অসম

assam

ETV Bharat / bharat

Rishikesh International Yoga Festival: হৃষিকেশ আন্তঃৰাষ্ট্ৰীয় যোগ মহোৎসৱত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল - আন্তঃৰাষ্ট্ৰীয় যোগ মহোৎসৱ

সপ্তাহজোৰা কাৰ্যসূচীৰে হৃষিকেশৰ পৰমাৰ্থ নিকেতন আশ্ৰমত আয়োজন কৰা হৈছে 35 তম আন্তঃৰাষ্ট্ৰীয় যোগ মহোৎসৱৰ ৷ যোগ মহোৎসৱৰ (Rishikesh International Yoga Festival)তৃতীয় দিনা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Union Minister Sarbananda Sonowal) হৃষিকেশৰ পৰমাৰ্থ নিকেতন আশ্ৰমত উপস্থিত হয় ৷

third-evening-in-the-name-of-yoga-asanas-in-rishikesh-international-yoga-festival
হৃষিকেশ আন্তঃৰাষ্ট্ৰীয় যোগ মহোৎসৱত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

By

Published : Mar 11, 2023, 4:40 PM IST

Updated : Mar 11, 2023, 8:46 PM IST

হৃষিকেশ আন্তঃৰাষ্ট্ৰীয় যোগ মহোৎসৱত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

নেশ্যনেল ডেস্ক, 11 মাৰ্চ: বৈকুণ্ঠপুৰীলৈ পুৰীলৈ পৰিণত হৈছে সন্ত নগৰী হৃষিকেশ ৷ শুকুৰবাৰে আন্তঃৰাষ্ট্ৰীয় যোগ মহোৎসৱৰ (Rishikesh International Yoga Festival) তৃতীয় দিনা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Union Minister Sarbananda Sonowal) হৃষিকেশৰ পৰমাৰ্থ নিকেতন আশ্ৰমত উপস্থিত হয় ৷ যোগ মহোৎসৱত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অত্যন্ত উৎফুল্লিত হৈ পৰে (Third day of Yoga Festival)।

মন্ত্ৰীগৰাকীয়ে নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে " এই যোগ মহোৎসৱ দেখি মই অভিভূত হৈ পৰিছো ৷ বাস্তৱত ই অদ্ভুত আৰু অলৌকিক ৷ যোগত প্ৰেমৰ শক্তি নিহিত হৈ থাকে ৷ প্ৰেমৰ অন্য এটা ৰূপ যোগ, ই কেৱল মানুহৰ কাৰণেই নহয় সমগ্ৰ মানৱ জাতিটোৰ কাৰণেই ই প্ৰয়োজনীয় ৷ যোগৰ মাধ্য়মেৰে সকলোৰে অন্তৰত মানৱীয়তা জাগ্ৰত কৰিব পাৰি ৷"

উল্লেখ্য যে প্ৰতিবছৰৰ দৰে যোৱা 8 মাৰ্চৰ পৰা 14 মাৰ্চলৈ সপ্তাহজোৰা কাৰ্যসূচীৰে হৃষিকেশৰ পৰমাৰ্থ নিকেতন আশ্ৰমত আয়োজন কৰা হৈছে 35 তম আন্তঃৰাষ্ট্ৰীয় যোগ মহোৎসৱৰ ৷ ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়, পৰ্যটন মন্ত্ৰালয়, সংস্কৃতি মন্ত্ৰালয়ৰ জি-২০, ইনক্ৰেডিবল ইণ্ডিয়াৰ যুটীয়া পৃষ্ঠপোষকতাত এই বৃহৎ অনুষ্ঠানৰ আয়োজন কৰা হৈছে । বিশ্বৰ ভিতৰতে যোগ ৰাজধানী হিচাপে খ্যাত হৃষিকেশত আয়োজন কৰা এই যোগকলা দিৱসৰ উদযাপনত সমগ্ৰ বিশ্বৰ হাজাৰ হাজাৰ লোকে যোগদান কৰিছে (Yoga Asanas in International Yoga Festival) ৷

এই যোগ মহোৎসৱৰ বিশেষ আধ্যাত্মিক অধিৱেশনত স্বামী চিদানন্দ সৰস্বতী আৰু সাধ্বী ভগৱতী সৰস্বতীয়ে যোগ অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰে ৷ অনুষ্ঠানটোৰ দ্বিতীয় দিনা চুফী গায়ক কৈলাশ খেৰে তেওঁৰ সংগীতৰ যাদুৰে উপস্থিত লোকসকলক আপ্লুত কৰি তোলে ৷ ইয়াৰোপৰি দ্ৰোণাচাৰ্য বঁটা প্ৰাপ্ত মালখান গোটৰ অদ্ভুত নৃত্য প্ৰদৰ্শনে দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তোলে ৷

জানিব পৰামতে এতিয়ালৈ ৯০ খন দেশৰ অংশগ্ৰহণকাৰীয়ে হৃষিকেশ আন্তঃৰাষ্ট্ৰীয় যোগ মহোৎসৱত অংশগ্ৰহণ কৰিছে ৷ ইয়াৰ লগতে আগন্তুক কাৰ্যসূচীৰ বাবে ২৫ খনতকৈও অধিক দেশৰ ১১০০ তকৈও অধিক যোগ উৎসাহী লোক আৰু ৭৫ জনতকৈও অধিক যোগচাৰ্য্য হৃষিকেশত উপস্থিত হৈছেহি।

লগতে পঢ়ক:Kidney Health Tips: এই ৫বিধ সামগ্ৰীয়ে সুস্থ কৰি ৰাখিব আপোনাৰ বৃক্ক

Last Updated : Mar 11, 2023, 8:46 PM IST

ABOUT THE AUTHOR

...view details