অসম

assam

By

Published : May 10, 2023, 1:18 PM IST

ETV Bharat / bharat

Karnataka Polls 2023 : এইটোৱে মোৰ অন্তিম নিৰ্বাচন; ভোটদানৰ পিছত সিদ্দাৰামাইয়াৰ ঘোষণা

কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াই ঘোষণা কৰে যে তেওঁ এইবাৰ অন্তিমবাৰৰ বাবে ৰাজ্যিক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে । তেওঁ অৱশ্যে লগতে স্পষ্ট কৰি দিয়ে যে তেওঁৰ সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ ইচ্ছা নাই (Siddaramaiah announced his last election) ।

Karnataka Polls 2023
Karnataka Polls 2023

নিউজ ডেস্ক, ১০ মে' : কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াই (Former Karnataka Chief Minister Siddaramaiah) বুধবাৰে কৰ্ণাটক বিধানসভা নিৰ্বাচনত ভোটদান কৰাৰ পিছত এক বিস্ফোৰণ ঘটায় । সিদ্দাৰামাইয়াই কয় যে এই নিৰ্বাচনত তেওঁ অন্তিমবাৰৰ বাবে প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে । অৱশ্যে তেওঁ স্পষ্ট কৰি দিয়ে যে তেওঁ সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ লোৱা নাই (Siddaramaiah announced his last election) ।

আনহাতে, কৰ্ণাটক নিৰ্বাচনত ভোটাৰসকলৰ সঁহাৰি সন্দৰ্ভত তেওঁ কয়, "ভোটাৰসকলৰ পৰা যথেষ্ট সঁহাৰি পোৱা গৈছে (Karnataka assembly election 2023) । কংগ্ৰেছে নিজে চৰকাৰ গঠন কৰিব ।" লগতে তেওঁ আত্মবিশ্বাসেৰে প্ৰকাশ কৰে যে তেওঁ নিজে ৬০ শতাংশ ভোট লাভ কৰিব । উল্লেখ্য যে নিজৰ ভোটদানৰ পূৰ্বে তেওঁ বৰুণাৰ এটা মন্দিৰত প্ৰাৰ্থনা কৰিবলৈ যায় ।

উল্লেখ্য, বুধবাৰে পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া । দিনটোৰ আৰম্ভণিতে এক সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত সিদ্দাৰামাইয়াই কয় যে তেওঁ নিৰন্তৰভাৱে পুনৰাবৃত্তি কৰি আহিছে যে কংগ্ৰেছে ৰাজ্যিক নিৰ্বাচনত ১৩০ খনতকৈঅধিক আসন লাভ কৰিব । আসনৰ সংখ্যা ১৫০ খনলৈও বৃদ্ধি হ'ব পাৰে বুলিও তেওঁ লগতে কয় (congress demand form govt in Karnataka) । আনহাতে, বিজেপিক তীব্ৰ আক্ৰমণ কৰি তেওঁ কয়, "মই ভোটাৰসকলক কাম কৰা দলটোক ভোট দিবলৈ অনুৰোধ জনাইছোঁ ।"

প্ৰাক্তন মুখ্যমন্ত্ৰীজনে নিৰ্বাচনৰ পূৰ্বৰ পৰাই কৰ্ণাটকৰ বোম্মাই চৰকাৰক উপহাস কৰি আহিছে । কংগ্ৰেছে বিজেপিক "৪০ শতাংশ কমিছনৰ চৰকাৰ" বুলি উপলুঙা কৰিছে । আনহাতে, এই নিৰ্বাচনত দেশৰ ভৱিষ্যত জড়িত হৈ আছে বুলিও তেওঁ কয় । উল্লেখ্য যে কংগ্ৰেছৰ মিত্ৰজোঁটৰ প্ৰাক্তন অংশীদাৰ জে ডি এছৰ সৈতে মিত্ৰতা গঢ়ি তোলাৰ বিষয়ে সোধাত কৰ্ণাটক কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰে এনে সম্ভাৱনাক অস্বীকাৰ কৰি কয় যে কংগ্ৰেছে নিজে ৰাজ্যখনত চৰকাৰ গঠন কৰিব ।

উল্লেখ্য যে দক্ষিণ ভাৰতৰ ৰাজ্যখনত কংগ্ৰেছ শাসনত থাকোঁতে সম্পূৰ্ণ পাঁচ বছৰৰ কাৰ্যকালৰ বাবে শীৰ্ষ স্থানত সেৱা আগবঢ়োৱা কেইগৰাকীমান মুখ্যমন্ত্ৰীৰ ভিতৰত সিদ্দাৰামাইয়া অন্যতম আছিল । কংগ্ৰেছৰ প্ৰবীণ নেতাজনে এইবাৰো কোলাৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছিল । অৱশ্যে দলৰ হাইকমাণ্ডে তেওঁক বিকল্প সমষ্টি বাছনি কৰি দিয়ে । উল্লেখ্য, কৰ্ণাটকৰ নিৰ্বাচনৰ ভোটগণনা অহা শনিবাৰে অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :Karnataka Polls 2023 : কৰ্ণাটকত শান্তিপূৰ্ণভাৱে চলি আছে ভোটদান, পুৱা ১১ বজালৈকে ২০.৯৯ শতাংশ ভোটদান

ABOUT THE AUTHOR

...view details