অসম

assam

ETV Bharat / bharat

মহাৰাষ্ট্ৰক 100 মেট্ৰিক টন অক্সিজেন যোগান ধৰিব আম্বানী গ্ৰু'পে - 100 মেট্ৰিক টন অক্সিজেন যোগান ধৰিব আম্বানী গ্ৰু'পে

ক'ৰণা নতুন ঢৌৰ সৈতে যুঁজিবলৈ মহাৰাষ্ট্ৰৰ ক’ভিড হাস্পতাল সমূহক অক্সিজেন যোগান ধৰাৰ বাবে ইতিমধ্যে দায়িত্ব গ্ৰহণ কৰিছে দেশৰ কেইবাটাও বৃহৎ ব্যক্তিগত কোম্পানীয়ে ৷

মহাৰাষ্ট্ৰক 100 মেট্ৰিক টন অক্সিজেন যোগান ধৰিব আম্বানী গ্ৰু'পে
মহাৰাষ্ট্ৰক 100 মেট্ৰিক টন অক্সিজেন যোগান ধৰিব আম্বানী গ্ৰু'পে

By

Published : Apr 16, 2021, 10:18 AM IST

নিউজ ডেস্ক, 16 এপ্ৰিল :দেশত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে ক'ৰণা আক্ৰান্ত লোকৰ সংখ্যা ৷ দেশৰ ভিতৰত বিশেষকৈ মহাৰাষ্ট্ৰত ক'ৰণাৰ নতুন ঢৌৰ প্ৰকোপ সৰ্বাধিক হোৱা পৰিলক্ষিত হৈছে ৷ জানিব পৰা মতে ক'ৰণা নতুন ঢৌৰ সৈতে যুঁজিবলৈ মহাৰাষ্ট্ৰৰ ক’ভিড হাস্পতাল সমূহক অক্সিজেন যোগান ধৰাৰ বাবে ইতিমধ্যে দায়িত্ব গ্ৰহণ কৰিছে দেশৰ কেইবাটাও বৃহৎ ব্যক্তিগত কোম্পানীয়ে ৷ কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে সমগ্ৰ দেশতে অক্সিজেন যোগান সন্দৰ্ভত প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তিত কয়, " মহাৰাষ্ট্ৰই ডলভি (মহাৰাষ্ট্ৰ)ৰ জে.এছ.ডব্লিউৰ, ভিলাই (ছত্তিশগড়)ৰ চেইল আৰু বেল্লাৰী (কৰ্ণাটক)ৰ জেএছডব্লিউৰ দৰে ষ্টীল প্ৰকল্পৰ পৰা দৈনিক ভিত্তিত অতিৰিক্ত অক্সিজেন লাভ কৰিছে ৷

লগতে প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা অনুসৰি ৰিলায়েন্স ইণ্ডাষ্টিজ লিমিটেডে (আৰআইএল) গুজৰাটৰ জামনগৰ প্ৰকল্পৰ পৰা মহাৰাষ্ট্ৰলৈ অক্সিজেন যোগান ধৰা আৰম্ভ কৰিছে। টুইটাৰ যোগে মহাৰাষ্ট্ৰৰ নগৰ উন্নয়ন মন্ত্ৰী একনাথ চিন্দে ঘোষণা কৰে যে মুকেশ আম্বানী নেতৃত্বাধীন আৰআইএলয়ে ৰাজ্যখনক প্ৰায় ১০০ মেট্ৰিক টন অক্সিজেন যোগান ধৰিব । সাংবাদিকৰ প্ৰশ্ন উত্তৰটো আৰআইএলয়ে এই ঘোষণাৰ কথা স্বীকাৰ কৰিছে ৷

উল্লেখ্য যে, আগন্তুক সময়ত ক'ৰণাৰ সৈতে যুঁজিবৰ বাবে 50,000 মেট্ৰিক টন অক্সিজেন আমদানি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ যোৱা 24 ঘন্টাত মহাৰাষ্ট্ৰৰ ক'ৰণাত আক্ৰান্ত লোকৰ সংখ্যা হৈছে আক্ৰান্ত 9,956 গৰাকী ৷ ইয়াৰ বিপৰীতে মৃত্যু হোৱাৰ সংখ্যা হৈছে 114 গৰাকী ৷ যোৱা 24 ঘণ্টাত ক’ভিডৰ পৰা মুক্ত হোৱা লোকৰ সংখ্যা হৈছে 8,175 গৰাকী ৷

লগতে পঢ়ক:পহিলা ব'হাগতে পিতৃ-মাতৃ লাভ কৰিলে ফ্ল’ৰে

ABOUT THE AUTHOR

...view details