অসম

assam

ETV Bharat / bharat

প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনি ৰূপায়ণৰ উদ্দেশ্যে বিশেষ সভা আইজলত - খাদী আৰু গ্ৰাম্য উদ্যোগ আয়োগ

মিজোৰাম খাদী আৰু গ্ৰাম্য উদ্যোগ আয়োগৰ উদ্যোগত আইজলত প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি কাৰ্যসূচীৰ আধাৰত ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ বিশেষ বৈঠক অনুষ্ঠিত হয় ।

প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনি ৰূপায়ণৰ উদ্দেশ্যে বিশেষ সভা আইজলত
প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনি ৰূপায়ণৰ উদ্দেশ্যে বিশেষ সভা আইজলত

By

Published : Feb 17, 2021, 8:22 PM IST

নিউজ ডেস্ক,১৭ ফেব্ৰুৱাৰী:প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি কাৰ্যসূচীৰ (পিএমইজিপি) আধাৰত ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ সমিতিয়ে বুধবাৰে আইজল ক্লাবত এখন বৈঠক তথা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰে । মিজোৰাম খাদী আৰু গ্ৰাম্য উদ্যোগ আয়োগ(কেভিআইচি)ৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত মিজোৰামৰ বাণিজ্য আৰু উদ্যোগ বিভাগৰ সচিব পি.জৱাহৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে । অনুষ্ঠানত কেভিআইচিৰ ৰাজ্যিক পৰিচালক কে.জে ভোছলে পিএমইজিপিৰ বিত্তীয় বেংকৰ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয় আৰু বিভিন্ন আঁচনিৰ বিষয়ে আলোচনা কৰে।

পিএমইজিপি আঁচনিৰ লক্ষ্য হৈছে হস্ততাঁত আৰু বস্ত্ৰ, ফুড প্ৰচেচিং আৰু মৌ পালনৰ জৰিয়তে মিজোৰামৰ গ্ৰাম্য আৰু নগৰাঞ্চলৰ ক্ষুদ্ৰ উদ্যোগৰ বিকাশ সাধন কৰা । মিজোৰামত আঁচনিখন বিকাশৰ বাবে ১১৫৭ টা লক্ষ্য সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে ইতিমধ্যে ২৮৯৩.৪৮ লাখ টকা আৱণ্টন কৰা হৈছে ।

লগতে পঢ়ক:মিজোৰামত নতুনকৈ ১ জন লোক আক্ৰান্ত কৰ'ণাত

ABOUT THE AUTHOR

...view details