অসম

assam

ETV Bharat / bharat

Adani Hindenburg row : বিতৰ্কিত আদানী হিণ্ডেনবাৰ্গ বিষয়ত উচ্চতম ন্যায়ালয়ৰ ভূমিকা

আদানি গ্ৰুপ আৰু হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ বিষয়টোৱে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Adani Hindenburg row)। কেৱল ষ্টক মাৰ্কেটতে নহয় ই দেশৰ ৰাজনীতিটো ব্যাপক প্ৰভাৱ পেলাইছে । ইফালে এই বিষয়টো তদন্তৰ বাবে ইতিমধ্যে উচ্চতম ন্যায়ালয়ে ৬ জনীয়া বিশেষজ্ঞ সমিতি গঠন কৰিছে । এই ক্ষেত্ৰত বিশেষজ্ঞ সমিতিখনৰ ভূমিকা কেনে হ'ব ?

By

Published : Mar 28, 2023, 9:39 PM IST

Adani Hindenburg row
বিতৰ্কিত বিষয়টোত উচ্চতম ন্যায়ালয়ৰ ভূমিকা

নেশ্যনেল ডেস্ক, ২৮ মাৰ্চ :আদানি-হিণ্ডেনবাৰ্গ বিষয়টোৰ বাবে আৰু সাম্প্ৰতিক সময়ত চিকিউৰিটি বজাৰত (Securities market) হোৱা অস্থিৰতাৰ কথা বিবেচনা কৰি ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ অভয় মনোহৰ চাপ্ৰেৰ নেতৃত্বত এখন ৬ জনীয়া বিশেষজ্ঞ সমিতি গঠন কৰাৰ কথা ঘোষণা কৰিছে (SC expert committee for Adani Hindenburg row)। বিশেষজ্ঞ সমিতিৰ তদন্ত প্ৰক্ৰিয়াৰ বিৱৰণলৈ যোৱাৰ পূৰ্বে আমি আদানি-হিণ্ডেনবাৰ্গ বিষয় আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ শ্বৰ্ট চেলাৰৰ প্ৰতিবেদনৰ পৰা উদ্ভৱ হোৱা বিত্তীয় সংকটৰ বিষয়ে জানিব লাগিব ।

কি এই শ্বৰ্ট চেলিং (short selling) ?

ভৱিষ্যতে সেইবোৰ হ্ৰাস মূল্যত পুনৰ ক্ৰয় কৰাৰ উদ্দেশ্যৰে শ্বৰ্ট চেলিং ব্যৱসায়ৰ সময়ত বিক্ৰেতাৰ মালিকানাধীন নোহোৱা ষ্টক বিক্ৰী অন্তৰ্ভুক্ত থাকে । এই ৰণনীতি সম্পাদন কৰাৰ বাবে, শ্বৰ্ট চেলাৰে শ্বেয়াৰবোৰ "ধাৰ" লয় আৰু কেৱল ষ্টকৰ মূল্য হ্ৰাস হ'লে সেইবোৰ পুনৰ ক্ৰয় কৰিবলৈ সেইবোৰ তেওঁলোকৰ বৰ্তমানৰ বজাৰ মূল্যত বিক্ৰী কৰে । লাভৰ মাৰ্জিন বিক্ৰী আৰু পুনৰ ক্ৰয় মূল্যৰ মাজৰ মূল্যৰ পাৰ্থক্যৰ পৰা আহৰণ কৰা হয় । মুঠতে, শ্বৰ্ট চেলাৰে লাভ গ্ৰহণ কৰাৰ বাবে ষ্টকৰ মূল্য হ্ৰাস হোৱাৰ সম্ভাৱনাৰ ওপৰত জুৱা খেলে ।

আদানি গ্ৰুপৰ বিৰুদ্ধে কি অভিযোগ আছে (Allegations against the Adani group) ?

