নিউজ ডেস্ক, 11 অক্টোবৰ: বুধবাৰে ইজৰাইল-পেলেষ্টাইন যুদ্ধই পঞ্চম দিনত ভৰি দিয়াৰ লগে লগে টেল আভিভে গাজাত আক্ৰমণ অব্যাহত ৰাখিছে ৷ দুয়োপক্ষৰ মানুহৰ মৃত্যুৰ সংখ্যাই ২২০০ অতিক্ৰম কৰিছে । ইজৰাইলৰ সেনাই শেহতীয়া আপডেটত কয় যে শনিবাৰে হামাছৰ আক্ৰমণৰ পিছত ১৫৫ জন সৈনিককে ধৰি ১২০০ ৰো অধিক লোকৰ মৃত্যু হৈছে । গাজাত ২৬০ জন শিশু আৰু ২৩০ গৰাকী মহিলাকে ধৰি ১০৫০ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৫১০০ জন লোক আহত হৈছে । ৰাষ্ট্ৰসংঘৰ পেলেষ্টাইনী শৰণাৰ্থী সংস্থাই প্ৰকাশ কৰা অনুসৰি গাজাত ২ লাখ ৫০ হাজাৰ লোক স্থানচ্যুত হৈছে ।
মিডৱেষ্ট ইণ্ডিয়াৰ ইজৰাইলৰ কনছুল জেনেৰেল কোব্বি শোশানীয়ে ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত হামাছক তীব্ৰ সমালোচনা কৰি কয় যে তেওঁলোকে যি কৰিলে সেয়া ‘মানৱতাৰ বিৰুদ্ধে অপৰাধ’। ইজৰাইলক সমৰ্থন কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰতক ধন্যবাদ জ্ঞাপন কৰে শোশানীয়ে ।
"যোৱা কেইদিনমানত আমি যি দেখিলোঁ সেয়া হৈছে নৈতিক আৰু গণতান্ত্ৰিক ৰাষ্ট্ৰ আৰু অগণতান্ত্ৰিক আৰু হিংসাত্মক সন্ত্ৰাসবাদী ৰাষ্ট্ৰৰ মাজত পাৰ্থক্য । আপোনালোকৰ প্ৰধানমন্ত্ৰীয়ে যি ঘোষণা কৰিলে সেয়া অতি স্পষ্ট বাৰ্তা । ইজৰাইলক সমৰ্থন কৰাৰ বাবে ভাৰতক ধন্যবাদ জনাইছো ।" শোশানীয়ে ক’লে ।
চলি থকা যুদ্ধৰ সন্দৰ্ভত ৰাছিয়াৰ ভ্লাদিমিৰ পুটিনৰ মন্তব্যৰ বিষয়ে সোধাত ইজৰাইলৰ দূতগৰাকীয়ে কয় যে “শিশু, মহিলা, বৃদ্ধক হত্যা কৰা” সকলৰ বিৰুদ্ধে স্পষ্ট কণ্ঠস্বৰ দেখা নাপাই তেওঁ অসন্তুষ্ট । "এইটো বৰ্তমান ৰাজনীতিৰ লগত কোনো সম্পৰ্ক নাই । ই মানৱতাৰ বিৰুদ্ধে অপৰাধ । এইবোৰ যুদ্ধাপৰাধ । মুছলমান ৰাষ্ট্ৰকে ধৰি সকলোৱে একত্ৰিত হৈ ইয়াক গৰিহণা দিয়া উচিত । এইবোৰ দুঠেঙীয়া জন্তু, মই ইয়াৰ বৰ্ণনাও কৰিব নোৱাৰো ।"
শোশানীয়ে কয় যে ইৰাণ আৰু হিজবুল্লাহৰ কিছুমান অজ্ঞাত সদস্য হামাছৰ আক্ৰমণত পৰোক্ষভাৱে জড়িত হোৱাটো “স্পষ্ট”। ইজৰাইলে গাজাত যিসকল সাধাৰণ নাগৰিকৰ ঘৰত বোমা বিস্ফোৰণ কৰিছে তেওঁলোকক আশ্ৰয় দিব নেকি বুলি সোধাত শোশানীয়ে কয়, "শুনক ! তেওঁলোকে আমাৰ ল'ৰা-ছোৱালীক হত্যা কৰিলে, তেওঁলোকে আমাৰ মহিলাক দুৰ্ব্যৱহাৰ কৰিলে, তেওঁলোকে আমাৰ পৰিয়ালৰ বৃদ্ধ সদস্যক হত্যা কৰিলে । তেওঁলোকে এনেকুৱা কাম কৰিলে যিটো মানৱতাৰ বিৰুদ্ধে । তেওঁলোকে যি কৰিলে তাৰ মূল্য পৰিশোধ কৰক ।"
তেওঁ লগতে কয় যে সকলোৱে ‘‘এই উগ্ৰবাদৰ বিৰুদ্ধে এনেদৰে যুঁজিব লাগিব যাতে সমগ্ৰ বিশ্বই ইয়াক দেখে, শুনে আৰু বুজি পায় ।’’ শোশানীয়ে কয় যে যদি তেওঁলোকে এয়া নকৰে তেন্তে ই এক ডাঙৰ ভুল হ’ব । ইজৰাইলত থকা ভাৰতীয়সকলৰ সন্দৰ্ভত তেওঁ কয় যে তেওঁলোকৰ অধিকাংশই নিৰাপদ আৰু টেল আভিভত থকা এটা “সক্ৰিয়” ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগত আছে । "ইজৰাইল যুদ্ধজৰ্জৰ হৈ আছে ,কিন্তু আমাৰ সুৰক্ষা প্ৰদানৰ ক্ষমতা আছে । আমাৰ হাতত 'আইৰন ড'ম' আছে । যিসকল ভাৰতীয়ই ইজৰাইল এৰিব বিচাৰে, মই জনাত, তেওঁলোকে যাব পাৰে ।"
শোশানীয়ে কয় যে তেওঁলোকে ভাৰতত থকা ইজৰাইলীসকলৰ পৰা অনুৰোধ লাভ কৰি আছে যাতে তেওঁলোকে নিজৰ দেশলৈ ঘূৰি অহাত সহায় কৰে ৷ যাতে তেওঁলোকে সশস্ত্ৰ বাহিনীক সমৰ্থন কৰে । "আমাৰ এতিয়া সম্পূৰ্ণ বেলেগ ইছ্যু আছে । ভাৰত তেওঁলোকৰ বাবে অতি জনপ্ৰিয় স্থান হোৱাৰ বাবে ইজৰাইলৰ বহু লোক আছে । সেই ইজৰাইলীসকলে উভতি গৈ ইজৰাইলৰ সেনাক সহায় কৰিব বিচাৰে । আমি তেওঁলোকক কেনেকৈ ঘৰলৈ ঘূৰাই পঠিয়াব পাৰি তাৰ সৈতে মোকাবিলা কৰি আছো । যাতে তেওঁলোকে বাহিনীক সহায় কৰিব পাৰে ।’’
লগতে পঢ়ক:Israeli-Palestinian war: যুদ্ধ অব্যাহত-অবৰ্ণনীয় পৰিস্থিতি গাজাত; মৃতকৰ সংখ্যা 2200 অতিক্ৰম