নেশ্যনেল ডেস্ক,১৯ মাৰ্চ :অ-বিজেপি চৰকাৰসমূহক তীব্ৰ সমালোচনা বিজেপি সাংসদ সাক্ষী মহাৰাজৰ (MP Sakshi Maharaj)। মহাৰাজে অৰবিন্দ কেজৰিৱাল, অখিলেশ যাদৱ আৰু হেমন্ত চোৰেণক বিভিন্ন প্ৰশ্ন কৰে । ঝাৰখণ্ডৰ গিৰিডিহত উপস্থিত হৈ সাংসদগৰাকীয়ে শাসকীয়া হেমন্ত চোৰেণ চৰকাৰক দুৰ্নীতিগ্ৰস্ত বুলি অভিযোগ কৰে । একে সময়তে, উত্তৰ প্ৰদেশত চলি থকা বুলড'জাৰ অভিযান সঠিক বুলিও তেওঁ দাবী কৰে (Bulldozers in UP)।
উল্লেখ্য যে উন্নাওৰ সাংসদ সাক্ষী মহাৰাজে ঝাৰখণ্ডৰ গিৰিডিহৰ শান্তি ভৱনত অনুষ্ঠিত শ্ৰীমদ্ভাগৱত কথাত অংশগ্ৰহণ কৰে (MP Sakshi Maharaj at Giridih)। অনুষ্ঠানৰ পাচতে তেওঁ সাংবাদিকসকলক সম্বোধন কৰে । য'ত তেওঁ কংগ্ৰেছ, আম আদমি পাৰ্টি, সমাজবাদী পাৰ্টিৰ লগতে ঝাৰখণ্ড চৰকাৰক তীব্ৰ সমালোচনা কৰে । সাক্ষী মহাৰাজে কয় যে, কেন্দ্ৰত নৰেন্দ্ৰ মোডী আৰু উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথৰ চৰকাৰে অধিক ভাল কাম কৰি আছে (Sakshi Maharaj praises UP govt)।
তেওঁ কোৱা মতে অপৰাধীসকলক দমনৰ চিকিৎসা হৈছে আৰক্ষীৰ গুলী আৰু লাঠি । তেওঁৰ মতে উত্তৰ প্ৰদেশতো একেই চিকিৎসা কৰা হৈছে । তেওঁ সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱক "কাপুৰুষ" আখ্যা দিয়ে (MP Sakshi Maharaj slams Akhilesh Yadav)। তেওঁ কয় যে বাবাৰ বুলড'জাৰৰ ভয়ত এছপি গুণ্ডা বাহিনী অখিলেশৰ কোলাত লুকাইছে ।
সাক্ষী মহাৰাজে কংগ্ৰেছক সমালোচনা কৰি কয় যে, দেশখন ভাঙি পেলোৱা কংগ্ৰেছে দেশক একত্ৰিত কৰিবলৈ যাত্ৰা আৰম্ভ কৰে । কংগ্ৰেছ নেতা ৰাহুল গান্ধী বিদেশলৈ যায় আৰু দেশৰ বিৰুদ্ধে কথা কয় । তেওঁলোকৰ এই মনোভাৱ সম্পূৰ্ণৰূপে দেশদ্ৰোহী বুলি উল্লেখ কৰে নেতাগৰাকীয়ে । তেওঁ কয় যে, বিৰোধীয়ে সংসদত বিতৰ্ক কৰিব নিবিচাৰে, কেৱল হুলস্থূল হে কৰে (MP Sakshi Maharaj slams oppositions)।