শৰীৰৰ পৰা বিষাক্ত বৰ্জিত পদাৰ্থ সমূহ বৰ্জন কৰি দিয়াৰে পৰা শৰীৰত ৰঙা ৰক্ত কণিকাবোৰৰ উৎপাদনক নিয়ন্ত্ৰণ কৰালৈকে বৃক্কই আমাৰ শৰীৰৰ সামগ্ৰিক সুস্বাস্থ্য বজাই ৰখাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ কিন্তু আমি আমাৰ পাকস্থলীৰ সু-স্বাস্থ্যৰ বাবে যি ধৰণেৰে যত্ন লওঁ, তেনেকৈ বৃক্কৰ যত্ন লওঁ জানো ? যদি নলওঁ, তেন্তে বিশ্ব বৃক্কৎ দিৱসৰ দিনা বৃক্কৰ গুৰুত্বপুৰ্ণ ভূমিকা সম্পৰ্কে আপুনি জানিবলগীয়া কথাবোৰ আৰু কেনেকৈ ইয়াৰ যত্ন ল’ব পাৰি সেই বিষয়ে তলত এটি আলোচনা আগবঢ়োৱা হ’ল ৷
সদায় বৃক্কৰ স্বাস্থ্যৰ সম্পৰ্কে ধ্যান দিব
আমাৰ শৰীৰত বৃক্কৰ উপযোগিতাৰ বিষয়ে, নাইবা ইয়াৰ লগত জৰিত ৰোগবোৰৰ সম্পৰ্কত তথা আমি কেনেদৰে ইয়াৰ যত্ন ল’ব পাৰোঁ সেই বিষয়ে সজাগতা অনাৰ উদ্দেশ্যেৰে প্ৰত্যেক বৰ্ষৰে মাৰ্চ মাহৰ দ্বিতীয়টো বৃহস্পতিবাৰে বিশ্ব বৃক্ক দিৱস উদযাপন কৰা হয় ৷ চলিত বৰ্ষতো মাৰ্চ মাহৰ ১১ তাৰিখে“লিভিং ৱেল উইথ কিডনি ডিজিজ”থিমেৰে বিশ্ব বৃক্ক দিৱস উদযাপন কৰা হ’ব ৷ এই বিশেষ দিনটো প্ৰথম চিহ্নিত কৰা হৈছিল ২০০৬ চনত, ‘ইন্টাৰনেশ্বনেল ছ’চাইটি ফৰ নেফ্ৰ’লজী’ (আই এছ এন)আৰু‘ইন্টাৰনেশ্বনেল ফেডাৰেশ্বন অৱ কিডনি ফাউণ্ডেশ্বন’ৰ (আই এফ কে এফ)এক যুটিয়া প্ৰচেষ্টাত ৷
২০১৭ চনত‘ক্ৰনিক কিডনি ডিজিজ’ৰ (চি কে ডি)বোজা সম্পৰ্কত‘লাঞ্চেটে’ প্ৰকাশ কৰা এক অধ্যয়নৰ পৰা জানিব পৰা গৈছিল যে ২০১৭ চনত সমগ্ৰ বিশ্বজুৰি ৬৯.৭৫ কোটি লোক চি কে ডিত ভূগি আছিল আৰু ১২ লাখ লোকৰ মৃত্যৰ কাৰণ আছিল এই চি কে ডি ৷ কেৱল দুখন দেশ ভাৰত আৰু চীনতেই চি কে ডি আক্ৰান্ত প্ৰায় তিনিভাগৰ এভাগ ৰোগীয়ে বাস কৰে ৷
এই বিশেষ দিনটোৰ উদ্দেশ্য সমূহ-
বিশ্ব বৃক্ক দিৱসৰ অফিচিয়েল ৱেবছাইট অনুসৰি এই বিশেষ দিনটোৰ মূল উদ্দেশ্য সমূহ হ’ল:
- মধুমেহ আৰু উচ্চ ৰক্তচাপ যে ‘ক্ৰনিক কিডনি ডিজিজ’ৰ (চি কে ডি) মূখ্য কাৰক সেই কথা সাৰোগত কৰি আমাৰ “আশ্বৰ্যকৰ বৃক্ক’ৰ বিষয়ে সজাগতা সৃষ্টি কৰা ৷
- মধুমেহ আৰু উচ্চ ৰক্তচাপত ভোগা সকলো ৰোগীকে ব্যৱস্থিতভাৱে চি কে ডি স্ক্ৰিনিং কৰিবৰ বাবে উৎসাহিত কৰা ৷
- প্ৰতিৰোধাত্মক আচৰণ আয়ত্ব কৰিবলৈ অনুপ্ৰেৰিত কৰা ৷
- বিশেষকৈ বিপদৰ উচ্চ আশংকা থকা জনসাধাৰণৰ ক্ষেত্ৰত চি কে ডি চিনাক্ত কৰণত আৰু হ্ৰাস কৰাত সকলো চিকিৎসাকৰ্মীকে তেওঁলোকৰ মূখ্য ভূমিকাৰ সম্পৰ্কত শিক্ষিত কৰোৱা ৷
