অসম

assam

ETV Bharat / bharat

Nail diseases: নখত এইধৰণৰ লক্ষণ দেখা দিলে লওক চিকিৎসকৰ পৰামৰ্শ

হাতৰ যত্ন লোৱাসকলে প্ৰায়ে নখৰ বিশেষ যত্ন লয় । আচলতে আমাৰ হাতৰ সৌন্দৰ্য বৃদ্ধিত নখে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । কিন্তু আপুনি জানেনে যে আপোনাৰ নখৰ সহায়ত আপুনি আপোনাৰ স্বাস্থ্যৰ বিষয়েও জানিব পাৰে । পঢ়ক সম্পূৰ্ণ প্ৰতিবেদন ৷

By

Published : Jan 26, 2023, 6:43 PM IST

These marks of nails are signs of these serious diseases identify them today
নখত এইধৰণৰ লক্ষণ দেখা দিলে লওক চিকিৎসকৰ পৰামৰ্শ

হাতৰ সৌন্দৰ্য বৃদ্ধি কৰা নখবোৰেও আমাৰ স্বাস্থ্যৰ ৰহস্য ব্যক্ত কৰে(Nail diseases)। আচৰিত কথাটো হ’ল- এই কথাটো সম্পূৰ্ণ সত্য । আচলতে নখৰ সহায়ত আপুনি আপোনাৰ স্বাস্থ্যৰ বিষয়ে জানিব পাৰে । নখৰ জৰিয়তে আপুনি আপোনাৰ ৰোগৰ বিষয়ে জানিব পাৰে । যদি আপুনি কোনো ৰোগ বা সমস্যাত ভুগি আছে তেন্তে আপোনাৰ নখত ইয়াৰ লক্ষণ দেখা দিব পাৰে(nail diseases and disorders)। এই কাৰণেই পুৰণি কালত ডাক্তৰে কেৱল নখ চায়েই ৰোগ ধৰা পেলাইছিল(how to cure nail diseases)। আজিও আপুনি নখৰ জৰিয়তে আপোনাৰ স্বাস্থ্য আৰু অসুস্থতাৰ বিষয়ে জানিব পাৰিব(health tips in Assamese)। গতিকে নখত দেখা পোৱা বিভিন্ন লক্ষণ আৰু ইয়াৰ সৈতে জড়িত ৰোগৰ বিষয়ে জানো আহক-

হালধীয়া নখ

নখ হালধীয়া হোৱাটো এটা সাধাৰণ সমস্যা, যিটো বহু কাৰণত হ’ব পাৰে । নেইলপলিচৰ অত্যধিক ব্যৱহাৰ বা বয়স বৃদ্ধিৰ বাহিৰেও আন বহু কাৰণত আপোনাৰ নখ হালধীয়া হ’ব পাৰে । কিন্তু কেতিয়াবা থাইৰয়ড বা ডায়েবেটিছৰ দৰে ৰোগৰ বাবে আপোনাৰ নখ হালধীয়া দেখাবলৈ আৰম্ভ কৰে । ইয়াৰ বাহিৰেও জণ্ডিচ হ’লেও নখবোৰ প্ৰায়ে হালধীয়া হৈ পৰে(Health Tips)।

নখত ক’লা দাগ বা ৰেখা দেখা যায়

যদি আপোনাৰ নখত ক’লা দাগ বা ৰেখা দেখা দিবলৈ আৰম্ভ কৰে, তেন্তে ইয়াক একেবাৰেই আওকাণ নকৰিব । সঁচাকৈয়ে ক’লা দাগ বা চিন কোনো গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে । এই ক’লা দাগ বা ৰেখাবোৰ ছালৰ কৰ্কট ৰোগৰ আটাইতকৈ বিপজ্জনক ৰূপ মেলানোমাৰ ফলত হ’ব পাৰে । এনে পৰিস্থিতিত যদি আপোনাৰ নখত এই চিন দেখা যায়, তেন্তে তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰক ।

নখবোৰ উঠি অহা বা ভাঁজ লগা

যদি আপোনাৰ নখবোৰ স্বাভাৱিকতকৈ ওপৰলৈ বা অলপ বেঁকা হয় তেন্তে তাৰ অৰ্থ হ’ল আপোনাৰ তেজত অক্সিজেনৰ অভাৱ । ইয়াৰ পৰাও দেখা যায় যে, আপোনাৰ হাওঁফাওঁৱে সঠিকভাৱে কাম কৰা নাই । ইয়াৰ বাহিৰেও যদি আপোনাৰ নখত এনে লক্ষণ দেখা দিয়ে, তেন্তে ই যকৃত, বৃক্ক, হৃদযন্ত্ৰ আৰু এইডছ আদি ৰোগৰ লক্ষণ হ’ব পাৰে ।

নখত বগা চিন

যদি আপুনি নখত বগা দাগ দেখিছে তেন্তে এয়া নেট ট্ৰমাৰ বাবে হ’ব পাৰে(nail diseases fungal infection treatment)। প্ৰায়ে নখত বগা দাগ দেখা পালে মানুহে ইয়াক গুৰুত্বসহকাৰে লোৱা নাই । কিন্তু যদি আপুনি নখত বগা দাগ দেখা পায়, তেন্তে তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰক । আচলতে বগা দাগ ভেঁকুৰৰ সংক্ৰমণৰ লক্ষণ হ’ব পাৰে ।

লগতে পঢ়ক:Republic Day 2023: গণৰাজ্য দিৱসত দেশৰ এই বিশেষ দিনটোত তৈয়াৰ কৰক এইসমূহ ত্ৰিৰঙী ব্যঞ্জন

ABOUT THE AUTHOR

...view details