নিউজ ডেস্ক,19 এপ্ৰিল:কৰ'ণা অতিমাৰীৰ দ্বিতীয় ঢৌৱে দেশৰ সৰ্বত্ৰে এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে কেন্দ্ৰকো শংকিত কৰি তোলা পৰিলক্ষিত হৈছে ৷ যাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে অতি তৎপৰতাৰে 1 মে' ৰ পৰা তৃতীয় পৰ্যায়ত ক'ভিড-19 প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ প্ৰতিষেধক প্ৰদানৰ এই তৃতীয় পৰ্যায়ত 18 বছৰ উৰ্ধৰ সকলোৱে প্ৰতিষেধক গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব বুলিও কেন্দ্ৰই জানিবলৈ দিয়ে ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে অনুষ্ঠিত হোৱা এক বৈঠকৰ পাছতে সোমবাৰে কেন্দ্ৰই এই কথা ঘোষণা কৰে ৷ ক'ভিড -19 অতিমাৰীৰ সংক্ৰমণে এক ভয়াবহ দিশলৈ গতি কৰাৰ মাজতে কেন্দ্ৰই উদাৰ আৰু তৰান্বিত গতিত কৰ'ণাৰ প্ৰতিষেধক প্ৰদানৰ তৃতীয় পৰ্যায় আৰম্ভ কৰাৰ কথা ঘোষণা কৰে ৷
প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, অতি কম সময়ৰ ভিতৰতে যাতে গৰিষ্ঠ সংখ্যক ভাৰতীয় লোকে ক'ভিড-19 প্ৰতিষেধক লাভ কৰিব পাৰে তাৰ বাবে চৰকাৰে বিগত এটা বছৰ ধৰি কঠোৰ পৰিশ্ৰম স্বীকাৰ কৰিছে ৷