অসম

assam

ETV Bharat / bharat

ভ্ৰষ্টাচাৰ বিৰোধী অভিযানত জম্মু কাশ্মীৰত 35 বিষয়াক নিলম্বন - ভ্ৰষ্টাচাৰ বিৰোধী অভিযান

জম্মু কাশ্মীৰত দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে অভিযান ৷ এই পৰ্যন্ত 35 গৰাকী শীৰ্ষ পৰ্যায়ৰ বিষয়াক নিলম্বন ৷ দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰে তাৎক্ষণিক ব্যৱস্থা ল'বলৈ নিৰ্দেশ জম্মু কাশ্মীৰৰ লেফটেনেন্ট জেনেৰেল মনোজ সিন্হাৰ ৷

ভ্ৰষ্টাচাৰ বিৰোধী অভিযানত জম্মু কাশ্মীৰত 35 বিষয়াক নিলম্বন
ভ্ৰষ্টাচাৰ বিৰোধী অভিযানত জম্মু কাশ্মীৰত 35 বিষয়াক নিলম্বন

By

Published : Nov 18, 2020, 8:49 PM IST

নতুন দিল্লী, 18 নৱেম্বৰ:জম্মু কাশ্মীৰত35 গৰাকীকৈ শীৰ্ষ বিষয়াক নিলম্বন ৷ শীৰ্ষ পৰ্যায়ৰ সূত্ৰই জানিবলৈ দিয়া মতে দুৰ্নীতিৰ অভিযোগত বিষয়া কেইগৰাকীক বুধবাৰে নিলম্বন কৰা হৈছে ৷

জানিব পৰা মতে খাদ্য , অসামৰিক যোগান আৰু ৰাজহুৱা বিতৰণ বিভাগৰ পাঁচগৰাকী , পৰিবহন বিভাগৰ দুগৰাকী, ৰাজহ আৰু গ্ৰামোন্নয়ন বিভাগৰ দুজন, বন, পৰিস্থিতি আৰু পৰিৱেশ বিভাগৰ 24 জন আৰু পাব্লিক ৱৰ্কছ বিভাগৰ মুঠ দুগৰাকী বিষয়াক নিলম্বন প্ৰক্ৰিয়াৰ অধীনত ৰখা হৈছে ৷

কেন্দ্ৰীয় শাসিত অঞ্চলত জম্মু কাশ্মীৰ প্ৰশাসনৰ ভ্ৰষ্টাচাৰ বিৰোধী অভিযানৰ সময়ত দুৰ্নীতিৰ অভিযোগত অভিযুক্ত এই বিষয়াসকলক নিলম্বনৰ সিদ্ধান্ত লোৱা হয় ৷ চলিত মাহত জম্মু কাশ্মীৰৰ প্ৰশাসনে দুৰ্নীতিগ্ৰস্ত বিষয়া সকলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে ৷

জানিব পৰা মতে দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীলতা বৃদ্ধি কৰি জম্মু কাশ্মীৰৰ লেফটেনেন্ট জেনেৰেল মনোজ সিন্হাই বিভিন্ন বিভাগ সমূহৰ দুৰ্নীতিগ্ৰস্ত বিষয়াসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ বাবে বিভাগসমূহৰ ভিজিলেন্স ইউনিট সমূহক অধিক সক্ৰিয় কৰি তোলাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ইয়াৰ লগতে জিলা পৰ্যায়তো দুৰ্নীতিগ্ৰস্ত বিষয়াসকলৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি অলপো বিলম্ব নকৰাকৈ গোচৰ তৰিবলৈ সিন্হাই নিৰ্দেশ প্ৰদান কৰিছে ৷

লগতে পঢ়ক:ৰাজনৈতিক হত্যাৰ বলি হৈছিল নেকি লাফিকুল ইচলাম !

ABOUT THE AUTHOR

...view details