'ছাণ্ডে হো য়া মাণ্ডে ৰোজ খাও আণ্ডে' এই কথাষাৰ অতি বিখ্যাত আৰু পুৰণিও, কিন্তু আজিও এই কথাষাৰ বহুতৰে মুখে মুখে । এই গীতটো কণী খোৱাৰ লগতো একেবাৰে খাপ খাই পৰে, কাৰণ কণী খোৱাৰ বহু উপকাৰ পোৱা যায় ।
সিজোৱা কণী পুষ্টিৰে ভৰপূৰ (Eggs Benefits)। স্বাস্থ্য, ছাল আৰু চুলিৰ বাবে ই অতি উপকাৰী যদিও অতিৰিক্ত যিকোনো বস্তু সেৱন কৰাটো বিপজ্জনক বুলি প্ৰমাণিত হ’ব পাৰে । সেইবাবেই কণীও সীমিত পৰিমাণত খোৱা উচিত । গতিকে জানো আহক, কণী খোৱাৰ উপকাৰিতা কি কি ?
ভাল কলেষ্টেৰল বৃদ্ধি কৰে
যিসকল লোকৰ উচ্চ মাত্ৰাত ভাল কলেষ্টেৰল থাকে তেওঁলোকৰ হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ সম্ভাৱনা কম । এক গৱেষণাৰ মতে, যদি আপুনি ২টা সিজোৱা কণী ৬ সপ্তাহলৈকে সেৱন কৰে, তেন্তে ই শৰীৰত ভাল কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে ।
বেছিভাগ মানুহৰে কলেষ্টেৰল বৃদ্ধি নকৰে
এইটো সঁচা যে কণীত প্ৰাকৃতিকভাৱে কলেষ্টেৰল থাকে, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ইয়াৰ সেৱনে তেজত কলেষ্টেৰল বৃদ্ধি কৰে । ৭০ শতাংশ লোকৰ কণী খালে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি নহয়, আনহাতে মাত্ৰ ৩০ শতাংশ লোকৰ ভিতৰত ইয়াৰ সেৱনে বেয়া কলেষ্টেৰল বৃদ্ধি কৰিব পাৰে ।
চকুৰ বাবে অপৰিহাৰ্য