অসম

assam

ETV Bharat / bharat

Eric Garcetti on Manipur Violence : এই প্ৰত্যাহ্বান ভাৰতীয়ৰ; আমেৰিকান ৰাষ্ট্ৰদূতৰ মন্তব্যৰ প্ৰতিক্ৰিয়া জয়ৰাম ৰমেশৰ - US Ambassador to India on Manipur issue

আমেৰিকাৰ ৰাষ্ট্ৰদূত এৰিক গাৰ্চেটিৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে এইটো হৈছে ভাৰতৰ আভ্যন্তৰীণ সমস্যা, যাক সংবেদনশীলতাৰে চম্ভালিব লাগিব আৰু সমাধান কৰিব লাগিব ।

Eric Garcetti on Manipur Violence
Eric Garcetti on Manipur Violence

By

Published : Jul 8, 2023, 6:23 PM IST

নিউজ ডেস্ক, ৮ জুলাই :আমেৰিকাৰ ৰাষ্ট্ৰদূত এৰিক গাৰ্চেটিয়ে মণিপুৰৰ হিংসাক গৰিহণা দিয়ে । লগতে বিচাৰিলে যিকোনো ধৰণে সহায় কৰিবলৈ আমেৰিকা সাজু বুলি উল্লেখ কৰে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে শুকুৰবাৰে কয় যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে ভাৰতত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতক ক'ব লাগে যে উত্তৰ-পূবৰ ৰাজ্যখনত তেওঁৰ কোনো ভূমিকা নাই । স্বাভাৱিক অৱস্থা পুনৰুদ্ধাৰৰ দায়িত্ব কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ওপৰত ন্যস্ত ।

"বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতক মাতি আনি স্পষ্ট ভাষাত ক'বনে যে মণিপুৰত আমেৰিকা যুক্তৰাষ্ট্ৰই পালন কৰিবলগা কোনো ভূমিকা নাই ? মণিপুৰত শান্তি আৰু সম্প্ৰীতি ঘূৰাই অনাৰ দায়িত্ব হৈছে বিশেষকৈ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, নাগৰিক সমাজ আৰু ৰাজ্যখনৰ ৰাজনৈতিক দলসমূহৰ ।" জয়ৰাম ৰমেশে শুকুৰবাৰে টুইট কৰে ।

লগতে কয় যে এইটো হৈছে ভাৰতৰ আভ্যন্তৰীণ সমস্যা, যাক সংবেদনশীলতাৰে চম্ভালিব লাগিব আৰু সমাধান কৰিব লাগিব । আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নীৰৱতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি কংগ্ৰেছ নেতাগৰাকীয়ে টুইট কৰি কয়, "প্ৰধানমন্ত্ৰী নীৰৱ আৰু গৃহমন্ত্ৰী অকাৰ্যকৰী হৈ পৰিছে । ইয়াৰ অৰ্থ এইটো নহয় যে আন কোনো দেশৰ বাবে কিবা কৰিবলৈ মুকলি কৰি দিয়া হৈছে । এইটো এটা ভাৰতীয় প্ৰত্যাহ্বান, যাক আমি ভাৰতীয় হিচাপে সংবেদনশীলতাৰে আৰু দৃঢ়তাৰে মোকাবিলা কৰিব লাগিব ।"

উল্লেখ্য, বৃহস্পতিবাৰে কলকাতাত এখন সংবাদমেল সম্বোধন কৰি গাৰ্চেটিয়ে কৈছিল, "উত্তৰ-পূৰ্বাঞ্চলত যথেষ্ট অগ্ৰগতি হৈছে আৰু শান্তি অবিহনে এয়া সম্ভৱ নহয় ।" বহু লোকে প্ৰাণ হেৰুওৱা আৰু গৃহহীন হৈ পৰা উত্তৰ-পূবৰ ৰাজ্যখনত জাতিগত হিংসাৰ সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতজনে কৈছিল যে মণিপুৰৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ যদি কোৱা হয় তেন্তে তেওঁৰ দেশ 'যিকোনো ধৰণে সহায় কৰিবলৈ' সাজু ।

অৱশ্যে তেওঁ তৎক্ষণাৎ যোগ দিয়ে যে মণিপুৰ হৈছে এটা 'ভাৰতীয় বিষয়' আৰু 'আমেৰিকা যুক্তৰাষ্ট্ৰই অঞ্চলটোত শান্তিৰ বাবে প্ৰাৰ্থনা কৰে । কিয়নো যদি শান্তি স্থাপন হয় তেন্তে অধিক সহযোগিতা, অধিক প্ৰকল্প আৰু অধিক বিনিয়োগ আনিব পাৰে' । ইফালে শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি গাৰ্চেটিৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয় যে বিদেশী কূটনীতিবিদসকলে সাধাৰণতে ভাৰতৰ আভ্যন্তৰীণ বিষয় সন্দৰ্ভত কোনো মন্তব্য নকৰে ।

"মই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতৰ মন্তব্যবোৰ দেখা নাই । আৰু যদি তেওঁ সেইবোৰ কৰিছে, তেনেহ'লে সেয়া আমি চাম । মই চাবলৈ সুযোগ পোৱা নাই, হয়তো এইমাত্ৰ ঘটিছে । মই ভাবোঁ, আপোনালোকে জানে... আমি তাত শান্তি চাবলৈও ভাল পাম । আৰু মই ভাবোঁ যে আমাৰ সংস্থা আৰু আমাৰ নিৰাপত্তা বাহিনীয়ে কাম কৰি আছে । লগতে আমাৰ স্থানীয় চৰকাৰেও ইয়াৰ ওপৰত কাম কৰি আছে । মই নিশ্চিত নহয় যে বিদেশী কূটনীতিবিদসকলে সাধাৰণতে ভাৰতৰ আভ্যন্তৰীণ উন্নয়নৰ ওপৰত মন্তব্য দিব, কিন্তু মই সঠিকভাৱে কি কোৱা হৈছে সেয়া নোচোৱাকৈ মন্তব্য দিবলৈ ভাল নাপাম ।" বাগচীয়ে কয় ।

উল্লেখ্য, মণিপুৰৰ অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়নে ৩ মে'ত মেইটেই সম্প্ৰদায়ৰ লোকসকলক অনুসূচিত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱৰ প্ৰতিবাদত এক সমদল উলিওৱাৰ পিছতে মণিপুৰত হিংসাত্মক ঘটনা সংঘটিত হয় । এই হিংসাত্মক ঘটনাত এই পৰ্যন্ত ১৩০ জনৰো অধিক লোক নিহত হৈছে, আন বহুতে সাহায্য শিবিৰত আশ্ৰয় ল'বলগা ।

লগতে পঢ়ক :Rahul Gandhi Modi Surname Case : ১২ জুলাইত ৰাহুল গান্ধীৰ সমৰ্থনত কংগ্ৰেছৰ মৌন সত্যাগ্ৰহ

ABOUT THE AUTHOR

...view details