অসম

assam

ETV Bharat / bharat

মুকলি হ'ল পবিত্ৰ কেদাৰনাথ ধামৰ দ্বাৰ - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

সোমবাৰে ব্ৰহ্ম ক্ষণত মুকলি হ'ল পবিত্ৰ কেদাৰনাথ ধামৰ দ্বাৰ । ১১ কুইণ্টল ফুলেৰে সজাই তোলা হৈছে মন্দিৰটো । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নামত আগবঢ়োৱা হ'ল মন্দিৰৰ প্ৰথম পূজাভাগ ।

The sacred doors of kedarnath dham have been opened
সোমবাৰে ব্ৰহ্ম ক্ষণত মুকলি হ'ল কেদাৰনাথ ধামৰ পৱিত্ৰ দ্বাৰ

By

Published : May 17, 2021, 11:57 AM IST

নেশ্যনেল ডেস্ক,১৭ মে': ৬ মাহৰ বাবে মুকলি কৰা হৈছে কেদাৰনাথ ধামৰ দ্বাৰ । ৰীতি-নীতি আৰু বৈদিক মন্ত্ৰ উচ্চাৰণেৰে সোমবাৰে পুৱা ৫ বজাত মন্দিৰৰ দুৱাৰ মুকলি কৰা হয় । দুৱাৰ মুকলিৰ শুভক্ষণত ১১ কুইণ্টল ফুলেৰে সুন্দৰকৈ সজাই তোলা হৈছে মন্দিৰটো ।

কেদাৰনাথ ধামৰ দুৱাৰ মুকলিৰ অনুষ্ঠানত জিলা উপায়ুক্ত মনোজ গোয়েল উপস্থিত থাকে । চলিত বৰ্ষতো কৰ'ণা মহামাৰীৰ সংক্ৰমণৰ বাবে চাৰধাম যাত্ৰা স্থগিত কৰাৰ পিছত কেদাৰনাথৰ ধামৰ দুৱাৰ খুলি দিয়া হৈছে । বৰ্তমান কেইগৰাকী তীৰ্থ পুৰোহিতকহে কেদাৰনাথ ধামত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হৈছে । অনুষ্ঠানৰ প্ৰস্তুতিৰ বিষয়ে বুজ ল'বলৈ দেওবাৰে জিলা প্ৰশাসনৰ কেইগৰাকীমান বিষয়া আৰু কৰ্মচাৰী কেদাৰনাথ ধামত উপস্থিত হৈছিল ।

সোমবাৰে ব্ৰহ্ম ক্ষণত মুকলি হ'ল কেদাৰনাথ ধামৰ পৱিত্ৰ দ্বাৰ

ভক্তৰ অবিহনে এতিয়া নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে কেদাৰনাথ ধামত । ঋষিকেশ নিবাসী সৌৰভ কালৰাৰ সহযোগত ১১ কুইণ্টল ফুলেৰে মন্দিৰ সজোৱা হয় । মুখ্যমন্ত্ৰী তীৰথ সিং ৰাৱটে মন্দিৰৰ দুৱাৰ পুনৰ মুকলিৰ বাবে ভক্তসকলক শুভকামনা জনাই আৰু সকলোকে ঘৰত থাকি প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনায় । পৰ্যটন মন্ত্ৰী সতপাল মহাৰাজে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ হৈ জনসাধাৰণৰ কল্যাণৰ বাবে দেৱস্থানম ব’ৰ্ড আৰু মন্দিৰ সমিতিয়ে প্ৰথম পূজা সম্পন্ন কৰিছে ।

দেৱস্থানম ব’ৰ্ডৰ বিষয়া যদুবীৰ পুষ্ৱাণে কয় যে, কেদাৰনাথকে ধৰি সকলো সহায়ক মন্দিৰ সুন্দৰকৈ সজোৱা হৈছে । বিদ্যুৎ আৰু পানী যোগানৰো সু-ব্যৱস্থা কৰা হৈছে । মন্দিৰ কমিটিৰ সংবাদ প্ৰভাৰী ড৹ হৰিশ গৌড়ে জনাইছিল যে, মন্দিৰৰ দুৱাৰ মুকলিৰ পূৰ্বে মন্দিৰ চৌহদ ছেনিটাইজ কৰাৰ লগতে মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব বৰ্তাই ৰখা আৰু থাৰ্মেল স্ক্ৰীনিং বাধ্যতামূলক কৰা হৈছে ।

সোমবাৰে পুৱা ৫ বজাত মন্দিৰৰ দুৱাৰ মুকলি কৰাৰ পিছতেই সৰ্বপ্ৰথমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নামত পূজা আগবঢ়োৱা হয় । গুজৰাটৰ উদ্যোগপতি দীপক ৰাৱটে প্ৰতি বছৰে দীপাৱলী, শাওন মাহ আৰু দুৱাৰ মুকলিৰ সময়ত প্ৰধানমন্ত্ৰী মোডীৰ নামত পূজা আগবঢ়ায় । প্ৰধানমন্ত্ৰী মোডীৰ নামত পূজা আগবঢ়োৱাৰ বাবে মন্দিৰ কমিটিক ৬,৫০০ টকা দিয়া হৈছে । উল্লেখ্য যে, কেদাৰনাথৰ দুৱাৰ মুকলিৰ পূৰ্বে যোৱা ১৩ মে'ত ভৈৰৱনাথৰ পূজা কৰা হৈছিল ।

বাবা কেদাৰৰ বিগ্ৰহ কঢ়িয়াই অনা দোলা ওখীমঠৰ পৰা প্ৰস্থান কৰাৰ পিছত ১৪ মে'ত ফাটাত উপস্থিত হয় । ইয়াৰ পিছত ১৫ মে'ত গৌৰীকুণ্ডত আৰু ১৬ মে'ত কেদাৰনাথ ধাম পায়হি । ইয়াৰ পূৰ্বে ওমকাৰেশ্বৰ মন্দিৰ আৰু ভৈৰৱনাথ মন্দিৰৰ পৰিক্ৰমা কৰাৰ পিছত বাবা কেদাৰৰ বিগ্ৰহ কঢ়িয়াই অনা দোলা কেদাৰনাথলৈ ৰাওনা হৈছিল ।

পৰম্পৰা অনুসৰি দোলাই প্ৰথমে সমাধিক্ষেত্ৰ পৰিক্ৰমা কৰি ওখীমথ-চোপ্তা-গোপেশ্বৰ ঘাইপথত উপস্থিত হয় । প্ৰতি বছৰে শীতকালত অক্টোবৰ আৰু নৱেম্বৰ মাহত কেদাৰনাথকে ধৰি চাৰিধামৰ দুৱাৰ বন্ধ থাকে । তাৰ পিছত পৰৱৰ্তী বছৰৰ এপ্ৰিল অথবা মে’ মাহত ভক্তসকলক দৰ্শনৰ বাবে দুৱাৰ মুকলি কৰা হয় । ১৮ মে'ত পুৱা ৪.১৫ বজাত বৈদিক নীতি-নিয়মেৰে বদ্ৰীনাথ ধামৰ দুৱাৰ মুকলি কৰা হ'ব ।

লগতে পঢ়ক: ক'ভিডত আক্ৰান্ত হৈ মৃত্যু সাংবাদিক অঞ্জন বন্দোপাধ্যায়ৰ

ABOUT THE AUTHOR

...view details