অসম

assam

ETV Bharat / bharat

‘উড়ন্ত শিখ’ মিলখা সিঙৰ জীৱনৰ দৌৰ - ভাগ মিলখা ভাগ

কিংবদন্তী ভাৰতীয় দৌৰবিদ মিলখা সিং আৰু নাই ৷ 91 বছৰ বয়সত কৰ’ণাৰ সৈতে যুঁজি অৱশেষত শুকুৰবাৰে নিশা প্ৰাণ হেৰুৱালে দূৰন্ত শিখ গৰাকীয়ে ৷ মিলখা সিঙৰ বিয়োগত ইটিভি ভাৰতৰ তেওঁৰ জীৱন সম্পৰ্কত এইয়া এক চমু আলোকপাত...

the-race-of-milkha-singh-life
উড়ন্ত শিখৰ জীৱনৰ দৌৰ

By

Published : Jun 19, 2021, 9:51 AM IST

নেশ্যনেল ডেস্ক, 19 জুন : ‘উড়ন্ত শিখ’ (Flying Sikh) মিলখা আৰু নাই ৷ বিগত এটা মাহ ধৰি কৰ’ণাৰ সৈতে যুঁজি অৱশেষত শুকুৰবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰিলে উড়ন্ত শিখ মিলখা সিঙে (Milkha Singh) ৷ নিজৰ বিজুলীৰ গতিৰ চমকৰ দ্বাৰা এক দশকতকৈও অধিক সময় ধৰি ট্ৰেক এণ্ড ফিল্ডত আধিপত্য বিস্তাৰ কৰা আটাইতকৈ বিখ্যাত ভাৰতীয় খেলুৱৈ হিচাপে নিজৰ চিনাকি ডাঙি ধৰে মিলখা সিঙে ৷

ভাৰতবৰ্ষৰ দৰে এখন দেশ য’ত এথলেটিকছে অতি সামান্য গুৰুত্ব লাভ কৰিছিল তেনে পৰিস্থিতিত মিলখা সিঙে এক নতুন দিগন্তৰ সূচনা কৰিছিল ৷ বহুতো বাধা প্ৰত্যাহ্বান আৰু স্বত্বেও, মিলখাই ভাৰতীয় ক্ৰীড়াত সফলতাৰে নিজৰ বাবে এক সূকীয়া স্থান দখন কৰিবলৈ সক্ষম হৈছিল ।

১৯২৯ চনৰ ২০ নৱেম্বৰত পাকিস্তানৰ গোবিন্দপুৰাৰ এটা শিখ পৰিয়ালত জন্ম গ্ৰহণ কৰা মিলখাৰ দৌৰ (sprinting)ৰ সৈতে সম্পৰ্ক অতি দুৰ্ভাগ্যজনকভাৱে আৰম্ভ হৈছিল। গোষ্ঠীগত নিষ্কাশনত আৱদ্ধ হৈ পৰা মিলখাই এজন অশ্বাৰোহী তৰোৱালচালক (mounted swordsman)ৰ পৰা নিজৰ জীৱন বচাই প্ৰাণৰ মমতাত দৌৰিব লগা হৈছিল ৷

এটা ঘোঁৰাৰ সমুখত দৌৰি সেইদিনা শিশু মিলখাই নিজৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছিল । ইয়াৰ পিছত স্বাভাৱিকভাৱেই মিলখাই দৌৰবিদ্যা আহৰণ কৰিছিল । হত্যাকাৰীৰ পৰা নিজৰ জীৱন বচাবলৈ আৰম্ভ কৰা এটা খেল পিছলৈ তেওঁৰ জীৱনৰ বাবে অনুপ্ৰেৰণা আৰু সন্মানৰ সবাটোকৈ ডাঙৰ উৎস হৈ পৰিল ।

পাকিস্তানত থকা তেওঁৰ ‘ঘৰ’ৰ পৰা পলায়ন কৰি ভাৰতৰ আশ্ৰয় শিবিৰত থাকিবলৈ লোৱাৰ পিছত, বহুতো দুষ্কাৰ্যৰ সৈতে জড়িত হৈ পৰিছিল মিলখা । কিন্তু যেতিয়া এই তেজাল যুৱকজনে ভাৰতীয় সেনা(Indian army)ত নাম ভৰ্তি কৰাৰ সুযোগ লাভ কৰে তেওঁৰ জীৱনে উন্নতিৰ পথত এক ইউ-টাৰ্ণ লৈছিল ।

