নেচনেল ডেস্ক, 31ডিচেম্বৰ:জম্মু কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান দিলবাগ সিঙে জনোৱা অনুসৰি বিগত বৰ্ষৰ তুলনাত এই বছৰ জম্মু আৰু কাশ্মীৰত সন্ত্ৰাসবাদমূলক কাম কাজ যথেষ্ট হ্ৰাস পাইছে ৷ সিঙে জানিবলৈ দিছে যে 2018 আৰু 2019 বৰ্ষৰ তুলনাত এই বছৰ সন্ত্ৰাসবাদ মূলক কাম কাজ উল্লেখনীয়ভাৱে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে ৷
জম্মু আৰু কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে কয় যে 2020 বৰ্ষত এতিয়ালৈকে 15 গৰাকী আৰক্ষী বিষয়াই ক'ভিড-19 ত আক্ৰান্ত হৈ কৰ্তব্যৰ মাজতে প্ৰাণ হেৰুৱাব লগীয়া হৈছে ৷ 3,500 গৰাকী আৰক্ষী বিষয়া বৰ্তমানলৈকে ক'ভিড-19 ত আক্ৰান্ত হোৱাৰ বিপৰীতে অধিক সংখ্যকে বৰ্তমান আৰোগ্য লাভ কৰিছে ৷