অসম

assam

ETV Bharat / bharat

Memory loss: এনে ধৰণৰ খাদ্য হ’ব পাৰে পাহৰণিৰ কাৰণ, জানক এই সন্দৰ্ভত গৱেষণাই কি কয় - এই খাদ্যৰ পৰা স্মৃতিশক্তিত প্ৰভাৱ পৰিব পাৰে

এনে বহুতো খাদ্য আছে যি আমাৰ স্বাস্থ্যৰ পক্ষে বিষাক্ত পদাৰ্থৰ সমান, কিন্তু তথাপিও আমি সেইবোৰ দৈনিক বা নিয়মীয়াকৈ খাই আহিছো । এক গৱেষণা এই কথা পোহৰলৈ আহিছে যিয়ে পৰামৰ্শ দিয়ে যে, এই ধৰণৰ খাদ্যই পাহৰণিৰ সৃষ্টি কৰিব পাৰে ।

This type of food can become the cause of memory loss Research
এনে ধৰণৰ খাদ্য হ’ব পাৰে পাহৰণিৰ কাৰণ, জানক এই সন্দৰ্ভত গৱেষণাই কি কয়

By

Published : Dec 19, 2022, 6:16 PM IST

এনে বহুতো খাদ্য আছে যি আমাৰ স্বাস্থ্যৰ পক্ষে বিষাক্ত পদাৰ্থৰ সমান, কিন্তু তথাপিও আমি সেইবোৰ দৈনিক বা নিয়মীয়াকৈ খাই আহিছো(foods that cause memory loss) । এক গৱেষণা এই কথা পোহৰলৈ আহিছে যিয়ে পৰামৰ্শ দিয়ে যে, এই ধৰণৰ খাদ্যই পাহৰণিৰ সৃষ্টি কৰিব পাৰে । এই স্মৃতিশক্তি কাঢ়ি লোৱাৰ খাদ্যৰ অভ্যাস শিশুৰ ক্ষেত্ৰত বেছি দেখা যায়(Memory loss)। এই লেখাটোত গৱেষণাৰ মতে ইয়াৰ অসুবিধা আৰু ইয়াৰ পৰা দূৰত্ব বজাই ৰখাৰ কিছুমান ফলপ্ৰসূ উপায়ৰ বিষয়ে আমি আপোনালোকক জনাবলৈ ওলাইছো ।

এই খাদ্যৰ পৰা স্মৃতিশক্তিত প্ৰভাৱ পৰিব পাৰে

দৰাচলতে আমি বাহিৰা খাদ্য অৰ্থাৎ বাৰ্গাৰ আৰু চিপছৰ কথা কৈছো, যাক সংৰক্ষক খাদ্য(preservative food) বুলিও কোৱা হয় । এই ধৰণৰ প্ৰচেছড খাদ্যৰ সৈতে জড়িত গৱেষণা ব্ৰিটেইনত কৰা হৈছিল, যাৰ মতে এইবোৰ সেৱন কৰিলে শৰীৰত ৪০০ৰ পৰা ৫০০ কেলৰি গ্ৰহণ কৰা হয় । এই গৱেষণা প্ৰায় ৮ বছৰ ধৰি কৰা হৈছিল য’ত ১০৭৭৫ জন পুৰুষ আৰু মহিলাক অন্তৰ্ভুক্ত কৰা হৈছিল(what foods are good for memory)।

গৱেষণাত পোহৰলৈ আহিল

গৱেষণাত এই তথ্য প্ৰকাশ পাইছিল যে, যিসকল লোকক আল্ট্ৰা প্ৰচেছড খাদ্য অৰ্থাৎ বাৰ্গাৰ আৰু চিপছ দিয়া হৈছিল তেওঁলোকৰ স্মৃতিশক্তিৰ ওপৰত বেয়া প্ৰভাৱ পৰিছিল । গৱেষকসকলৰ মতে, এই ধৰণৰ খাদ্য খোৱাসকলৰ পাহৰণিৰ প্ৰভাৱৰ হাৰ আনতকৈ ২৮ শতাংশ বৃদ্ধি পাইছিল(what foods kill brain cells) । জামা নিউৰ’লজীত প্ৰকাশিত প্ৰতিবেদন অনুসৰি এই ধৰণৰ খাদ্য ৰাইজৰ দৈনন্দিন খাদ্যৰ ৫০ শতাংশ হৈ পৰিছে ।

এইবোৰ কথাও স্মৃতিশক্তি হেৰুৱাৰ কাৰণ হ’ব পাৰে

উল্লখ্য যে, গৱেষকসকলে কয় যে, কেৱল এই ধৰণৰ খাদ্যই নহয়, ব্যায়াম নকৰা, ধূমপান, ড্ৰাগছ সেৱন আদি সমস্যাৰ বাবেও হৃদযন্ত্ৰৰ সমস্যাও হ’ব পাৰে । বিশেষজ্ঞসকলে কয় যে, স্মৃতিশক্তি হেৰুৱাৰ পৰা ৰক্ষা পাবলৈ দৈনিক খোজ কঢ়া আৰু স্বাস্থ্যসন্মত খাদ্যাভ্যাসৰ নিয়ম মানি চলিব লাগে । ইয়াৰ উপৰিও সম্পূৰ্ণ টোপনি লোৱাটোও প্ৰয়োজনীয় ।

লগতে পঢ়ক:Rashmika Mandanna: নিজকে কেনেদৰে ফিট ৰাখে পুষ্পাৰ শ্ৰীৱল্লী ৰশ্মিকা মান্দানাই

ABOUT THE AUTHOR

...view details