নেশ্যনেল ডেস্ক, ১৯ ডিচেম্বৰ : অ'মিক্ৰণক লৈ গুৰুত্বপূৰ্ণ মন্তব্য ভাৰতৰ ক'ভিড-১৯ টাস্ক ফ'ৰ্চৰ অধ্যক্ষ ডাঃ ভি কে পলৰ । ৰাইজে অ'মিক্ৰণক অতি সহজভাৱে লোৱা দেখা গৈছে ৷ কিন্তু অ'মিক্ৰণৰ সংক্ৰমণৰ হাৰ পূৰ্বৰ কোনো এটা প্ৰকাৰৰ লগতে নিমিলে । প্ৰতিষেধকে কোনো দেশকে ক'ভিড 19 ৰ সংকটৰ পৰা ৰেহাই নিদিয়ে বুলি দাবী কৰি অধ্যক্ষ গৰাকীয়ে সকলোকে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব আৰু বাকী ক'ভিড বিধি পালন কৰিবলৈ আহ্বান জনায় (Dr V K Paul warned people about omicron) ।
স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ভাৰতৰ ১১ খন ৰাজ্যত অ'মিক্ৰণৰ প্ৰায় ১২৬ টা সংমক্ৰণৰ ঘটনা পোহৰলৈ আহিছে । তাৰ ভিতৰত সৰ্বাধিক মহাৰাষ্ট্ৰত ৪৩ গৰাকী লোকৰ দেহত ধৰা পৰিছে ক'ভিডৰ এই নতুন প্ৰকাৰৰ অৱস্থিতি । বৃটেইনৰ উদাহৰণ দাঙি ধৰি ডাঃ পলে শুকুৰবাৰে কৈছিল, যদি বৃটেইনৰ দৰে ভাৰততো ইয়াৰ সংক্ৰমণ ঘটে, তেনেহ'লে প্ৰতিদিনে ১৪ লাখ লোক কৰ’ণাত আক্ৰান্ত হ'ব ৷