অসম

assam

ETV Bharat / bharat

Theft in Ranchi : চোৰৰ অদ্ভুত চতুৰালি, বলীউডৰ কায়দাৰে চুৰিকাণ্ড

বলীউডৰপৰা অনুপ্ৰেৰিত হৈ চুৰিকাণ্ড ৷ প্ৰথমতে চোৰটোৱে এখন হাৰ্ডৱেৰৰ দোকানত চোৰ কৰিবলৈ গৈ একো বিচাৰি নাপাই এডাল ডাঠ ৰছীৰ এটা বাণ্ড’ল চুৰি কৰি পৰৱৰ্তী সময়ত চিনেমাৰ দৰে, সেই ডাঠ ৰছীৰ সহায়ত, 50 ফুট তলৰ আন এখন দোকানত প্ৰৱেশ কৰে ৷

By

Published : Aug 16, 2023, 9:34 PM IST

theft in Ranchi
বলীউডৰ কায়দাৰে চুৰিকাণ্ড

নেশ্যনেল ডেস্ক, 16 আগষ্ট : ঝাৰখণ্ডৰ ৰাঁচীত এটা অদ্ভুত চুৰিকাণ্ড সংঘটিত হৈছে ৷ বলীউডৰপৰা অনুপ্ৰেৰিত হৈ চুৰিকাণ্ড সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে খোদ আৰক্ষীয়ে ৷ প্ৰথমতে চোৰটোৱে এখন হাৰ্ডৱেৰৰ দোকানত চুৰি কৰাৰ লক্ষ্যৰে প্ৰৱেশ কৰিছিল ৷ কিন্তু যেতিয়া চোৰটোৱে দোকানখনত একো বিচাৰি নাপালে তেতিয়া তেওঁ ডাঠ ৰছীৰ এটা বাণ্ড’ল চুৰি কৰি পৰৱৰ্তী সময়ত চিনেমাৰ দৰে, সেই ডাঠ ৰছীৰ সহায়ত, 50 ফুট তলৰ আন এখন দোকানত প্ৰৱেশ কৰে ৷ তাৰ পিচতে সেই ঠাইত চোৰটোৱে চুৰিকাণ্ড সংঘটিত কৰি পলায়ন কৰে ৷

ৰাজধানীৰ কোতৱালী আৰক্ষী থানা অঞ্চলত সংঘটিত হৈছিল এই ঘটনা ৷ কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে চুৰি হোৱা দোকানখনৰ সন্মুখত, ৰাঁচীৰ এছএছপি, জিলা আয়ুক্ত আৰু পৌৰ আয়ুক্তৰ কাৰ্যালয় অৱস্থিত আছে ৷ ইফালে আৰক্ষীয়ে 15 আগষ্টৰ উপলক্ষে সতৰ্ক থকাৰ মাজতে আৰক্ষীৰ নাকৰ তলেৰে দুখনকৈ দোকানত চোৰে চাফাই অভিযান চলায় যায় ৷

জানিব পৰামতে কাছাৰী চকৰ বিহাৰ ক্লাবত থকা এখন হাৰ্ডৱেৰ দোকানত চোৰে প্ৰথমে প্ৰৱেশ কৰি একো বস্তু বিচাৰি নাপায় ৷ তেতিয়াই চোৰটোৱে দোকানখনত থকা এটা ৰছীৰ বাণ্ড’ল চুৰি কৰি দোকানখনৰ পৰা পৰা ওলাই আহে ৷ অৱশ্যে এমাহতে দুবাৰকৈ চোৰে চাফাই অভিযান চলায় এইখন হাৰ্ডৱেৰ দোকানত ৷ প্ৰথমটো চুৰিকাণ্ডৰ সন্দৰ্ভত কোতৱালী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছিল ৷

চাৰ পিচতে চোৰটোৱে ৰছীৰে 50 ফুট তলত থকা জনপদ নামৰ এখন কাপোৰৰ বিপনীত প্ৰৱেশ কৰে ৷ তাৰ পিচতে চোৰটোৱে দোকানখনত থকা 80 হাজাৰ টকা আৰু কেইবাহাজাৰ টকাৰো কাপোৰ লৈ আহে ৷ এই চুৰি কৰিবলৈ গৈ চোৰটোৱে নিজৰ জীৱনকো বিপদাপন্ন কৰিছিল ৷

এই ঘটনা পোহৰলৈ অহাৰ পিচতে কোতৱালী আৰক্ষীয়ে চিচিটিভি ফুটেজৰ ভিত্তিত চোৰটোক বিচাৰিবলৈ আৰম্ভ কৰিছে ৷ হাৰ্ডৱেৰ দোকানৰ পৰা পোৱা চিচিটিভি ফুটেজত চোৰৰ মুখখন স্পষ্টভাৱে দেখা গৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক:Prisoner escaped from jail: জিলা কাৰাগাৰৰ পৰা কয়দীৰ পলায়ন; হত্যাৰ অপৰাধত হৈছিল কাৰাবন্দী

ABOUT THE AUTHOR

...view details