অসম

assam

QR Code Scams: QR Code স্কেন কৰাৰ পূৰ্বে এবাৰ চিন্তা কৰক

By

Published : Nov 12, 2022, 8:09 PM IST

যিকোনো QR Code স্কেন কৰাৰ আগতে সাৱধান হ'ব (careful before scanning QR code) । WhatsApp আৰু ই-মেইলৰ জৰিয়তে অহা কোডবোৰ স্কেন নকৰিব । প্ৰতিটো QR Code-ৰ অধীনত সংশ্লিষ্ট সংগঠনৰ এটা URL আছে । এইটো মন কৰিব লাগে যে তাত কোম্পানীৰ নাম আছেনে নাই । আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে code scanning apps । যদি আপুনি সঠিকটো বাছনি নকৰে তেন্তে আপোনাৰ ব্যক্তিগত তথ্য ফাদিল হ'ব পাৰে ।

QR
QR

নিউজ ডেস্ক, ১২ নৱেম্বৰ :আপোনাৰ ঘৰৰ ওচৰৰ গেলামালৰ দোকনখনৰ পৰা অনলাইন শ্বপিংলৈকে (online shopping), সকলোতে এতিয়া QR codes উপলব্ধ (QR codes everywhere) । অধিক সংখ্যক লোকে অনলাইন লেনদেনৰ (online transactions) বাবে QR code স্কেন কৰে । আনহাতে, বিগত কেইবছৰমানত অনলাইন প্ৰৱঞ্চনাৰ (online fraud) ঘটনাও বৃদ্ধি পাইছে ।

প্ৰৱঞ্চকসকলে এই শেহতীয়া প্ৰযুক্তিটো মানুহক প্ৰৱঞ্চনা কৰিবলৈ ব্যৱহাৰ কৰা আৰম্ভ কৰিছে । কেৱল আপোনাক এটা ভুৱা কিউআৰ কোড স্কেন (scan fake QR code) কৰিবলৈ দিয়াৰ দ্বাৰা প্ৰৱঞ্চকসকলে আপোনাৰ সকলো ডাটা লাভ কৰিব পাৰে ।

বিশাল নামৰ এজন ছফ্টৱেৰ অভিযন্তাই অলপতে 'Know Your Customer'ৰ অংশ হিচাপে তেওঁৰ বিৱৰণ অনুৰোধ কৰি এটা মেইল পাইছিল আৰু তাৰ বাবে তেওঁ QR code স্কেন কৰিবলগা হৈছিল । বিশালে ভাবিছিল যে সেইটো বেংকৰ পৰা আহিছিল আৰু সেয়ে তেওঁৰ ফোনত QR code-টো স্কেন কৰিছিল ।

তাৰ দ্বাৰাই তেওঁৰ ফোনৰ সকলো তথ্য চাইবাৰ অপৰাধীৰ (cyber criminals) ওচৰলৈ গুচি যায় । কেৱল ব্যক্তিগত ফটো আৰু ভিডিঅ'ৱেই নহয়, ফোনটোত সঞ্চিত বেঙ্ক একাউণ্টৰ তথ্যও প্ৰৱঞ্চকসকলে লাভ কৰিছিল আৰু একাউণ্টটো অলপ সময়ৰ ভিতৰতে খালী হৈ পৰিছিল । তেওঁৰ ফটোবোৰ ৰূপান্তৰিত (edit) কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত সেইবোৰ বিশালক ভাবুকি দিবলৈ ব্যৱহাৰ কৰা হৈছিল ।

আন এটা কিউআৰ কোড কেলেংকাৰীত (QR code scam), বেংগালুৰুত প্ৰৱঞ্চকসকলে গ্ৰাহকসকলৰ বাবে ডাইনিং টেবুলৰ কাষত থকা QR code এটা তেওঁলোকৰ QR code-ৰ সৈতে সলনি কৰিছিল । ফলত গ্ৰাহকসকলে পৰিশোধ কৰা বিলবোৰ প্ৰৱঞ্চকৰ একাউণ্টত ক্ৰেডিট কৰা হৈছিল । শেহতীয়াভাৱে জানিব পৰা গৈছে যে অপৰাধীসকলে দিল্লীৰ কিছুমান পাৰ্কিং স্থানৰ QR code-ও সলনি কৰিছে ।

এইটো কেনেদৰে হয় ?

