দিনটোৰ প্ৰথম আহাৰ অৰ্থাৎ ব্ৰেকফাষ্ট কেতিয়াও এৰিব নালাগে । কোৱা হয় যে এজন ব্যক্তিয়ে ৰজাৰ দৰে ব্ৰেকফাষ্ট কৰিব লাগে, ইয়াৰ অৰ্থ হ’ল ব্ৰেকফাষ্ট সদায় ভৰপূৰ হ’ব লাগে আৰু পুষ্টিকৰ হ’ব লাগে । ব্ৰেকফাষ্ট এনেকুৱা হ’ব লাগে যাতে শৰীৰে শক্তি পায় লাভ কৰে ।
গতিকে আহক, আজি আমি আপোনালোকক কম এনেকুৱা ১০টামান ব্ৰেকফাষ্টৰ কথা যিবোৰ আপুনি দৌৰি থাকোঁতে মিনিটতে বনাব পাৰে ।
পোহা: পোহা অল টাইম ফেভৰেট ব্ৰেকফাষ্টৰ দৰে যিটো সকলোৱে খাই ভাল পায় । পোহাৰ ওপৰত সেউজীয়া ধনীয়া আৰু নিমখ দিলে ইয়াৰ সোৱাদ আৰু অধিক বৃদ্ধি পায় । ইন্দোৰত পোহাত বিশেষ মছলা ব্যৱহাৰ কৰা হয় যাক জীৰাবন বুলি কোৱা হয় ।
উপমা: চুজিৰ পৰা তৈয়াৰী উপমা ব্ৰেকফাষ্টত বনাবলৈ অতি সহজ আৰু ইয়াক খাবলৈও অতি সোৱাদযুক্ত । তাত আপোনাৰ পছন্দৰ শাক-পাচলি দিব পাৰে । চুজি বনোৱাৰ পিছত যদি শেষত দৈ দিয়ে, তেন্তে তাৰ সোৱাদ ঠিক ৰেষ্টুৰেণ্টৰ দৰেই হ’ব ।
যৱ:ব্ৰেকফাষ্টত বৰ সহজে প্ৰস্তুত কৰা হয় আৰু ইয়াৰ সোৱাদ সকলোৱে ভাল পায় । ইয়াত আপোনাৰ পছন্দৰ যিকোনো শাক-পাচলিও দিব পাৰে । যৱ, চুজি আৰু মৈদা দুয়োবিধ । ইয়াক পুষ্টিকৰ কৰিবলৈ ইয়াত পানীৰ পৰিমাণ সঠিক হ’ব লাগে ।