল্লেখ্য, শালিমাৰ-চেন্নাই চেণ্ট্ৰেল ক'ৰ'মণ্ডল এক্সপ্ৰেছ, বেংগালুৰু-হাওৰা ছুপাৰফাষ্ট এক্সপ্ৰেছ আৰু এখন মালবাহী ৰে'লৰ সৈতে সংঘটিত এই দুৰ্ঘটনাটো দেশৰ ভিতৰতে আটাইতকৈ গুৰুতৰ দুৰ্ঘটনা হিচাপে পৰিগণিত হৈছে । শুকুৰবাৰে নিশা কলকাতাৰ পৰা প্ৰায় ২৫০ কিলোমিটাৰ দক্ষিণে আৰু ভুৱনেশ্বৰৰ পৰা ১৭০ কিলোমিটাৰ উত্তৰে বাহানাগা বজাৰ ষ্টেচনৰ ওচৰত সংঘটিত হয় এই দুৰ্ঘটনাটো ।

লগতে পঢ়ক :Odisha Train Accident : ১২৮ কিলোমিটাৰ বেগত আছিল ক'ৰ'মণ্ডল এক্সপ্ৰেছ; প্ৰাথমিক তদন্ত প্ৰতিবেদন প্ৰকাশ

Last Updated : Jun 3, 2023, 10:07 PM IST

ABOUT THE AUTHOR

...view details