নেশ্যনেল ডেস্ক, 6 মাৰ্চ:ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাবে একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব ত্ৰিপুৰাৰ মানিক সাহাই ৷ 8 মাৰ্চত ত্ৰিপুৰৰ নতুন চৰকাৰে ল’ব শপত ৷ য’ত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ প্ৰধানমন্ত্ৰী উপস্থিত থাকিব লগা শপত গ্ৰহণ অনুষ্ঠানৰ বাবে ইতিমধ্যেই সকলো যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে (Tripura New govt oath taking) ৷
উল্লেখ্য যে, ত্ৰিপুৰাৰ ৰাজনীতিত চমকপ্ৰদ উত্থান ঘটিল মানিক সাহাৰ ৷ পূৰ্বৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে পদত্যাগ কৰাৰ পাচতেই প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হয় মানিক সাহা ৷ বিপ্লৱ দেৱৰ পদত্যাগ বিজেপি আৰু RSS য়ে এক অপমানজনক কাৰ্য হিচাবে সেই সময়ত বিবেচনা কৰিছিল ৷ তাৰ পাচতেই BJP আৰু RSS পচন্দৰ ব্যক্তি হৈ পৰিছিল মানিক সাহা (Raise of Tripura CM Manik Saha) ৷
পেছাত এজন দন্ত শল্য চিকিৎসক মানিক সাহা পূৰ্বে আছিল কংগ্ৰেছ দলত ৷ কিন্তু 2016 চনত মানিক সাহাই যোগদান কৰে গেৰুৱা দলটোত ৷ ইফালে, 2020 চনত মানিক সাহাক ৰাজ্যিক বিজেপিৰ সভাপতি হ’বৰ বাবে ‘মিষ্টাৰ ক্লিন’ (Mr clean Manik Saha) হিচাবে প্ৰক্ষেপ কৰে বিজেপিয়ে ৷ তেতিয়াই মুখ্যমন্ত্ৰী হোৱাৰ পথ প্ৰশস্ত হৈ পৰিছিল মানিক সাহাৰ ৷ বিপ্লৱ দেৱৰ পদত্যাগৰ পাচত 2022 চনৰ 14 মে’ত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হয় মানিক সাহা ৷