অসম

assam

ETV Bharat / bharat

Summer drinks: গ্ৰীষ্মকালত শৰীৰৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ গ্ৰহণ কৰক এই ৫বিধ পানীয়

শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণত ৰাখিবলৈ তথা শৰীৰৰ শীতলতা বজাই ৰাখিবলৈ হাইড্ৰেটেড হৈ থকাটো অতি প্ৰয়োজনীয় । এনে পৰিস্থিতিত নিশ্চিতভাৱে খাদ্যত অন্তৰ্ভুক্ত কৰক এই পাঁচবিধ গ্ৰীষ্মকালীন পানীয় ।

These 5 summer drinks will keep you cool even in the scorching heat body and mind will be refreshed
গ্ৰীষ্মকালত শৰীৰৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ গ্ৰহণ কৰক এই ৫বিধ পানীয়

By

Published : Apr 11, 2023, 10:14 PM IST

ভাৰতৰ বহু ৰাজ্যত গৰমৰ বতৰে ভয়াৱহ ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰিছে । এনে পৰিস্থিতিত নিজকে শীতল কৰি ৰখাটো অতি প্ৰয়োজনীয় । জুইৰ দৰে গৰমে আমাৰ শৰীৰত ক্ষতি কৰিব পাৰে, যাৰ ফলত ডিহাইড্ৰেচন, ভাগৰ আৰু হিট ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় । শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণত ৰাখিবলৈ আৰু শীতলতা বজাই ৰাখিবলৈ হাইড্ৰেটেড হৈ থকাটো প্ৰয়োজনীয় (Scorching Heat) । আজি আমি পাঁচটা গ্ৰীষ্মকালীন পানীয়ৰ বিষয়ে আপোনালোকক ক'বলৈ গৈ আছো, যিয়ে আপোনাক গৰমৰ দিনতো শীতল আৰু সতেজ হৈ থকাত সহায় কৰিব (Drinks For Summer) ।

নেমু পানী

নেমু পানী হৈছে গ্ৰীষ্মকালীন ক্লাছিক পানীয় যিটো বনাবলৈ সহজ আৰু শৰীৰক তৎক্ষণাত সতেজতা প্ৰদান কৰে । ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন C থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি আৰু আপোনাক জলসিঞ্চিত কৰি ৰখাত সহায় কৰে (What do you drink in hot summer) ।

তৰমুজৰ ৰস

তৰমুজত পানীৰ পৰিমাণ প্ৰচুৰ আৰু ইলেক্ট্ৰলাইটৰ এক উত্তম উৎস, যাৰ বাবে ই গৰমক পৰাস্ত কৰিবলৈ এক উত্তম পানীয় । তৰমুজতো এন্টিঅক্সিডেন্ট থাকে যিয়ে বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে (What is the most refreshing drink) ।

নাৰিকল পানী

নাৰিকল পানী হৈছে প্ৰাকৃতিক ইলেক্ট্ৰলাইটযুক্ত পানীয় যিয়ে শৰীৰৰ তৰল পদাৰ্থৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে (Which drink is good for cooling) । ইয়াত কেলৰি কম, পটাছিয়াম প্ৰচুৰ আৰু এন্টিঅক্সিডেন্টৰ ভাল উৎস (Which drink is best for summer) ।

আম পান্না

আম পান্না হৈছে কেঁচা আমৰ পৰা তৈয়াৰী ভাৰতৰ জনপ্ৰিয় গ্ৰীষ্মকালীন পানীয় । E ভিটামিন Cৰ এক উত্তম উৎস আৰু শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণত সহায় কৰে ।

বাটাৰ মিল্ক

বাটাৰ মিল্ক হৈছে গ্ৰীষ্মকালীন পৰম্পৰাগত পানীয় যিয়ে শৰীৰক ঠাণ্ডা কৰে আৰু হজম শক্তিত সহায় কৰে । ইয়াত কেলৰি কম আৰু কেলচিয়াম, পটাছিয়াম আৰু ভিটামিন B12ৰ দৰে পুষ্টিকৰ উপাদান থাকে (Summer Drinks)।

লগতে পঢ়ক: Summer Tips: এই ৫টা সহজ পদ্ধতিৰে গ্ৰীষ্মকালত শীতল কৰি ৰাখক আপোনাৰ শৰীৰ

ABOUT THE AUTHOR

...view details