হিণ্ডেনবাৰ্গ প্ৰতিবেদন অনুসৰি, আদানি গ্ৰুপত ব্যাপক ষ্টক মূল্যৰ হেৰফেৰ, তেওঁলোকৰ সম্পত্তিৰ মূল্য বৃদ্ধি কৰা আৰু গ্ৰুপৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা বিভিন্ন অফশ্বৰ শ্বেল প্ৰতিষ্ঠানৰ জৰিয়তে তেওঁলোকৰ ৭৫ শতাংশতকৈ অধিক শ্বেয়াৰৰ ওপৰত নিয়ন্ত্ৰণ প্ৰয়োগ কৰাত জড়িত হৈ আছে (Hindenburg Report on Adani group)। এনে কাৰ্য চিকিউৰিটিজ কণ্ট্ৰাক্ট (ৰেগুলেশ্যন) নিয়ম, ১৯৫৭-ৰ উলংঘন ।

প্ৰতিবেদনখনত এইটোও অভিযোগ কৰা হৈছে যে আদানি গ্ৰুপে মুঠ ২.২ লাখ কোটি একাধিক ঋণ সুৰক্ষিত কৰিবলৈ তেওঁলোকৰ সম্পত্তিৰ ব্যৱহাৰ কৰি যথেষ্ট পৰিমাণৰ ঋণ লৈছে । যদি আদানি গ্ৰুপে এই ঋণবোৰ পৰিশোধ নকৰে, তেওঁলোকক ধন ধাৰলৈ দিয়া বেংকবোৰে তেওঁলোকৰ পুঁজি পুনৰুদ্ধাৰ নকৰাৰ আশংকা থাকিব । যিটোৱে তেওঁলোকক এক বিপদজনক পৰিস্থিতিত পেলাব পাৰে ।

এইটো কিয় গুৰুত্বপূৰ্ণ ?

আদানি গ্ৰুপে কেইবা দশক ধৰি বৃহৎ পৰিমাণৰ ষ্টক মেনিপুলেচন আৰু একাউণ্টিং জালিয়াতিত জড়িত থকাৰ গুৰুতৰ অভিযোগৰ সন্মুখীন হৈছে । যিয়ে সূচায় যে ভাৰতীয় নিয়ামক পৰিকাঠামোই এনে অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ কৰাত ব্যৰ্থ হৈছে । যদি সঁচা প্ৰমাণিত হয়, তেনেহ'লে গৌতম আদানি আৰু আদানি গ্ৰুপে অবৈধ উপায়েৰে ১০০ বিলিয়ন ডলাৰৰ অধিক সম্পত্তি লাভ কৰাটো নিশ্চিত হ'ব ।

আনহাতে হিণ্ডেনবাৰ্গ প্ৰতিবেদনৰ দাবী মিছা প্ৰমাণিত হ'লেও, আদানি গ্ৰুপে ইতিমধ্যে গুৰুত্বপূৰ্ণ ক্ষতিৰ সন্মুখীন হৈছে । প্ৰতিবেদনখন প্ৰকাশ হোৱাৰ পাছত, গ্ৰুপটোৰ শ্বেয়াৰৰ মূল্য ১৪০ বিলিয়ন ডলাৰ হ্ৰাস পায়, যাৰ ফলত বিনিয়োগকাৰীৰ আত্মবিশ্বাসৰ যথেষ্ট ক্ষতি হয় আৰু হিণ্ডেনবাৰ্গ প্ৰতিবেদন লাভান্বিত হৈছে ।

উচ্চতম ন্যায়ালয়ৰ ভূমিকা (SC role in Adani Hindenburg row) :