QR code কেলেংকাৰী এটাৰ লক্ষ্য হৈছে আপোনাক এনে এটা পৃষ্ঠালৈ লৈ যোৱা যাৰ জৰিয়তে আপোনাৰ ডাটা আৰু টকা চুৰি কৰিব পাৰি । বিমুদ্ৰাকৰণৰ পৰিপ্ৰেক্ষিতত অনলাইন আৰু QR code পৰিশোধ বৃদ্ধি পাইছে । এজন চাইবাৰ ফৰেনচিক বিশেষজ্ঞ কৃষ্ণশাস্ত্ৰী পেণ্ডিয়ালাই এই সন্দৰ্ভত কয়, "আপুনি স্কেন কৰাৰ আগতে চিন্তা কৰক ।

যিকোনো QR code স্কেন কৰাৰ আগতে সাৱধান হ'ব । WhatsApp-ৰ জৰিয়তে অহা কোডবোৰ আৰু ই-মেইলবোৰ স্কেন নকৰিব । প্ৰতিটো QR code-ৰ অধীনত সংশ্লিষ্ট সংগঠনৰ এটা URL আছে । এইটো মন কৰিব লাগে যে তাত কোম্পানীৰ নাম আছেনে নাই । আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে code scanning apps । যদি আপুনি সঠিকটো বাছনি নকৰে তেন্তে আপোনাৰ ব্যক্তিগত তথ্য ফাদিল হ'ব পাৰে ।"

শাস্ত্ৰীয়ে লগতে কয়, "যিকোনো পৰিশোধ সম্পৰ্কত আপুনি QR code স্কেন কৰাৰ পিছত যদি আপোনাক যিকোনো এপ্লিকেচন ডাউনলোড কৰিবলৈ কোৱা বাৰ্তা এটা পায়, আপুনি তাত সন্দেহ কৰা উচিত । এই এপ্লিকেচনত পাইৰেটেড ছফ্টৱেৰ (pirated software) থাকিব পাৰে। কিছুমান QR code স্কেন কৰাৰ পিছত, তেওঁলোকে ফোনটোৰ নিয়ন্ত্ৰণ লয় আৰু অপৰাধীসকলক বিৱৰণবোৰ প্ৰেৰণ কৰে । সকলোৱে তেওঁলোকৰ এণ্টিভাইৰাছ নিয়মীয়াকৈ তেওঁলোকৰ ফোনত আপডেট কৰা উচিত । প্ৰতিটো ব্যৱসায়িক প্ৰতিষ্ঠানে তেওঁলোকৰ QR code সঘনাই পৰীক্ষা কৰা উচিত ।"

QR code জালিয়াতি কেনেদৰে পৰিহাৰ কৰিব ?

QR code কেলেংকাৰীবোৰ ক্ৰমান্বয়ে প্ৰতাৰণামূলক হৈ পৰিছে । সুখৰ কথা যে কেলেংকাৰী হোৱাৰ আশংকা হ্ৰাস কৰিবলৈ আপুনি কিছুমান সৰল পদক্ষেপ ল'ব পাৰে । এনে কেলেংকাৰী পৰিহাৰ কৰিবলৈ আপুনি এটা QR code স্কেন কৰাৰ পিছত সদায়ে URL পৰীক্ষা কৰিব যাতে ই এক প্ৰামাণিক ছাইট হয় । এটা ভুৱা ডমেইন নাম (domain name) URL-ৰ দৰে একে হ'ব পাৰে, কিন্তু multiple typo-ৰ সৈতে ।

লগতে যেতিয়াই QR code-ৰ জৰিয়তে কোনো এটা অজ্ঞাত স্থানলৈ পৰিশোধ কৰা হয়, যিকোনো পৰিশোধ কৰাৰ আগতে ইয়াক প্ৰমাণিত কৰাটো নিশ্চিত কৰক । এই কেলেংকাৰীবোৰ পৰিহাৰ কৰাৰ এটা আটাইতকৈ গুৰুত্বপূৰ্ণ উপায় হ'ল আপোনাৰ OTP, UPI ID বা বেঙ্ক একাউণ্টৰ বিৱৰণ কেতিয়াও কাৰো সৈতে ভাগ-বতৰা নকৰিব, যিহেতু সেইবোৰ গোপনীয় ।

লগতে পঢ়ক :Short Term Investments: হ্ৰস্বম্যাদী বিনিয়োগত কিয় গ্ৰহণ কৰিব লাগে অতিৰিক্ত সতৰ্কতা ?

ABOUT THE AUTHOR

...view details