বৃক্ক শৰীৰৰ অতি গুৰুত্বপূৰ্ণ অংশ । গোটেই দিনটো আমি যিয়েই খাওঁ । ই যিকোনো ৰূপতে তৰল বা কঠিন হ’ব পাৰে । এনেকুৱা নহয় যে আমি যি খাদ্য গ্ৰহণ কৰি আছো সেই আটাইবোৰ পুষ্টিকৰ । ইয়াৰ মাজতে কিছুমান এনে বিষাক্ত পদাৰ্থও শৰীৰত থাকে যিয়ে আমাৰ শৰীৰৰ গুৰুতৰ ক্ষতিসাধন কৰিব পাৰে ৷ যদি এই বিষাক্ত পদাৰ্থবোৰ দীৰ্ঘদিন ধৰি শৰীৰত থাকে, তেন্তে শৰীৰৰ আন আৰ্গনৰ ক্ষতি হোৱাৰ ভয়াৱহ আশংকা থাকে ।
এই বিষাক্ত পদাৰ্থবোৰ আঁতৰাবলৈ বৃক্কই কাম কৰে । কিন্তু ইয়াত মনত ৰাখিবলগীয়া কথাটো হ’ল যে বহুবাৰ বৃক্কই বেয়া অভ্যাসৰ বোজা বহন কৰিবলগীয়া হয় । আজি বিশ্ব বৃক্ক দিৱস সেয়েহে এই উপলক্ষে আমি জানিবলৈ চেষ্টা কৰিম যে, দৈনিক সেইসমূহ অভ্যাস, যাৰ ফলত আমাৰ বৃক্কৰ ক্ষতি হোৱাৰ আশংকা থাকে ।
1. অতিমাত্ৰা ছ’ডিয়াম, পটাছিয়াম গ্ৰহণ কৰা
শাক-পাচলি আৰু অন্যান্য খাদ্যত নিমখ ব্যৱহাৰ কৰা হয় । নিমখ ছডিয়ামেৰে গঠিত । বৃক্কই খাদ্যৰ জৰিয়তে শৰীৰলৈ যোৱা ছডিয়ামৰ ৯৫ শতাংশহে বিপাকীয় ক্ৰিয়া কৰে । যদি আপুনি অধিক ছডিয়াম গ্ৰহণ কৰে, তেন্তে বৃক্কৰ ওপৰত হেঁচা পৰে । সেয়েহে নিমখৰ পৰিমাণ হ্ৰাস কৰিব লাগে । একে সময়তে অধিক পটাছিয়াম সেৱন কৰিলেও বৃক্কৰ ক্ষতি হয় ।
২. কম পানী গ্ৰহণ কৰা
খোৱাপানী স্বাস্থ্যৰ বাবে উপকাৰী । ইয়াৰ প্ৰত্যক্ষ সংযোগ বৃক্কৰ স্বাস্থ্যৰ সৈতেও জড়িত । আচলতে যেতিয়া বৃক্কটোৱে বিষাক্ত পদাৰ্থ ফিল্টাৰ কৰি উলিয়াই লয়, তেতিয়া পানীয়ে ইয়াত ডাঙৰ সংগীৰ ভূমিকা পালন কৰে । যদি আপুনি কম পানী খায়, তেন্তে বৃক্কত ফিল্টাৰ কৰি থাকোঁতে বেছি চাপ থাকে । ইয়াৰ ফলত বৃক্কৰ ক্ষতি হয় । একে সময়তে কম পানী খাই বৃক্কতো শিল গঠন হ’বলৈ আৰম্ভ কৰে ।