অসম

assam

ETV Bharat / bharat

দিল্লীত তৃতীয় স্তৰ অতিক্ৰম কৰিছে ক'ভিড-19 ৰ সংখ্যাই - কৰ'ণা ৰোগী

দিল্লীত পুনৰ বৃদ্ধি পাইছে কৰ'ণা ৰোগীৰ সংখ্যা ৷ মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে তথ্য ৷ প্ৰদূষণ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য অৰবিন্দ কেজৰিৱালৰ ৷

Third wave of COVID-19 cases in Delhi: Arvind Kejriwal
দিল্লীত তৃতীয় স্তৰ অতিক্ৰম কৰিছে ক'ভিড-19 ৰ সংখ্যা

By

Published : Nov 4, 2020, 8:49 PM IST

নিউজ ডেস্ক, 4 নৱেম্বৰ :দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বুধবাৰে জনাই যে, ৰাষ্ট্ৰীয় ৰাজধানীখনত ক'ভিড-19 ৰ পৰিস্থিতিয়ে শেহতীয়াকৈ তৃতীয় স্তৰত অতিক্ৰম কৰিছে ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে আকৌ জনাই যে, ছেপ্তেম্বৰৰ পৰা অক্টোবৰলৈ ৰোগীৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছিল যদিও শেহতীয়াকৈ পুনৰ ৰাজধানীখনত কৰ'ণা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ৷ লগতে, ৰাজধানীখনত চিকিৎসালয়ৰ আন্তঃগাঁথনি, ৰোগীৰ আসনৰ সংখ্যা বৃদ্ধি কৰা হৈছে বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে জানিব দিয়ে ৷

আনহাতে, দিল্লীৰ প্ৰদূষণ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান মুখ্যমন্ত্ৰীৰ ৷ প্ৰদৃষণ ৰোধ কৰাৰ বাবে দিল্লী চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও সদৰি কৰে ৷ ৰাজধানীখনৰ পৰা প্ৰতিদিনে নিৰ্গত হোৱা লেতেৰা আৱৰ্জনাসমূহ দিল্লী চৰকাৰে জৈবিক সাৰলৈ ৰূপান্তৰ কৰিব বুলি জানিব দিয়ে ৷

লগতে পঢ়ক :প্ৰমোদ বড়োৰ দাবী : মছনদ দখল কৰিব নোৱাৰে বিপিএফে !

ABOUT THE AUTHOR

...view details