আদানি-হিণ্ডেনবাৰ্গ বিতৰ্কক লৈ উচ্চতম ন্যায়ালয়ৰ সন্মুখত বিভিন্ন ধৰণৰ আবেদন দাখিল কৰা হৈছে । আবেদনৰ এটা গ্ৰুপে হিণ্ডেনবাৰ্গ ৰিচাৰ্চয়ে আদানি ষ্টকৰ মূল্য হ্ৰাস কৰি প্ৰৱঞ্চনাৰে লাভ অৰ্জন কৰাৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰিছে । আদানি গ্ৰুপৰ জালিয়াতিৰ সম্ভাৱনা অনুসন্ধান কৰিবলৈ আন এটা গ্ৰুপে এটা বিশেষজ্ঞ সমিতিৰ দ্বাৰা তদন্তও বিচাৰিছে ।

এনে পৰিস্থিতিত, ন্যায়াধীশ অভয় মনোহৰ চাপ্ৰেৰ নেতৃত্বত আৰু কেভি কামাথ আৰু নন্দন নিলেকানিক লৈ গঠিত বিশেষজ্ঞ সমিতিয়ে পৰিস্থিতিটোৰ সামগ্ৰিক মূল্যাঙ্কন প্ৰদান কৰিব । সাম্প্ৰতিক সময়ত বজাৰৰ অস্থিৰতা বৃদ্ধি কৰা প্ৰাসংগিক কাৰণবোৰো তদন্ত কৰিব সমিতিয়ে । বিনিয়োগকাৰীৰ সুৰক্ষা শক্তিশালী কৰিবলৈ আৰু আদানি গ্ৰুপ বা অন্যান্য কোম্পানীৰ দ্বাৰা চিকিউৰিটি বজাৰ আইনৰ কথিত উলংঘনৰ তদন্ত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিব এই সমিতিয়ে ।

ইটিভি ভাৰতৰ সন্মুখত আবেদনকাৰী অধিবক্তা বিশাল তিৱাৰীয়ে কয় যে, উচ্চতম ন্যায়ালয়ৰ মুখ্য লক্ষ্য হৈছে বিনিয়োগকাৰীসকলৰ লোকচান প্ৰতিহত কৰা আৰু বৰ্তমানৰ প্ৰণালী শক্তিশালী কৰা যাতে এনে ধৰণৰ কাৰ্যকলাপৰ পুনৰাবৃত্তি নহয় আৰু বিনিয়োগকাৰীসকলৰ ধন আৰু বিনিয়োগ সুৰক্ষিত হৈ থাকে । সমিতিয়ে বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত তদন্ত কৰিব আৰু বিশ্লেষণ দাঙি ধৰিব ।

আদানি গ্ৰুপত কোনো অনিয়ম আছিল নেকি সেয়াও অনুসন্ধান কৰিব সমিতিয়ে । অন্যান্য ক্ষেত্ৰত সমিতিয়ে সমগ্ৰ শ্বেয়াৰ বজাৰ নিয়ন্ত্ৰণৰ বাবে ছেবিয়ে ব্যৱহাৰ কৰি থকা ব্যৱস্থা আৰু প্ৰক্ৰিয়াৰ ওপৰতো দৃষ্টি ৰাখিব বুলি তেওঁ উল্লেখ কৰিছে ।

চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব'ৰ্ড অফ ইণ্ডিয়াক (Securities and Exchange Board of India) তেওঁলোকৰ তদন্ত অব্যাহত ৰাখিবলৈ আৰু চিকিউৰিটিজ কণ্ট্ৰাক্ট (ৰেগুলেশ্যন) নিয়ম ১৯৫৭ উলংঘন হৈছে নেকি বা ইয়াৰ সৈতে জড়িত পক্ষবোৰৰ সৈতে লেনদেন প্ৰকাশ কৰাত বিফল হৈছে নেকি আদি বিষয়ত তদন্ত কৰিবলৈ কোৱা হৈছে ।

লগতে পঢ়ক :Parliament adjourned: কাৰ্যক্ৰম আৰম্ভ হোৱাৰ কিছু সময়ৰ পাছতে স্থগিত দুয়োখন সদন

ABOUT THE AUTHOR

...view details