নেশ্যনেল ডেস্ক,৩ জুলাই :তাজমহল মন্দিৰ নে সমাধি ? এই বিষয়টোক লৈ শেহতীয়াকৈ দেশত হুলস্থূলৰ সৃষ্টি হৈছে (Controversy over Taj Mahal)। বিষয়টো আদালতৰ মজিয়ালৈও গৈছে । বিভিন্ন স্থানত এই সন্দৰ্ভত প্ৰতিবাদ হৈ থকাৰ মাজতে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (ASI)য়ে তাজমহলৰ ভিতৰৰ ২২ টা বন্ধ কোঠাত হিন্দু দেৱ-দেৱীৰ মূৰ্তি থকাৰ কথা স্পষ্টভাৱে অস্বীকাৰ কৰিছে ।
এএছআইয়ে এটা আৰটিআইৰ প্ৰতিক্ৰিয়াত নিজৰ স্থিতি স্পষ্ট কৰিছে । কৰ্তৃপক্ষৰ মতে, মন্দিৰৰ ভূমিত তাজমহল নিৰ্মাণ কৰা হোৱা নাই । অৱশ্যে, পূৰ্বেও এই সন্দৰ্ভত একেটাই স্পষ্টীকৰণ দিছিল এএছআইয়ে । ইফালে তাজমহলৰ বন্ধ কোঠা খোলাৰ বাবেও দাবী উত্থাপন হৈছে । অযোধ্যাৰ বিজেপিৰ মিডিয়া ভাৰপ্ৰাপ্ত ড৹ ৰজনীশ সিঙে ২০২২ চনৰ ৭ মে'ত উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠত এখন আবেদন দাখিল কৰিছিল ।
আৱেদনত তাজমহলৰ ভিতৰতত ২২ টা বন্ধ কোঠা খোলাৰ দাবী জনোৱা হৈছিল (BJP leader appeals to open 20 rooms of Taj Mahal)। আশংকা কৰা হৈছিল যে তাজমহলৰ বন্ধ কোঠাবোৰত হিন্দু-দেৱ-দেৱীৰ মূৰ্তি আছে । গতিকে ইয়াৰ ৰহস্য সকলোৰে ওচৰলৈ ওলাই আহিব লাগে । ১২ মে'ত আৱেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে আৱেদনখন খাৰিজ কৰিছিল ।