- চি কে ডি মহামাৰী নিয়ন্ত্ৰণত স্থানীয় আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃপক্ষ সমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কত জোৰ দিয়া ৷ বিশ্ব বৃক্ক দিৱসৰ দিনা সকলো চৰকাৰকে বৃক্ক স্ক্ৰিনিঙৰ বাবে পদক্ষেপ হাতত লোৱা আৰু বিনিয়োগ কৰাত উৎসাহিত কৰোৱা ৷
- বিকল হোৱা বৃক্কৰ উৎকৃষ্টতম বিকল্প হিচাপে বৃক্ক প্ৰত্যাৰূপণ লগতে অংগদানক জীৱন ৰক্ষাৰ এক প্ৰয়াস হিচাপে উৎসাহিত কৰা ৷
বৃক্কৰ গুৰুত্বপূৰ্ণ কাৰ্য সমূহ:
শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ সমূহ আৰু তেজৰ পৰা অতিৰিক্ত তৰল পদাৰ্থ সমূহ বৰ্জন কৰাত বৃ্ক্কৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে ৷ তদুপৰি ৰক্তচাপ নিয়ন্ত্ৰণ কৰা আৰু লোহিত ৰক্ত কণিকা সমূহ উৎপাদন কৰাতো বৃক্কৰ ভূমিকা গুৰুত্বপূৰ্ণ ৷ আমাৰ হাড়বোৰৰ সু-স্বাস্থ্যও বৃক্কৰ ওপৰত নিৰ্ভৰ কৰে ৷ এনেকৈয়ে বৰ্জিত পদাৰ্থ সমূহক ওলাই যোৱাৰ ফলত সামগ্ৰিকভাৱে আমাৰ স্বাস্থ্য সন্তুলিত হৈ থাকে আৰু হৰম’নবোৰ নিঃসৃত হৈ আমাৰ শৰীৰৰ কাৰ্য-কলাপবোৰ সুকলমে চলি থাকে ৷
ক্ৰ’নিক কিডনি ডিজিজ (চি কে ডি)
ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধক কেন্দ্ৰই (চি ডি চি) চি কে ডিক এনে এক অৱস্থা বুলি সংজ্ঞায়িত কৰিছে য’ত বৃক্ক বিকল হৈ পৰে আৰু ই যেনেদৰে তেজ পৰিশোধন কৰা উচিত ঠিক তেনেকৈ কৰিব নোৱাৰে ৷ ইয়াৰ ফলত আমাৰ শীৰৰত, তেজত থকা অতিৰিক্ত তৰল পদাৰ্থ সমূহ আৰু বৰ্জনীয় পদাৰ্থ সমূহ ৰৈ যায় আৰু হৃদৰোগ, পক্ষাঘাত জাতীয় আনুসংগিক সমস্যা সমূহে দেখা দিব পাৰে ৷
চি ডি চি দাৰা উল্লেখিত চি কে ডিৰ পৰা হ’ব আন আন স্বাস্থ্যজনিত পৰিণতি সমূহ এনেধৰণৰ:
- ৰক্তালপ্তা বা লোহিত ৰক্ত কণিকাৰ সংখ্যা হ্ৰাস হোৱা
- সংক্ৰমণৰ প্ৰকোপ বৃদ্ধি পোৱা
- তেজত কেলচিয়ামৰ স্তৰ হ্ৰাস পোৱা, পটাছিয়ামৰ আৰু ফ’ছফ’ৰাছৰ স্তৰ বৃদ্ধি পোৱা ৷
- ক্ষুধা কমি যোৱা বা খাবলৈ মন নোযোৱা হোৱা ৷
- হতাশাগ্ৰস্থতা বা নিম্নমানৰ জীৱন যাপন কৰা ৷
যি নহওক ৰোগৰ গম্ভীৰতা সুকীয়া সুকীয়া হ’ব পাৰে কিন্তু সময় পাৰ হোৱাৰ লগে লগে পৰিস্থিতি অধিক শোচনীয় হৈ পৰে ৷ যদি সময়মতে চিকিৎসা আগবঢ়োৱা নাযায়, ইয়াৰ ফলত বৃক্ক বিকল হৈ পৰা তথা ই হৃদৰোগ সমূহৰ প্ৰাৰম্ভিক কাৰক হৈও পৰিব পাৰে ৷ যেতিয়া বৃক্কই ক্ৰীয়া কৰিবলৈ বন্ধ কৰি দিব তেতিয়া ‘ডায়েলাইছিছ’ তথা প্ৰত্যাৰূপণৰ প্ৰয়োজন হ’ব পাৰে ৷ তদুপৰি চি ডি চিয়ে কৈছে যে বৃক্কৰ ৰোগত আক্ৰান্ত সকলো ৰোগীৰে বৃক্ক বিকল নহ’বও পাৰে ৷
পাঁচটা মূল কাৰক-
১/ মধুমেহ