অসম

assam

By

Published : Jun 8, 2023, 2:13 PM IST

ETV Bharat / bharat

Anti-Bacterial Flowers: এই ৪বিধ এন্টি বেক্টেৰিয়েল ফুলে নিৰাময় কৰে ছালৰ বহু সমস্যা, জানক ব্যৱহাৰৰ পদ্ধতি

আপুনি কেতিয়াবা ছালৰ বাবে অপৰাজিতা ফুল ব্যৱহাৰ কৰাৰ কথা ভাবিছেনে ? সেয়ে আজি আমি এনে কেইবিধমান ফুলৰ বিষয়ে ক'ম যিবোৰ ছালৰ বাবে অতি উপকাৰী ।

These 4 anti bacterial flowers cure many skin problems, know how to use them
এই ৪বিধ এন্টি বেক্টেৰিয়েল ফুলে নিৰাময় কৰে ছালৰ বহু সমস্যা, জানক ব্যৱহাৰৰ পদ্ধতি

আপুনি বহুতো ছালৰ যত্নৰ সামগ্ৰীত বিভিন্ন ধৰণৰ ফুল আৰু পাত ব্যৱহাৰ হোৱাটো নিশ্চয় দেখিছে । কিন্তু, যদি আপুনি ইয়াক পোনে পোনে আপোনাৰ ছালত ব্যৱহাৰ কৰে তেন্তে কি হ’ব । হয়, আজি আমি আপোনালোকক এনে কিছুমান এন্টি বেক্টেৰিয়াল ফুলৰ বিষয়ে ক'ম যিবোৰ আপুনি ছালৰ বহু সমস্যাৰ বাবে ব্যৱহাৰ কৰিব পাৰে । স্ক্ৰাব, ফেচ পেক আৰু ক্লিনজাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে । গতিকে, এই ফুলবোৰৰ বিষয়ে বিতংভাৱে জানো আহক (4 anti bacterial flowers cure many skin problems)।

১) ছালৰ বাবে জবা ফুল-Hibiscus for skin

জবা ফুল বহু ধৰণে ব্যৱহাৰ কৰিব পাৰি (Anti Bacterial Flowers)। এই ফুলবোৰত যথেষ্ট পৰিমাণে এন্টিবেক্টেৰিয়েল গুণ আছে যিয়ে আপোনাৰ ছালত ব্ৰণৰ সমস্যা হ্ৰাস কৰিব পাৰে । কফিত মিহলাই এক প্ৰকাৰৰ স্ক্ৰাব প্ৰস্তুত কৰিব পাৰে আৰু ইয়াৰ দ্বাৰা আপুনি আপোনাৰ ছালৰ ছিদ্ৰবোৰ পৰিষ্কাৰ কৰিব পাৰে ।

২) কেমোমিল ফুল-Chamomile for skin

কেমোমিল ফুল ছালৰ বাবে অতি উপকাৰী । ই এন্টিবেক্টেৰিয়েল আৰু এন্টিফাংগেল যিয়ে ছালৰ সংক্ৰমণ হ্ৰাস কৰে । এই ফুল পিহি তাত এলোভেৰা কিছু মিহলাই মুখত লগাব । অলপ সময় থৈ ঠাণ্ডা পানীৰে মুখখন ধুব (4 anti bacterial flowers cure many skin problems)।

৩) অপৰাজিতা ফুলৰ উপকাৰিতা-Aprajita for skin

অপৰাজিতা ফুলৰ উপকাৰিতা বহুত । এই ফুলবিধ এন্টিবেক্টেৰিয়েলৰ লগতে এন্টিইনফ্লেমেটৰীও । ই আপোনাৰ ছাল পৰিষ্কাৰ কৰাৰ লগতে আপোনাৰ ছিদ্ৰবোৰ পৰিষ্কাৰ কৰে । ইয়াৰ উপৰিও মুখৰ ফুলা কমায় (Marigold for skin)। গতিকে, অপৰাজিতা অলপ পানীত ৰান্ধি তাত গুড়ি মুলতানি মিটি আৰু লৱণ দিব । মুখত লগালে কিছু সময়ৰ পিছত মুখখন ধুব ।

৪) নাৰ্জি ফুলৰ উপকাৰিতা-Marigold for skin

নাৰ্জি ফুলে ছালৰ বহু সমস্যা হ্ৰাস কৰিব পাৰে । ইয়াৰ দ্বাৰা আপুনি এণ্টি বেক্টেৰিয়েল পেষ্ট প্ৰস্তুত কৰি আৰামত মুখত লগাব পাৰে । গতিকে, নাৰ্জি ফুল লৈ মোটাকৈ পিহি লওক । তাত কৰ্পূৰ, লৱণ আৰু এলোভেৰা দিব । মুখত লগাওক । অলপ সময় শুকুৱাবলৈ দি তাৰ পিছত ঠাণ্ডা পানীৰে মুখখন ধুব ।

লগতে পঢ়ক:Japanese diet: কেৱল স্বাস্থ্যৰ বাবেই নহয় সৌন্দৰ্যতা বৃদ্ধি কৰাটো লাভদায়ক জাপানীজ খাদ্য

ABOUT THE AUTHOR

...view details