নেশ্যনেল ডেস্ক, ২৬ মাৰ্চ :আইন শৃংখলা পৰিস্থিতি সন্দৰ্ভত পঞ্জাৱ চৰকাৰক প্ৰশংসা কৰে আম আদমি পাৰ্টীৰ (আপ) ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে (Kejriwal praises Punjab govt)। আপ নেতৃত্বাধীন ভগৱন্ত মান চৰকাৰক প্ৰশংসা কৰি তেওঁ কয় যে, ৰাজ্যখনত শান্তি, আইন-শৃংখলা দলটোৰ বাবে অতি গুৰুত্বপূৰ্ণ । শনিবাৰে ডেৰা সচখণ্ড বল্লানত শ্ৰী গুৰু ৰবিদাস বানী অধ্যয়ন কেন্দ্ৰ উদ্বোধন কৰাৰ পাচত তেওঁৰ ভাষণত কয় যে, যোৱা কেইদিনমানত কিছুমান লোকে পঞ্জাৱৰ পৰিৱেশ বিনষ্ট কৰিবলৈ চেষ্টা কৰি আছে । কিন্তু আপ চৰকাৰে এই ক্ষেত্ৰত কাকোৱে সফল হ'বলৈ নিদিয়ে (Kejriwal on Punjab law and order situation)।
কেজৰিৱালে কয় যে, কেতিয়াবা আইন-শৃংখলা বজাই ৰাখিবলৈ কঠোৰ সিদ্ধান্ত ল'ব লাগিব আৰু ভগৱন্ত মানৰ নেতৃত্বত আপ চৰকাৰে কঠোৰ সিদ্ধান্ত ল'বলৈ সক্ষম হৈছে । তেওঁ কয় যে, ভগৱন্ত মান চৰকাৰে পৰিস্থিতিটো সুন্দৰকৈ চম্ভালিছে আৰু আনকি এটাও গুলী নিক্ষেপ নকৰাকৈয়ে সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম হৈছে । পঞ্জাৱ আৰক্ষীৰ খালিস্তান বিৰোধী অভিযান চলি থকাৰ মাজতে কেজৰিৱালৰ এই মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে (Opeartion against Khalistan supporters)।
আপৰ ৰাষ্ট্ৰীয় আহ্বায়কে লগতে কয় যে, যিসকলে পঞ্জাৱৰ সাম্প্ৰদায়িক সম্প্ৰীতি আৰু শান্তি বিঘ্নিত কৰিবলৈ চেষ্টা কৰি আছে তেওঁলোকে ভয় খাইছে আৰু পলায়ন কৰিছে । পঞ্জাৱৰ শান্তিৰ প্ৰতি ভাবুকি আনিব পৰা বা ড্ৰাগছ বিক্ৰী কৰা কোনো লোককে এৰি দিয়া নহ'ব বুলিও তেওঁ সকীয়াই দিয়ে । তেওঁৰ মতে যদি ৩ কোটি পাঞ্জাৱী লোক চৰকাৰৰ সৈতে থাকে তেতিয়া কোনো ড্ৰাগছ সৰবৰাহকাৰীয়ে সাহস নাপাব (Punjab govt strict against drugs)।
কেজৰিৱালে কয় যে, ৰাজ্যখনত আম আদমি পাৰ্টী চৰকাৰ গঠন হোৱাৰ পাছত আইন-শৃংখলা পৰিস্থিতি উন্নত হৈছে । কিয়নো পূৰ্বৰ চৰকাৰৰ সময়ছোৱাত তেওঁলোকৰ বিধায়ক আৰু মন্ত্ৰীসকল গুণ্ডা, মাফিয়া আৰু অপৰাধীৰ সৈতে সহযোগত আছিল । কিন্তু আপ চৰকাৰে এতিয়া গুণ্ডা আৰু মাফিয়াক শাস্তি দিছে ।