ছিকান্দাৰাবাদ কেণ্টনমেণ্ট ট্ৰেকত দৌৰি থকা অৱস্থাত তেওঁ নিজকে এজন দৌৰবিদ হিচাপে প্ৰস্তুত কৰে । পৰৱৰ্তী সময়ত মিলখা সিঙে আৰু পিছলৈ ঘূৰি চোৱাৰ প্ৰয়োজন হোৱা নাছিল । ভাৰতীয় সেনাবাহিনীৰ অনুশাসন আৰু আহাৰ গ্ৰহণ, কঠোৰ প্ৰশিক্ষণে তেওঁক তীক্ষ্ণ আৰু সুস্থ কৰি তুলিছিল ৷ সোনকালেই তেওঁ ফাৰ্ষ্টক্লাছ প্ৰতিযোগিতা সমূহত এটাৰ পিছত এটা পদক দখল কৰি একক ক্ৰীড়াৰ দিশত নিজকে ভাৰতৰ আটাইতকৈ প্ৰখ্যাত তাৰকা হিচাপে প্ৰতিষ্ঠা কৰিছিল ৷

১৯৬০ চনৰ ৰোম অলিম্পিকৰ সময়ত, 'দ্য ফ্লাইং বাৰ্ড অফ এছিয়া’ (the flying bird of asia) ৰূপে জনাজাত ১০০ মিটাৰত দুবাৰ এছিয়াডৰ স্বৰ্ণ পদক বিজয়ী আব্দুল খালিকক পৰাস্ত কৰাৰ পিছতেই মিলখাই তদানীন্তন পাকিস্তানৰ সেনাধ্যক্ষ আয়ুব খানৰ পৰা 'ফ্লাইং শিখ’ (flying sikh) নাম অৰ্জন কৰিছিল ।

ৰোম গেমছত, 400 মিটাৰৰ দৌৰত দৌৰি মিলখাই অলিম্পিক পদক (olympic medal ) লাভ কৰাৰ পৰা মাত্ৰ এখোপ দূৰত অৱস্থান কৰিছিল , তেওঁৰ প্ৰতিদ্বন্দী সকল তেওঁৰ পৰা পিছ পৰি থকাৰ সময়ত তেওঁ আধাপথ অতিক্ৰম কৰি আগবাঢ়ি আছিল ৷ অৱশ্যে, সেই সময়ত কিছু সহজ হোৱাৰ বাবে তেওঁ লোৱা সিদ্ধান্তৰ বাবেই আনসকলে তেওঁক অতিক্ৰম কৰিবলৈ সক্ষম হৈছিল, আৰু বহু আকাংক্ষিত অলিম্পিক স্বৰ্ণ পদক তেওঁৰ হাতৰ পৰা গুচি যোৱাৰ পিছত মিলখা চতুৰ্থ স্থানতে সন্তুষ্ট হ’ব লগীয়া হৈছিল ৷

এনেদৰেই এটা সোণালী সুযোগ ধ্বংস হোৱাৰ পিছত মিলখা বা তেওঁৰ উত্তৰাধিকাৰীসকলে আজি পৰ্যন্ত দুনাই কেতিয়াও সেই সুযোগ লাভ কৰিব নোৱাৰিলে। অৱশ্যে, ট্ৰেক এণ্ড ফিল্ড(track and field)ত তেওঁ লাভ কৰা চতুৰ্থ স্থান আজিও অলিম্পিকত ভাৰতৰ বাবে শ্ৰেষ্ঠতম স্থান ।

যদিও অলিম্পিক পদক লাভত ব্যৰ্থ হৈছিল, মিলখা সিং সদায় ভাৰতৰ সবাতকৈ সন্মানীয় ট্ৰেক আইকন আছিল । দৌৰ বাদ দিয়াৰ বহু বছৰ পিছত সিঙে তেওঁৰ আত্মজীৱনী 'দ্যা ৰেছ অৱ মাই লাইফ(The Race of My Life)' শীৰ্ষক লিখি উলিয়াই কন্যা ছোনিয়া চানৱালকাৰ সহায়ত 28 জুলাই 2013 তাৰিখে মুক্তি দিয়ে ৷ কিতাপখনক আধাৰ হিচাপে লৈ পিছলৈ ৰূপালী পৰ্দাত তেওঁৰ বায়’পিক 'ভাগ মিলখা ভাগ(Bhag Milkha bhag)' নামৰ ছবিখনে মুক্তি লাভ কৰে ৷ জনপ্ৰিয় অভিনেতা ফাৰহান আখতাৰে(Farhan Akhtar) ছবিখনত মিলখা সিঙৰ চৰিত্ৰত অভিনয় কৰে ।

লগতে পঢ়ক :মোদীৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ: দিল্লীলৈ উৰিল সোণোৱাল

ABOUT THE AUTHOR

...view details