অসম

assam

ETV Bharat / bharat

COVID-১৯ঃ ৩ মাৰ্চত মিজোৰামত এজনো লোক আক্ৰান্ত হোৱা নাই - কৰ'ণা মহামাৰী

মিজোৰামত হ্ৰাস পাইছে মহামাৰীৰ ত্ৰাস । বুধবাৰে ৰাজ্যখনত এজনো লোক COVID-১৯ত আক্ৰান্ত হোৱা নাই । শেহতীয়াকৈ জ'ৰাম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৪৬টা নমুনা পৰীক্ষা কৰা হৈছিল ।

COVID-১৯ঃ ৩ মাৰ্চত মিজোৰামত এজনো লোক আক্ৰান্ত হোৱা নাই
COVID-১৯ঃ ৩ মাৰ্চত মিজোৰামত এজনো লোক আক্ৰান্ত হোৱা নাই

By

Published : Mar 4, 2021, 8:44 PM IST

নেশ্যনেল ডেস্ক, ৪ মাৰ্চ: মিজোৰামবাসীৰ বাবে সুখবৰ । ৰাজ্যখনত কৰ'ণা মহামাৰীৰ সংক্ৰমণ হ্ৰাসে আশাৰ বতৰা কঢ়িয়াই আনিছে । বৰ্তমান মিজোৰামত নতুনকৈ এজনো লোক COVID-১৯ত আক্ৰান্ত হোৱা নাই বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিছে । যোৱা ৩ মাৰ্চত জ'ৰাম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আৰ টি-পিচি আৰ গৱেষণাগাৰত ৪৬টা আৰু ট্ৰু এন এ টি গৱেষণাগাৰত ১টা নমুনা পৰীক্ষা কৰা হৈছিল ।

COVID-১৯ঃ ৩ মাৰ্চত মিজোৰামত এজনো লোক আক্ৰান্ত হোৱা নাই

কিন্তু আক্ৰান্তৰ ঘটনা পোহৰলৈ অহা নাই । সমান্তৰালকৈ ৰেপিড এণ্টিজেন টেষ্ট কিটেৰে কৰা নমুনা পৰীক্ষণতো কোনো লোক আক্ৰান্ত হোৱাতো প্ৰমাণিত হোৱা নাই । বৃহস্পতিবাৰে জ'ৰাম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা আৰোগ্য হৈ উঠা ২ গৰাকী লোকক ঘৰলৈ যাবলৈ অনুমতি দিয়া হয় ।

ৰাজ্যখনত বৰ্তমান আৰোগ্যৰ হাৰ হৈছে ৯৯.৯৩ শতাংশ । এতিয়ালৈকে মিজোৰামত ৪,৪২৭ জন লোক মহামাৰীত আক্ৰান্ত হৈছে আৰু ৪,৪০০ জন সুস্থ হৈ উঠিছে । আনহাতে, মহামাৰীৰ কবলত পৰি প্ৰাণ হেৰুৱাইছে ১০ জন লোকে । বৰ্তমান ৰাজ্যখনত ১৭টা সক্ৰিয় আক্ৰান্তৰ ঘটনা থকাৰ তথ্য পোৱা গৈছে ।


লগতে পঢ়ক:আশা পূৰণ হ'ল অন্ধ্ৰপ্ৰদেশৰ কণমানিৰ

ABOUT THE AUTHOR

...view details